মনৰ বাতৰি-২২

 

শ্ৰদ্ধাৰ আৰু মৰমৰ বাইদেউ

আপোনাক খুব কম সময়ৰ বাবে লগ পালোঁ যদিও খুবেই ভাল লাগিল।বিশেষকৈ ভাল লাগিল আপুনি আমাক চিৰজীৱনৰ বাবে মনত ৰখাৰ প্ৰতিশ্ৰুতিৰ বাবে।আপোনাক বহুত বহুত ধন্যবাদ,আমাৰ মহাবিদ্যালয়লৈ অহাৰ বাবে।আমাৰ ফালৰ,বিশেষকৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আপোনালৈ।আশাকৰোঁ আপোনাৰ সপোনবোৰ পূৰ হওঁক আৰু সুখী হওঁক।আজি আপোনাক মৰমৰ বাদে একো দিব নোৱাৰোঁ, গতিকে আপোনালৈ বুলি মৰমেৰে কেইশাৰীমান-

জীৱনৰ কোনো ভৰসা নাই;আজি আছোঁ কাইলৈ নাই।জীৱন যাত্ৰাৰ সকলো বেলেগ বেলেগ পথৰ যাত্ৰী;তথাপি আজি 18/02/2025 দিনটোত
মোৰ বাবে আপুনি এগৰাকী স্মৰণীয় ব্যক্তি।

হঠাৎ লগ হোৱাৰ বাবে বিশেষ একো দিব নোৱাৰিলোঁ;মাথোঁ এখিলা কাগজৰ যোগেদি
এগালমান মৰম দি পঠালোঁ।মৰমবোৰ সযতনে ৰাখিব;মনৰ কোনোবা কোণত আশাকৰোঁ মোকো সামৰি থ'ব।

ক'বলৈ বহু বাকী থাকিল।আশাকৰোঁ আকৌ লগ হ'ম।

ইতি
আপোনাৰ মৰমৰ এগৰাকী অচিনাকি ছাত্ৰী
ৰিম্পী গগৈ,শিক্ষাতত্ত্ব বিভাগ

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)