মনৰ বাতৰি-২৩


বেলি উদয় হ'লে অস্ত যাবই 

পোহৰ হ'লে আন্ধাৰ হ'বই,

মেঘে গৰজিলে বৰষুণ দিবই

ঠিক সেইদৰে মানুহ হিচাপে জন্ম ল'লে

সুখ দুখ পাৰ কৰিবই লাগিব।

নমস্কাৰ,মোৰ নাম শ্ৰীমতী জ্যোতিকা মহন।মই ৰাজনীতি বিজ্ঞান বিভাগৰ চতুৰ্থ ষান্মাসিকৰ এগৰাকী ছাত্ৰী।মনৰ ভাৱ প্ৰকাশ কৰিবলৈ হ'লে মোৰ চাগে লিখি শেষেই নহ'ব।তথাপিও অলপমান আপোনাক জনাবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ।

মই আজিলৈকে এনেকৈ ক'তো নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি পোৱাই নাই,আজি প্ৰথম।য'ত নেকি,আপুনি এই সুযোগ দিয়াৰ বাবে ক'বলৈ সুবিধাকণ পালোঁ।আপোনাক এই সময়খিনিত লগ পাই বহুত ভাল লাগিল।আপোনাৰ ক্ষন্তেকীয়া বাখ্যাই বহু কথাই শিকাই গ'ল।আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ এই সুযোগ দিয়াৰ বাবে।

আপুনি ঠিকেই কৈছে-সম্পৰ্কবোৰ চাগে এনেকৈয়ে গঢ় লৈ উঠে।আপুনি কোৱা কথাবোৰ আৰু আপুনি দিয়া সুযোগবোৰ মোৰ জীৱনৰ বাবে এটা ডাঙৰ উপহাৰ হৈ ৰ'ব।জীৱনৰ বাটত আপোনাক আকৌ লগ পাম বুলি মনতে এটি আশা পুহি ৰাখিলোঁ।ধন্যবাদ আপোনালৈ।

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)