মনৰ বাতৰি-১৭
আমাৰ খুব অকস্মাতে চিনাকি আৰু তাৰ পাছত যি এই সুহৃদয় সম্পৰ্ক ইমান খিনি পাচতো কালি হঠাতে লগ পাম বুলি কোন কাহানিও ভবা নাছিলোঁ ।কিন্তু কালি দিনটো ভাললগা দিন ,স্মৰণীয় দিন বুলিয়ে ক'ম, কিয়নো খুব কম সময়ৰ বাবে হ'লেও আপোনাক কাষতে পালোঁ।
ইমান ফৰকাল মনৰ মানুহ আপুনি, মই এনে মানুহৰ সংগই বিচাৰি আছিলোঁ, যিয়ে মানুহৰ মনৰ খবৰ ৰাখে, বিচলিত হ'লে হাত এখন আগবঢ়াই দিয়ে।
ফাগুনৰ দিনত আহি আপুনি ভাললগা এমুঠি সিঁচি গ'ল। ♥️আৰু সকলোৰে লগত চিনাকি হ'বলৈ থাকিল যদিও সকলোকে ভাল লাগিল।লগতে আপোনাৰ লগত অকলশৰীয়াকৈ এটা দিন কটাবলৈ কিন্তু মোৰ বহুতো মন গৈছে ।মানুহে মানুহ বিচাৰে, মনৰ মানুহ সেইকাৰণেই নেকি অচিনকৈ হ'লেও ইমান ভাল সংযোগ গঢ়ি উঠিছিল।
ভাললগাবোৰ বিয়পাবলৈ ভালে থাকক বা ♥️ ।
~সন্ধ্যা গগৈ
Comments
Post a Comment