আশীৰ্বাদৰ ৰং♥️
১.নমস্কাৰ বাইদেউ,
নমস্কাৰ গ্ৰহণ কৰিব। নিয়মীয়া বাৰ্তাৰ দেওবৰীয়া বিচিত্ৰাত আপোনাৰ প্ৰবন্ধ " জীৱনৰ উপহাৰবোৰ গ্ৰহণ কৰোঁ আহক" পঢ়িলোঁ, পঢ়ি বৰ ভাল লাগিল। সঁচাকৈ আপুনি ঠিকে কৈছে, কৃতজ্ঞতা জীৱনৰ আভূষণ, কৃতজ্ঞতাই সদায় পোহৰৰ বাট এটাৰ কথাই কয়।সহজ ভাষাত ক'বলৈ গ'লে, কৃতজ্ঞতা এটা অভ্যাস। কৃতজ্ঞতাই জীৱনক পূর্ণতা প্রদান কৰে।
২.নমস্কাৰ বাইদেউ,
নমস্কাৰ গ্ৰহণ কৰিব। যোৱা ২৫ আগষ্ট, ২০২৪ বৰ্ষৰ নিয়মীয়া বাৰ্তাৰ দেওবৰীয়া বিচিত্ৰাত আপোনাৰ প্ৰবন্ধ ' সৃজনীশীলতা অৰ্থপূৰ্ণ জীৱনৰ মহৌষধ' আজি আকৌ পঢ়িলোঁ, পঢ়ি বৰ ভাল লাগিল কাৰণ আজি দুই তিনি দিন ধৰি মনটো বৰ বেয়া লাগি আছিল।ভাল ভাল প্রবন্ধবোৰ পেপাৰ কাটিং কৰি ফাইলত ৰাখো, তাত বিচাৰি আপোনাৰ প্ৰবন্ধটোয়ে হাতত ল'লো।সঁচাকৈয়ে বহুত প্ৰেৰণা, সাহস আৰু উৎসাহ পালোঁ।আপুনি ঠিকে কৈছে, 'সপোন আৰু সৃজনীশীলতাই মানুহক জীবনমুখী কৰে। 'সপোন আৰু সৃজনীশীলতাই জীৱনটো অৰ্থপূর্ণ কৰি তোলে। সপোন আৰু সৃজনীশীলতাৰ বোকোচাত উঠি মানুহ বহু দূৰ যায়। কোনো এক সময়ত মানুহ হাৰে। মানুহ মাজে মাজে ভাগৰে। ক্লান্ত হয়, জীৱনৰ প্ৰতি মোহ এৰে। তেনে এক সন্ধিক্ষণত এই সৃজনশীলতাই এন্ধাৰ বাটৰ জোনাকীৰ দৰে কাম কৰে। '
আপোনাৰ প্ৰবন্ধৰ প্ৰতিটো শব্দ আৰু বাক্যই অন্তৰ চুই গ'ল।আপোনালৈ অশেষ ধন্যবাদ।
Comments
Post a Comment