যি হয় ভালৰ কাৰণেই হয়
যি হয় ভালৰ কাৰণেই হয়
"সোণৰ পাহাৰ হেৰাই গ'লেও বিতত নহ'বা।গৈ থাকিবা,এদিন হীৰাৰ পাহাৰ পাবাগৈ।"
সময়ৰ প্ৰতিটো পাৰঘাটে মানুহক ঋদ্ধ কৰে।জীৱনত এখিনি সময় আহে য'ত মানুহ বিভিন্ন ধৰণেৰে ভাঙি পৰে, আকৌ নিজক নিচুকাই, বুজাই-বঢ়াই নিজকে জোৰা দিয়ে।অৱশ্যে,বয়স অনুসৰি ইয়াৰ কাৰণ সমূহ ভিন্ন হয়।হঠাৎ সময়বোৰ সলনি হৈ যায়।সেই সময়ত এনে অনুভৱ হয় যেন-সকলো অসাৰ।কেৱল সফলতাৰ কথাবোৰতেই অভ্যস্ত আমিবোৰে বিফলতাৰ শক্তিক অনুধাৱন কৰিব নোৱাৰি,যাত্ৰাপথত কিছু আশানুৰূপ ফল লাভ কৰিব নোৱাৰিলেই নিজৰ মাজতে থকা পোহৰমুখী হাজাৰটা সম্ভাৱনাক আমি প্ৰশ্ন কৰোঁ।যাত্ৰাপথত লাভ কৰা কোনো অভিজ্ঞতাই দৰাচলতে পেলনীয়া নহয়,বৰঞ্চ সেইসমূহ সত্য অন্বেষণৰ পথবোৰৰ মাজৰেই এটা পথ।আমি আগবঢ়োৱা প্ৰতিটো খোজৰে মহত্ব আছে,নিজা অৰ্থ আছে,নিজাকৈ এখিনি পোহৰ আছে।প্ৰতিটো খোজৰে শব্দ হ'ব লাগিব বুলিও কোনো কথা নাই।কোনো বিফলতা জীৱনতকৈ ডাঙৰ হ'ব নোৱাৰে,জীৱনৰ ৰং নোহোৱা কৰিব নোৱাৰে।
যেতিয়া জীৱন আমাৰ ইচ্ছা অনুসৰি নচলে ,তেতিয়া আমি কি কৰা উচিত?জীৱনত সদায় ভাল-বেয়া দুয়োটাই থাকিব,সেইয়াই জীৱনৰ প্ৰকৃতি।কিন্তু আমি এই সত্যক প্ৰত্যাহ্বান জনাই ভাবোঁ যে-জীৱনক আমি নিয়ন্ত্ৰণ কৰিম,আমি যেনেকৈ ভাবোঁ তেনেকৈয়ে চলাম।কিছুমান কথা মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত।এই কথাই মানুহ হিচাপে আমি কিমান যে অসহায় সেই কথাই প্ৰতিপন্ন কৰে।কোনোৱে এই অসহায়তাক স্বীকাৰ কৰে, আন কোনোৱে নকৰে।
ছাত্র সমাজৰ কেৰিয়াৰ গঢ়াৰ যুঁজ খনত নানানটা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলগীয়া হয়।ঘোপমৰা আন্ধাৰত নিজৰ সামৰ্থকো সন্দেহ কৰি নিজে কৰা কষ্টখিনিক বাৰে বাৰে প্ৰশ্ন কৰে।প্ৰতিটো চেষ্টা নিষ্ফল হোৱাত,ভয়ত, দু:চিন্তাত দিন পাৰ কৰে।কেৱল কৰ্মই নহয়,পৃথিৱীত যে আন কিবা এটা শক্তিৰ উপস্থিতি আছে,এনেকুৱা সময়বোৰত তাৰ উমান যেন অলপ বেছিকৈ লাভ কৰে।সঞ্জীৱনী মন্ত্ৰৰ দৰে মানুহে আওৰায়-'যি হয় ভালৰ কাৰণেই হয়'।হাজাৰ বিপদৰ সময়ত এই বাক্যশাৰী যেন হৈ পৰে-পথ দেখুওৱা একোটা তৰা।এটা আৱাহনী গীত।এইশাৰী বাক্য কিমান সত্য,বিজ্ঞানসন্মত তাত কিছু প্ৰশ্নবোধক ৰৈ যায় যদিও এইশাৰী বাণী কেৱল ছাত্র সমাজৰ বাবেই নহয় বৰং বহুজনৰ বাবে অমোঘ মন্ত্ৰস্বৰূপ,মনলৈ আশাবাদ কঢ়িয়াই আনিব পৰাকৈ শক্তিশালী।
"I wonder what becomes of lost opportunities? Perhaps our guardian angel gathers them up as we drop them, and will give them back to us in the beautiful sometime when we have grown wiser, and learned how to use them rightly."
~The Story Of My Life,Hellen Kaller
যিবোৰ সুযোগ এটা সময়ত আমাৰ পৰা হেৰাই যায়,জীৱনৰ সেই মণি-মুকুতাসমূহ নিশ্চয় জীৱনৰ কোনোবা এটা ধুনীয়া সময়ত জীৱনেই আমাক প্ৰতিদান হিচাপে দুগুণ হাৰত উভতাই দিয়ে।
সকলো কথাৰে/ঘটনাৰে এটা নিৰ্দিষ্ট কাৰণ থাকে।কাৰণ নোহোৱাকৈ এই পৃথিৱীত একোৱেই নহয়।এই ধাৰণাটোৰ ক্ষেত্ৰত প্ৰথম দৃষ্টিত কিছু প্ৰশ্নবোধক ৰৈ যায় যদিও আমি নিজৰ জীৱনৰ অভিজ্ঞতাসমূহ দকৈ বিবেচনা কৰি চোৱাৰ লগে লগে এটা আৰ্হিৰ উন্মেষ হোৱা দেখিবলৈ পাওঁ।আমি উপলব্ধি কৰোঁ যে প্ৰতিটো প্ৰত্যাহ্বান, প্ৰতিটো বিপৰ্যয় আৰু প্ৰতিটো ঘটনাই,কোনোবা নহয় কোনোবা প্ৰকাৰে, আমাৰ বৃদ্ধি, আমাৰ জ্ঞান আৰু আমাৰ উৎকৰ্ষ সাধনত অৰিহণা যোগাইছে।
এখন ঘন অৰণ্যৰ মাজভাগত থকা সৰু বোকাময় পুখুৰী এটাত এজোপা পদুমফুলে কলি মেলিছিল।বোকাময় পুখুৰীত পদুম ফুলৰ কলিসমূহে খুব ধুনীয়াকৈ পাহি মেলিছিল যদিও বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল।পুখুৰীটোৰ বোকাময় পানীয়ে পদুমফুল জোপাক তললৈ টানি নিব বিচাৰিছিল,প্ৰকৃতিৰ শক্তি-বতাহ, বৰষুণ আৰু ৰ’দে -ফুলজোপাৰ শক্তি আৰু স্থিতিস্থাপকতা পৰীক্ষা কৰিছিল।বতাহ বৰষুণেৰে খুন্দিয়াই,কোবাই,কলিবোৰ মোহাৰি পেলাব বিচাৰিছিল।হাজাৰ ধুমুহা,বৰষুণৰ পিছতো ক্ষতবিক্ষত পদুম কলিবোৰ ফুলিবলৈ ধৰিলে।ইয়াৰ সুক্ষ্ম পাহিবোৰ মেল খাই এপাহ ধুনীয়া আৰু উজ্জ্বল ফুললৈ ৰূপান্তৰিত হ'ল।পদুম ফুলপাহ ফুলি উঠাৰ লগে লগে এইকথা স্পষ্ট হৈ পৰিল যে প্ৰকৃততে ধুমুহা,বৰষুণে ফুলজোপাক বাঢ়িবলৈ সহায়হে কৰিছিল।অশান্ত পানীয়ে পৃষ্ঠভাগলৈ বিভিন্ন পুষ্টিকৰ পদাৰ্থ কঢ়িয়াই আনিছিল আৰু প্ৰচণ্ড বতাহে পদুম ফুলৰ ঠাৰিডাল টানি ধৰিছিল, যাৰ ফলত ই সূৰ্য্যৰ পোহৰৰ ফালে আৰু ওপৰলৈ যাব পাৰিছিল।পদুম ফুলজোপাই উপলব্ধি কৰিলে যে-সকলো ঘটনাৰে একোটা কাৰণ থাকে।লগতে এই কথাও আৱিষ্কাৰ কৰিলে যে-আটাইতকৈ অন্ধকাৰ আৰু অশান্ত সময়তো বৃদ্ধি, ৰূপান্তৰ আৰু সৌন্দৰ্য্যৰ সম্ভাৱনা লুকাই থাকে।বুদ্ধই কোৱাৰ দৰে, "পদম ফুল বোকাপানীত আটাইতকৈ ধুনীয়াকৈ ফুলে, তথাপিও পদুম ফুলপাহ সদায় অ-মলিন হৈ থাকে।" অকৃত্ৰিম সাধনাৰে,নিজৰ হাতত থকা ঐশ্বৰ্যসমূহৰ সঠিক ব্যৱহাৰৰ মাধ্যমেৰে মানুহে নিজৰ জীৱনক এক গৰিমামণ্ডিত জীৱনলৈ উত্তৰণ ঘটাব পাৰে।আন এটা কাহিনী আছিল এনেধৰণৰ:
প্ৰাচীন চীনৰ পাহাৰত অৱস্থিত এখন সৰু গাঁৱত লিন নামৰ এজন যুৱ কৃষক বাস কৰিছিল।লিন গোটেই গাঁওখনতে তেওঁৰ ব্যতিক্ৰমী কৃষি দক্ষতাৰ বাবে পৰিচিত আছিল আৰু মানুহে তেওঁৰ পৰা কৃষি-কৰ্ম সম্পৰ্কত বিভিন্ন ধৰণেৰে পৰামৰ্শ বিচাৰিছিল।এদিন লিনে নিজৰ বাৰীত এজোপা বাঁহ গছ ৰোপণ কৰাৰ সিদ্ধান্ত ল’লে।সূৰ্যৰ পোহৰ আৰু পানী সঠিক পৰিমাণে থকা ঠাই এখন সযতনে বাছি লৈ মাটিত ক্ষুদ্ৰ বাঁহৰ পুলিটো ৰোপণ কৰিলে।প্ৰতিদিনেই লিনে বাঁহৰ পুলিটোত প্ৰয়োজনীয় সাৰ-পানী দিছিল। কিন্তু যিমানেই যত্ন আৰু মনোযোগ নিদিলেও বাঁহৰ পুলিটোৰ কোনো শ্ৰীবৃদ্ধি হোৱা নাছিল।দিনবোৰ লাহে-লাহে সপ্তাহলৈ পৰিণত হ’ল, আৰু সপ্তাহবোৰ মাহলৈ পৰিণত হ’ল।লিনে বাঁহৰ পুলিটোৰ যত্ন একেদৰেই লৈ থাকিল।গাঁৱৰ মানুহে প্ৰায়ে লিনক উপহাস কৰিছিল।কিন্তু লিনে হাৰ নামানিলে।বাঁহৰ পুলিটোক একে উৎসাহেৰেই সি প্ৰয়োজনীয় সাৰ-পানী দি থাকিল।পাঁচ বছৰ পাৰ হৈ গ’ল, বাঁহৰ পুলিটো তেতিয়াও কেই ইঞ্চিমানতকৈ বেছি বাঢ়ি যোৱা নাছিল।কিন্তু কিছুদিনৰ পিছত লিনে এই কথা প্ৰত্যক্ষ কৰিলে যে-বাঁহৰ পুলিটো ক্ৰমান্বয়ে অবিশ্বাস্য হাৰত বাঢ়িবলৈ ধৰিলে।মাত্ৰ ছয় সপ্তাহৰ ভিতৰতে বাঁহ গছজোপা কেইবা ফুট ওখ হৈ উঠিছিল।লিনৰ কাহিনী সমগ্ৰ দেশতে বিয়পি পৰিল আৰু মানুহে তেওঁৰ পৰা পৰামৰ্শ বিচাৰিবলৈ ধৰিলে যে-কেনেকৈ নিজৰ জীৱনত ধৈৰ্য্য আৰু অধ্যৱসায়ৰ সাধনা কৰিব পাৰি।As the Buddha himself said, "The mind is everything; what you think, you become."বুদ্ধই নিজেই কোৱাৰ দৰে, "মনেই সকলো; আপুনি যি ভাবে, আপুনি হৈ পৰে।"
এনেধৰণৰ কাহিনীবোৰে মানুহৰ জীৱ্নপথ আৰু জীৱনদৃষ্টিলৈ ধনাত্মক পৰিৱৰ্তন কঢ়িয়াই আনে।সকলোৰে সপোনৰ গছজোপা ক্রমশ বাঢ়ি গৈ থাকক।পাৰাপাৰহীন ভৱিষ্যতৰ চিন্তাত স্তব্ধ কৰিব নোৱাৰি জীৱনৰ খৰস্ৰোতা সময়।বাৰে বাৰে বিফল হ'লেও আমি যুঁজিব লাগিব,সময়লৈ অপেক্ষা কৰিব লাগিব।নিৰন্তৰ বিফলতাৰ যাযাবৰী বতাহজাকে নিজাকৈ এটা বাট উলিয়াই ল'ব।জীৱন বাটত পৰি ৰোৱা অনেকবিধ কাঁইট, জেং,হুল আঁতৰাই প্ৰত্যেকেই একোটা স্বৰ্ণিল বাট সাজি উলিয়াব পাৰিব লাগিব।প্রথমবাৰতেই সফল হ'ব লাগিব বুলি কোনো কথা নাই, এইয়া এক ৰ'দঘাই যাত্রা, কাৰোবাৰ বাবে এদিনৰ, কাৰোবাৰ বাবে দিনৰ পিছত দিন কৰা সাধনাৰ যাত্রা।আমিবোৰ মাত্র গৈ থাকিব লাগিব,এই গোটেই সময়খিনিত নিজৰ সৈতে সামৰি ৰাখিব লাগিব নিজৰ ওপৰত কিছু ভৰসা, কিছু ধৈর্য আৰু কিছু অপেক্ষা।এই যাত্ৰাই আমাক যেনেকৈ কন্দুৱাব, নিচুকাব তেনেকৈয়ে, আৰু এদিন আমি প্ৰত্যক্ষ কৰিম,সাধনাৰ নিয়ৰে ধুৱাই লৈ যাব আমাৰ ব্যর্থতাৰ সকলো দাগ।গৈ থকাৰ হেঁপাহকণ মাত্র কুশলে থাকক।গৈ থকা মানুহক নঞর্থক কোনো কথাই চুব নোৱাৰে।
~উজ্জ্বয়িনী🌻
Comments
Post a Comment