Posts

Showing posts from February, 2025

মনৰ বাতৰি-৩১

Image
জীৱন ধুনীয়া বুলি সোঁৱৰাই থাকিবলৈকে🌻 @I dream to be an IAS Officer. ~Devesh Sharma @I give 5 stars to your class.I love Cricket.Thank You. ~Nityaranjan Saikia @I aspired to become a travel vlogger. It was nice attending your class, Ma'am. Goodbye, until we meet again. ~Abinash Tanti @ভাল লাগিল আপোনাক লগ পাই।আশাকৰোঁ, আকৌ আপুনি আমাৰ ক্লাছলৈ আহিব। ~Munindra Das @I try to be a good human being. ~Saurav Upadhay @I dream of traveling all over the world. ~Kritartha Goswami

মনৰ বাতৰি-৩০

Image
নমস্কাৰ, মোৰ নাম মিতালী শইকীয়া।মই শিক্ষাতত্ব বিভাগৰ এগৰাকী ছাত্ৰী।আজি আপোনাৰ প্ৰথম ক্লাছ কৰি ভাল লাগিল।হাঁহি-ধেমালিৰ মাজেৰে ক্লাছটো আগবঢ়াই নিয়াৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ।মই ধেমাজিৰ জীয়ৰী,বৰ্তমান এতিয়া গোলাঘাটত বহুতো আশা লৈ পঢ়িবলৈ আহিছোঁ।আশাকৰোঁ আপোনাৰ ক্লাছ পাছত যেন কেতিয়াবা আকৌ কৰিবলৈ পাম। অৱশেষত আৰু বিশেষ একো নকওঁ,আপোনাক লগ পাই ভাল লাগিল। ধন্যবাদ আপোনাৰ ছাত্ৰী  মিতালী শইকীয়া

মনৰ বাতৰি-২৯

Image
নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনুশিখা ভূমিজ।মই দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ এগৰাকী ছাত্ৰী।আজি আপোনাক লগ পাই বহুত ভাল লাগিল।বহুত বহুত ধন্যবাদ।

মনৰ বাতৰি-২৮

Image
 

মনৰ বাতৰি-২৭

Image
 

মনৰ বাতৰি-২৬

Image
এই যে কিছুমান মানুহক হঠাৎ লগ পাওঁ, ভাল লাগে,তাৰে উদাহৰণ-আপুনি।সদায় ভালে থাকক,সকলোকে ভালে ৰাখক। ~স্মৃতিৰেখা নেওগ Department Of Education

মনৰ বাতৰি-২৫

Image
নিজে কি বিচাৰোঁ বুলি ক'বলৈ  গ'লে আমাৰ মনটোৱে বহুত কিবা কিবি বিচাৰে।প্ৰথম,মোৰ ঘৰৰ মানুহখিনি সদায় আজিৰ নিচিনাকৈয়ে থাকক,মোৰ লগত থাকক,এইটোৱেই বিচাৰোঁ মোৰ জীৱনত। তাৰপৰা মোৰ নিজৰ  বহুত কিবা কিবি কৰিবলৈ মন আছিল,কিছুমান কাৰণত নোৱাৰিলোঁ কিন্তু যিমানখিনি পাইছোঁ মই বহুত সন্তুষ্ট।ক'বলৈ গ'লে যি লাগে বুলি কৈছোঁ, তাকে পাইছোঁ জীৱনত। এতিয়া ১৯ বছৰ হ'ল।ভাবিলে ভয় লাগে, দিনবোৰ গৈ আছে।কিন্তু মই  নিজৰ পৰিয়াল আৰু নিজৰ কাৰণে কিবা এটা কৰিব বিচাৰোঁ।Thank You Ma'am,লিখিবলৈ দিয়াৰ বাবে।আপোনাৰ নিচিনা ইমান Free Ma'am মই জীৱনত পোৱা নাই।আপোনাৰ লগত কথা পাতিলে বা আপুনি কথা ক'লে লগৰ নিচিনা অনুভৱ হয়।সকলোৱে বিচাৰে আমাৰ এটা 'Perfect Life' হওঁক।মইও বিচাৰোঁ।কিন্তু সেইবোৰ আঁতৰৰ পৰাহে ভাল লাগে।সকলোৰে জীৱনত সমস্যা থাকিবই।সৰুৰে পৰা কেতিয়া কেনেকৈ সময় গৈছে গমেই পোৱা নাই।সৰুতে আমি ইটো কৰিম,সিটো কৰিম বুলিয়ে দিনবোৰ গৈ আছে।এতিয়া কিবা এটা কৰি মা হঁতক গৌৰৱ অনুভৱ কৰাব বিচাৰোঁ। প্ৰতীক্ষা

মনৰ বাতৰি-২৪

Image
পোনপ্ৰথমে আপোনাক শ্ৰদ্ধা জনাইছোঁ বাইদেউ।প্ৰথমবাৰৰ বাবে আপোনাক আজি লগ পাইছোঁ যদিও প্ৰথম আপোনাক দেখিয়েই আপোনাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছোঁ।আৰু দ্বিতীয় দিন আপোনাক আকৌ কেতিয়া লগ পাম সেইয়া ক'ব নোৱাৰোঁ কিন্তু আজি প্ৰথম আপোনাক লগ পাই মই বহুত সুখী।মোৰ নাম খৰ্গাজ্যোতি বৰা।মই ৰাজনীতি বিজ্ঞান বিভাগৰ চতুৰ্থ ষান্মাসিকৰ এগৰাকী ছাত্ৰী।আপোনাক ব্যক্তিগতভাৱে লগ পোৱাৰ আশাৰে ৰৈ থাকিম কাৰণ আপোনাৰ পৰা জানিবলগীয়া ঢেৰ কথা আছে। আপোনাক আকৌ লগ পোৱাৰ আশাৰে।

মনৰ বাতৰি-২৩

Image
বেলি উদয় হ'লে অস্ত যাবই  পোহৰ হ'লে আন্ধাৰ হ'বই, মেঘে গৰজিলে বৰষুণ দিবই ঠিক সেইদৰে মানুহ হিচাপে জন্ম ল'লে সুখ দুখ পাৰ কৰিবই লাগিব। নমস্কাৰ,মোৰ নাম শ্ৰীমতী জ্যোতিকা মহন।মই ৰাজনীতি বিজ্ঞান বিভাগৰ চতুৰ্থ ষান্মাসিকৰ এগৰাকী ছাত্ৰী।মনৰ ভাৱ প্ৰকাশ কৰিবলৈ হ'লে মোৰ চাগে লিখি শেষেই নহ'ব।তথাপিও অলপমান আপোনাক জনাবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। মই আজিলৈকে এনেকৈ ক'তো নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি পোৱাই নাই,আজি প্ৰথম।য'ত নেকি,আপুনি এই সুযোগ দিয়াৰ বাবে ক'বলৈ সুবিধাকণ পালোঁ।আপোনাক এই সময়খিনিত লগ পাই বহুত ভাল লাগিল।আপোনাৰ ক্ষন্তেকীয়া বাখ্যাই বহু কথাই শিকাই গ'ল।আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ এই সুযোগ দিয়াৰ বাবে। আপুনি ঠিকেই কৈছে-সম্পৰ্কবোৰ চাগে এনেকৈয়ে গঢ় লৈ উঠে।আপুনি কোৱা কথাবোৰ আৰু আপুনি দিয়া সুযোগবোৰ মোৰ জীৱনৰ বাবে এটা ডাঙৰ উপহাৰ হৈ ৰ'ব।জীৱনৰ বাটত আপোনাক আকৌ লগ পাম বুলি মনতে এটি আশা পুহি ৰাখিলোঁ।ধন্যবাদ আপোনালৈ।

মনৰ বাতৰি-২২

Image
  শ্ৰদ্ধাৰ আৰু মৰমৰ বাইদেউ আপোনাক খুব কম সময়ৰ বাবে লগ পালোঁ যদিও খুবেই ভাল লাগিল।বিশেষকৈ ভাল লাগিল আপুনি আমাক চিৰজীৱনৰ বাবে মনত ৰখাৰ প্ৰতিশ্ৰুতিৰ বাবে।আপোনাক বহুত বহুত ধন্যবাদ,আমাৰ মহাবিদ্যালয়লৈ অহাৰ বাবে।আমাৰ ফালৰ,বিশেষকৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আপোনালৈ।আশাকৰোঁ আপোনাৰ সপোনবোৰ পূৰ হওঁক আৰু সুখী হওঁক।আজি আপোনাক মৰমৰ বাদে একো দিব নোৱাৰোঁ, গতিকে আপোনালৈ বুলি মৰমেৰে কেইশাৰীমান- জীৱনৰ কোনো ভৰসা নাই;আজি আছোঁ কাইলৈ নাই।জীৱন যাত্ৰাৰ সকলো বেলেগ বেলেগ পথৰ যাত্ৰী;তথাপি আজি 18/02/2025 দিনটোত মোৰ বাবে আপুনি এগৰাকী স্মৰণীয় ব্যক্তি। হঠাৎ লগ হোৱাৰ বাবে বিশেষ একো দিব নোৱাৰিলোঁ;মাথোঁ এখিলা কাগজৰ যোগেদি এগালমান মৰম দি পঠালোঁ।মৰমবোৰ সযতনে ৰাখিব;মনৰ কোনোবা কোণত আশাকৰোঁ মোকো সামৰি থ'ব। ক'বলৈ বহু বাকী থাকিল।আশাকৰোঁ আকৌ লগ হ'ম। ইতি আপোনাৰ মৰমৰ এগৰাকী অচিনাকি ছাত্ৰী ৰিম্পী গগৈ,শিক্ষাতত্ত্ব বিভাগ

মনৰ বাতৰি-২১

Image
পোনপ্ৰথমে আপোনালৈ শ্ৰদ্ধা নিবেদিছোঁ আৰু আমাৰ মহাবিদ্যালয়লৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।আপোনাৰ বক্তব্যই জীৱনক এক নতুন দৃষ্টিকোণেৰে  চোৱাত সহায় কৰিলে।সঁচাই সময় কম হ'লেও কিছুমান ব্যক্তিয়ে জীৱনত আনিব পাৰে গভীৰ সংযোগ,য'ত থাকিব পাৰে সমগ্ৰ জীৱনৰ বাবে আন এক অনুভৱ।যি হৈ পৰে অতি বিশেষ।শেষত ইয়াকে ক'ম ভাল লাগিল আপোনাক লগ পাই। ~শিখা তেলী দ্বিতীয় ষান্মাসিক, ৰাজনীতি বিজ্ঞান বিভাগ

আশাফুল

১.আচলতে মেমৰ লগত আচৰিত ধৰণে খুব অকস্মাতে চিনাকি ২০২৩ চনতে সম্ভৱ। কিন্তু এনেকৈ লগ পাই যাম বুলি ভবা নাছিলোঁ, তাৰ পাছত তৰুণ ছাৰ সেই একেখন কলেজৰে হ'ল। সকলো আকস্মিক। কি কম ভাষা নাই । । মোৰ যে কালি খুব কম কথা পতা হ'ল ইমান বেয়া লাগিছে।তোমালোকে ভালকৈ থাকিবা দেই ।মেম এখন ফৰকাল আকাশৰ দৰে, তেওঁলৈ চালে সকলোৱে মন ফৰকাল হৈ যায় ্ । ২.আন্তৰিক ধন্যবাদ। আপোনাৰ কামৰ তুলনাত মোৰ এয়া তেনেই নগণ্য। মন ভৰি আছে এতিয়াও আপোনাৰ সান্নিধ্যৰে।একেলগে ইমান ক্ষেত্রত দখল আপোনাৰ । আচৰিত....! বহু দূৰ আগুৱাব আপুনি, মোৰ দৃঢ় বিশ্বাস। এদিন সকলোৱে আপোনাক চিনিব।

মনৰ বাতৰি-২০

Image
জোনাকী পৰুৱা হৈ আন্ধাৰক পোহৰাই তুলিলা তুমি অচিনাকি হৈও আপোন হৈ পৰিলা। তোমাক শ্ৰদ্ধা,তোমাক সেৱা। পুনৰ লগ পোৱাৰ আশাৰে আজি দিলোঁ বিদায়...। আপোনাক লগ পাই,আপোনাৰ কথা শুনি আপোনাক আপোন যেন লাগিল।অশেষ ধন্যবাদ, ইমান মূল্যৱান সময় আমাক দিয়াৰ বাবে।

মনৰ বাতৰি-১৯

Image
A good education Can change anyone.. A good teacher Can change Everything Better than a thousand days of diligent study is one day with a great teacher...♥️ Dear Ma'am, You are really, really a gem of a person,the way you talk,the way you motivate was so great Ma'am and also we have learned many things from you within a 20 minutes.It will remain as a memorable day in our life in MMM College. Truely I Want to say that..The teacher my heart is searching for-is you Ma'am.I have Seen the gentleness,greatness,kindness,friendliness in you Ma'am.  THANKYOU FOR VISITING OUR COLLEGE Sending Lot's of Love from Moran Mahila  Mahavidyalaya Dimpy Mili Department of English  

মনৰ বাতৰি-১৮

Image
বাইদেউ আপোনাক প্রথম দেখিয়ে আপানাৰ প্ৰতি এক আকৰ্ষণ অনুভৱ কৰিছো। পোনপ্রথমে আপোনাক বহুত বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছো। মোৰ নাম শ্রীমতী ভায়লীনা কোঁৱৰ।মই ৰাজনীতি বিজ্ঞান বিভাগৰ চতুর্থ ষান্মাসিকৰ ছাত্ৰী। আজিৰ দিনটো মোৰ বাবে এক শুভ দিন বুলি মই অনুভৱ কৰিছোঁ।কাৰণ খুব কম সময়ৰ বাবে হ'লেও আপুনি আমাৰ সম্মুখত যি বক্তব্য আগবঢ়ালে সেইয়া শুনি সঁচাকৈয়ে বহুত আকৰ্ষিত হ'লো।জীৱনত পুনৰবাৰ আপোনাক লগ পোৱাৰ আশাৰে.... ধন্যবাদ

মনৰ বাতৰি-১৭

Image
আমাৰ খুব অকস্মাতে চিনাকি আৰু তাৰ পাছত যি এই সুহৃদয় সম্পৰ্ক ইমান খিনি পাচতো কালি হঠাতে লগ পাম বুলি কোন কাহানিও ভবা নাছিলোঁ ।কিন্তু কালি দিনটো ভাললগা দিন ,স্মৰণীয় দিন বুলিয়ে ক'ম, কিয়নো খুব কম সময়ৰ বাবে হ'লেও আপোনাক কাষতে পালোঁ।  ইমান ফৰকাল মনৰ মানুহ আপুনি, মই এনে মানুহৰ সংগই বিচাৰি আছিলোঁ, যিয়ে মানুহৰ মনৰ খবৰ ৰাখে, বিচলিত হ'লে হাত এখন আগবঢ়াই দিয়ে।  ফাগুনৰ দিনত আহি আপুনি ভাললগা এমুঠি সিঁচি গ'ল। ♥️আৰু সকলোৰে লগত চিনাকি হ'বলৈ থাকিল যদিও সকলোকে ভাল লাগিল।লগতে আপোনাৰ লগত অকলশৰীয়াকৈ এটা দিন কটাবলৈ কিন্তু মোৰ বহুতো মন গৈছে ।মানুহে মানুহ বিচাৰে, মনৰ মানুহ সেইকাৰণেই নেকি অচিনকৈ হ'লেও ইমান ভাল সংযোগ গঢ়ি উঠিছিল।  ভাললগাবোৰ বিয়পাবলৈ ভালে থাকক বা ♥️ । ~সন্ধ্যা গগৈ

মনৰ বাতৰি-১৬

Image
হাততে গুজি দিয়া এখন কাগজ আৰু এখিনি মায়াসনা কথা। এইখিনিৰ বাবেই সানন্দৰে জীয়াই থাকিব পাৰি। মানুহ আহিব, যাব। কিন্তু কামবোৰ, এই অনুভৱবোৰ কেঁচা চন্দনৰ সুবাসৰ দৰে ৰৈ বৈ যাব

মনৰ বাতৰি-১৫

Image
জীৱনটো একপ্ৰকাৰৰ এখন ৰঙীন ছবিৰ দৰে।তাক সুন্দৰকৈ সজাব পাৰিলে দেখিবলৈ ভাল হয়।ঠিক সেইদৰে জীৱনটো নিজৰ,সেই জীৱনটো ভালকৈ উপস্থাপন কৰিলে সুন্দৰ হয়।আমাৰ নিজৰ জীৱনটোতকৈ আনৰ জীৱনটো বেছি ভাল যেন লাগে।সকলোৱে নিজক প্ৰথমে ভাল পাব লাগে তেতিয়া জীৱনটো সুন্দৰ হয়।মই মোৰ জীৱনটোক খুবেই ভালপাওঁ।এই জীৱনটোক ভালদৰে সজাই ৰঙীন কৰিব বিচাৰোঁ।সমাজৰ দহজনে যাতে ভাল বুলি কয়, মই তেনেদৰে প্ৰতিষ্ঠিত হ'ব বিচাৰোঁ। ~Dridismita Kalita

মনৰ বাতৰি-১৪

Image
নমস্কাৰ, মোৰ নাম শ্রীমতী মৃদুলা চুতীয়া। মই দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ চতুর্থ ষান্মাসিকৰ শিক্ষাতত্ত্ব বিভাগৰ এগৰাকী ছাত্রী। এই মহাবিদ্যালয়ত যিটো দিনত ভৰি দিছিলো সেই দিনাই মই মনতে দৃঢ় প্ৰতিজ্ঞা গ্রহণ কৰিছিলো যাতে জীৱনটো এক উজ্জ্বলতাৰে উজ্জ্বলাই তুলিব পাৰোঁ। সৰুৰে পৰাই মোৰ কেৱল এটাই আশা-এগৰাকী শিক্ষয়ত্রী হোৱাৰ। মে'ম,আপোনাক আজি প্ৰথম লগ পাইছোঁ কিন্তু লগ পাই এনেকুৱা লাগিছে যেন আপুনি নিজৰ বাৰ দৰে মৰমিয়াল আৰু সহজ সৰল।আপোনাক লগ পাই বহুত ভাল লাগিল। Minor class সদায় আপুনি কৰিলেও বেয়া নাপাওঁ ।এনেকুৱা লাগিছে যেন সদায় আপোনাৰ class টো পোৱা হ'লে...।

মনৰ বাতৰি-১৩

Image
সুপ্ৰভাত বাইদেউ,অচিনাকি যদিও চিনাকি আপুনি প্ৰথমেই আপোনাক বহুত বেছি ধন্যবাদ ক্লাছৰ প্ৰথমটো দিন হাঁহিৰ খোৰাকেৰে সকলোৰে মনবোৰ ভৰাই তোলাৰ বাবে।লগতে ক'ম যে আপোনাৰ কথাবোৰ আৰু আপুনি বহুত মৰমলগা। আপুনি সোধাৰ দৰে মোৰ জীৱনৰ লক্ষ্য আপোনাৰ দৰেই এজনী বাইদেউ হোৱা।নাজানো লক্ষ্যত উপনীত হ'ব পাৰিম নে নাই কিন্তু যত্ন সদায়েই কৰি যাম।(পিছে আপোনাৰ নামটো জনাৰহে প্ৰৱল ইচ্ছা) ~দিপাঞ্জলী দত্ত অসমীয়া বিভাগ

যি হয় ভালৰ কাৰণেই হয়

যি হয় ভালৰ কাৰণেই হয় "সোণৰ পাহাৰ হেৰাই গ'লেও বিতত নহ'বা।গৈ থাকিবা,এদিন হীৰাৰ পাহাৰ পাবাগৈ।" সময়ৰ প্ৰতিটো পাৰঘাটে মানুহক ঋদ্ধ কৰে।জীৱনত এখিনি  সময় আহে য'ত মানুহ বিভিন্ন ধৰণেৰে ভাঙি পৰে, আকৌ নিজক নিচুকাই, বুজাই-বঢ়াই নিজকে জোৰা দিয়ে।অৱশ্যে,বয়স অনুসৰি ইয়াৰ কাৰণ সমূহ ভিন্ন হয়।হঠাৎ সময়বোৰ সলনি হৈ যায়।সেই সময়ত এনে অনুভৱ হয় যেন-সকলো অসাৰ।কেৱল সফলতাৰ কথাবোৰতেই অভ্যস্ত আমিবোৰে বিফলতাৰ শক্তিক অনুধাৱন কৰিব নোৱাৰি,যাত্ৰাপথত কিছু আশানুৰূপ ফল লাভ কৰিব নোৱাৰিলেই নিজৰ মাজতে থকা পোহৰমুখী হাজাৰটা সম্ভাৱনাক আমি প্ৰশ্ন কৰোঁ।যাত্ৰাপথত লাভ কৰা কোনো অভিজ্ঞতাই দৰাচলতে পেলনীয়া নহয়,বৰঞ্চ সেইসমূহ সত্য অন্বেষণৰ পথবোৰৰ মাজৰেই এটা পথ।আমি আগবঢ়োৱা প্ৰতিটো খোজৰে মহত্ব আছে,নিজা অৰ্থ আছে,নিজাকৈ এখিনি পোহৰ আছে।প্ৰতিটো খোজৰে শব্দ হ'ব লাগিব বুলিও কোনো কথা নাই।কোনো বিফলতা জীৱনতকৈ ডাঙৰ হ'ব নোৱাৰে,জীৱনৰ ৰং নোহোৱা কৰিব নোৱাৰে। যেতিয়া জীৱন আমাৰ ইচ্ছা অনুসৰি নচলে ,তেতিয়া আমি কি কৰা উচিত?জীৱনত সদায় ভাল-বেয়া দুয়োটাই থাকিব,সেইয়াই জীৱনৰ প্ৰকৃতি।কিন্তু আমি এই সত্যক প্ৰত্যাহ্বান জনাই ভাবোঁ যে-জীৱনক আমি নিয়...

আশীৰ্বাদৰ ৰং♥️

১.নমস্কাৰ বাইদেউ, নমস্কাৰ গ্ৰহণ কৰিব। নিয়মীয়া বাৰ্তাৰ দেওবৰীয়া বিচিত্ৰাত আপোনাৰ প্ৰবন্ধ " জীৱনৰ উপহাৰবোৰ গ্ৰহণ কৰোঁ আহক" পঢ়িলোঁ, পঢ়ি বৰ ভাল লাগিল। সঁচাকৈ আপুনি ঠিকে কৈছে, কৃতজ্ঞতা জীৱনৰ আভূষণ, কৃতজ্ঞতাই সদায় পোহৰৰ বাট এটাৰ কথাই কয়।সহজ ভাষাত ক'বলৈ গ'লে, কৃতজ্ঞতা এটা অভ্যাস। কৃতজ্ঞতাই জীৱনক পূর্ণতা প্রদান কৰে। ২.নমস্কাৰ বাইদেউ, নমস্কাৰ গ্ৰহণ কৰিব। যোৱা ২৫ আগষ্ট, ২০২৪ বৰ্ষৰ নিয়মীয়া বাৰ্তাৰ দেওবৰীয়া বিচিত্ৰাত আপোনাৰ প্ৰবন্ধ ' সৃজনীশীলতা অৰ্থপূৰ্ণ জীৱনৰ মহৌষধ' আজি আকৌ পঢ়িলোঁ, পঢ়ি বৰ ভাল লাগিল কাৰণ আজি দুই তিনি দিন ধৰি মনটো বৰ বেয়া লাগি আছিল।ভাল ভাল প্রবন্ধবোৰ পেপাৰ কাটিং কৰি ফাইলত ৰাখো, তাত বিচাৰি আপোনাৰ প্ৰবন্ধটোয়ে হাতত ল'লো।সঁচাকৈয়ে বহুত প্ৰেৰণা, সাহস আৰু উৎসাহ পালোঁ।আপুনি ঠিকে কৈছে, 'সপোন আৰু সৃজনীশীলতাই মানুহক জীবনমুখী কৰে। 'সপোন আৰু সৃজনীশীলতাই জীৱনটো অৰ্থপূর্ণ কৰি তোলে। সপোন আৰু সৃজনীশীলতাৰ বোকোচাত উঠি মানুহ বহু দূৰ যায়। কোনো এক সময়ত মানুহ হাৰে। মানুহ মাজে মাজে ভাগৰে। ক্লান্ত হয়, জীৱনৰ প্ৰতি মোহ এৰে। তেনে এক সন্ধিক্ষণত এই সৃজনশীলতাই এন্ধাৰ বাটৰ জো...