উপকূল
উপকূল
আকাশ দীপ্ত ঠাকুৰ
অসমীয়া মাহেকীয়া আলোচনী 'স্বৰ্ণলিপি'ত ধাৰাবাহিক ৰূপে প্ৰকাশ পোৱা 'উপকূল ' নামৰ সামাজিক উপন্যাসখনত প্ৰধানতঃ ভাস্বত হৈ উঠিছে ৰক্ষণশীল সমাজ ব্যৱস্থাৰ এখনি জীৱন্ত প্ৰতিচ্ছবি।
পিতৃগৃহত মণিমালাৰ জীৱন,সমীৰণ মণিমালাৰ প্ৰেম
,মণিমালাৰ প্ৰশান্তৰ সৈতে বিবাহ, মণিমালাৰ বৈধৱ্য জীৱন আৰু শেৱালিৰ জীৱন পৰিক্ৰমা,মণিমালাৰ গুৱাহাটী আগমণ , সমীৰণৰ লগত সাক্ষাৎ আৰু শেষত মণিমালা-সমীৰণৰ বিবাহৰ কাহিনীৰে উপন্যাসখনৰ যতি পৰে।
মণিমালা,শেৱালি,ইন্দ্ৰ মৌজাদাৰ, অৰুণী, পাৰ্থ, বাখৰী, এধানী, সমীৰণ, অমিয়, পৱিত্ৰ, বুবুল, হেমাংগ, মালতী, লিলি, সৌৰভ, শিখা, দেৱাহুতি ইত্যাদি উপন্যাসখনৰ কেতবোৰ চৰিত্ৰ।উপন্যাসখনত মণিমালা আৰু শেৱালি এই দুটি চৰিত্ৰক ঔপন্যাসিক গৰাকীয়ে শক্তিশালীৰূপত অংকন কৰিছে।ভোগদৈ নৈৰ পাৰৰ পৰা ইন্দ্ৰ মৌজাদাৰৰ মৰমৰ দুহিতা মণিমালা ধনশিৰিৰ পাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক অমিয়ধৰ ভট্টাচাৰ্যৰ ঘৰৰ বোৱাৰী হৈ আহে।কিন্তু বিয়াৰ কিছু দিনৰ পিছতেই মণিমালাৰ স্বামী প্ৰশান্তৰ মৃত্যু হয়।মণিমালাৰ জাক আছিল শেৱালি।বিয়াৰ বহু বছৰৰ পিছতো শেৱালিৰ কোলা শুৱনি হোৱা নাছিল।মণিমালাই সৰুৰেপৰাই সংগীতৰ চৰ্চা অব্যাহত ৰাখিছিল আৰু সেই সাধনাৰ পৰিণতি স্বৰূপেই প্ৰশান্তৰ বন্ধু হেমাংগৰ প্ৰচেষ্টাত হেমাংগৰ চিনেমাত গীত গোৱাৰ সুযোগ লাভ কৰে ।তাতেই মণিমালাৰ পূৰ্বৰ প্ৰেমিক সমীৰণৰ সৈতে সাক্ষাৎ হয়।জাত-পাত,সামাজিক ৰক্ষণশীলতাৰ হেতু মণিমালা আৰু সমীৰণৰ প্রেম এসময়ত অসফল হৈ ৰৈছিল।কিন্তু শেষত তেওঁলোৰ প্ৰেমে সকলো বাধা নেওচি পূৰ্ণতা লাভ কৰে।☘️সুবিশাল মহাসমুদ্ৰৰো থাকে পৰিসীমা । নোৱাৰে ৰুধিব এই মনৰ গতি কৈনো সামাজিক শৃংখলে, যেতিয়ালৈকে সেই নিয়ন্ত্ৰণৰ বাঘজৰীডাল থাকে নিজৰেই মুঠিত । যুগে যুগে পৰিৱৰ্তন হোৱা সামাজিক পটভূমিয়ে লিখি থৈ যায় ক'ত প্ৰকাশিত বেদনা, কিছু অকথিত ইতিহাস ... ।
☘️"গান ... কেৱল গান । গানৰ মাজেদিয়েই যদি জীৱনটো পাৰ কৰিবলৈ তাই সুবিধা এটা পালে হেঁতেন । এই যে দেউতাকৰ ৰেডিঅ'টো ... তেখেতে মন গ'লেই যে সেইটো লগাই লয়; কেতিয়াবা সিহঁতৰ ৰুচি অনুযায়ী শুনিবলৈকো তেখেতে সুবিধা এটা কৰি দিয়ে ---- তাইৰ জীৱনটোও সেই ৰেডিঅ'টোৰ দৰেই নেকি বাৰু । এজনেই মাথোঁ নিয়ন্ত্ৰণ কৰি ৰাখিব, যেতিয়া তেওঁৰ মন যাব তাই হয়তো হৈ পৰিব মনোৰঞ্জনৰ সামগ্ৰী । আৰু বাকী সময়ত কোঠাটো শুৱাই ৰখা এবিধ যন্ত্ৰ ।
☘️মণিমালাই অনুভৱ কৰিছিল তেওঁৰ বুকুৰ শূন্যতাখিনি । সকলো থাকিও একো নাই তেওঁ এনেকৈ কৰুণ হৈ পৰিছে ... । পুত্ৰজ্ঞান কৰা দেওৰেকৰ বিয়াখনলৈ চাগৈ কিমান হেঁপাহ আছিল মানুহজনীৰ । তাতো চাগৈ সমাজে বাঁজী বুলি আঁতৰালে । এতিয়াও সেয়া বংশ-পৰিয়ালৰ সকাম-নিকামলৈ গৈ মনৰ হেঁপাহেৰে লাগি-মেলি দিবলৈ সুবিধা এটা নাপায় । আনতকৈ দেৰিকৈ যাব লগীয়া হয় । বাঁজী তিৰোতা পুৱাতে ওলালে বা কোনখন মুখেৰে ওলোৱা কি বাক্য হজম কৰিবলগীয়া হয় ।
☘️শেৱালিৰ চকুহাল সেমেকি আহিছিল । শৰীৰত প্ৰাণ থকাৰো উমান নিদিয়াকৈ তাই চকুহাল মুদি দিছিল । মনলৈ আহিছিল মহীষমৰ্দিনী দেৱী দূৰ্গাৰ শান্ত সৌম্য এটা ৰূপ ---- ' মই যি কৰিলোঁ , যদি সেয়া পাপ , তেন্তে সেই পাপৰ বিনিময়ত ইমান অনাবিল আনন্দ ঘৰখনলৈ কেনেকৈ আহিল মা । সকলো পাপ হ'লেও মোৰ শৰীৰৰ এই সম্ভাৱনা পাপ নহয় । মোৰ স্বামী --- জীৱনে-মৰণে যি মোৰ আৰাধ্য দেৱতা ... তেওঁৰ বাবে মই কৰা এই পাপৰ ইমান মূল্য কিয়... !'
☘️দেৱাহুতিয়ে আৰু জানিবলগীয়া কথা একো নাথাকিল । যিবোৰ কথা তাই কাগজে-কলমে আঁক-বাক কৰি লগতে লৈ যাম বুলি মনতে ভাবি আছিল, সেই কথাবোৰেই যে দুয়ো কাণেদি সোমাই হৃদয়ত আঁচোৰ বহুৱাই থৈ এনেকৈ মগজুত সঞ্চিত হৈ ৰ'বগৈ, সিমানখিনিলৈকে হয়তো তায়ো ভাবিব পৰা নাছিল ।
Comments
Post a Comment