ঐয়া মোৰ ডিব্ৰু ছৈখোৱা
গ্ৰন্থ : ঐয়া মোৰ ডিব্ৰু ছৈখোৱা
ডাঃ নীলাক্ষী চলিহা গগৈ
অনুপম শব্দৰ সমলয় আৰু ব্যতিক্রমধৰ্মীতাৰে লিখি উলিওৱা ডাঃ নীলাক্ষী চলিহা গগৈৰ "ঐয়া মোৰ ডিব্ৰু ছৈখোৱা" এখনি সুখপাঠ্য উপন্যাস।উপন্যাস খনৰ পটভূমি ডিব্ৰু ছৈখোৱাৰ লাইকা-দধিয়া অঞ্চল।
অসমৰ সেই অৰণ্যাঞ্চল সমূহত বসতি স্থাপন কৰি অহালোকসকলৰ অৱস্থা আজিৰ এই একবিংশ শতিকাতো অতিকৈ পুতৌজনক।আজিৰ তাৰিখতো
ৰাস্তা-ঘাট,যাতায়ত ব্যৱস্থা, শিক্ষা, স্বাস্থ্য-সেৱা সকলোতে বহুযোজন বাট পিছপৰি ৰোৱা অন্ধবিশ্বাস, কু-সংস্কাৰেৰে ভাৰাক্ৰান্ত ডিব্ৰু ছৈখোৱা অঞ্চলৰ লাইকা দধীয়া ঠাইৰ লোকসকলৰ নিৰ্মম বাস্তৱৰ বিষয়ে ঔপন্যাসিক গৰাকীয়ে উপন্যাসখনত বলিষ্ঠৰূপত অংকন কৰিছে।প্ৰেম,বিষাদ,যন্ত্ৰণা সকলোবোৰ উপাদান উপন্যাসখনত বিজড়িত হৈ আছে।উপন্যাসখনৰ 'সেউজ' নামৰ চৰিত্ৰটোৱে পাঠকৰ হৃদয়ত ঠাই লৈছে।অৰণ্য এখনৰ আভ্যন্তৰীণ ক্ষেত্ৰখনত দৈনন্দিন বিভিন্ন ঘটনা-পৰিঘটনা যেনে: ভূমি অধিগ্ৰহণ,চোৰাংচিকাৰীৰ তাণ্ডৱ,বানপানীৰ দৰে প্ৰাকৃতিক সমস্যা ইত্যাদি সংঘটিত হৈ থাকে।এখন প্ৰসিদ্ধ ৰাষ্ট্ৰীয় উদ্যান হিচাপে খ্যাত ডিব্ৰু ছৈখোৱা ক পৰ্যাপ্ত সুৰক্ষা প্ৰদানৰ ওপৰত অত্যাধিক মনোনিবেশ কৰিব লাগে আৰু তাৰ সমান্তৰালভাৱে দেশী বিদেশী লোকৰ বাবে এক যথোপযুক্ত পৰ্যটনৰ ক্ষেত্ৰ হিচাপে এই অঞ্চলক কিদৰে গঢ়ি তুলিব পৰা যায় সেই সম্পৰ্কে উপন্যাসখনত এক কাহিনীৰ মাধ্যমেৰে ঔপন্যাসিক গৰাকীয়ে উপস্থাপন কৰিছে।উক্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ বৰ্ণিল ইতিহাস, সমস্যা সকলোবোৰ বিস্তৃতৰূপত উপন্যাসত বৰ্ণনা কৰিছে।ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰিয়েই তাৰ আশে-পাশে বসবাস কৰা লোকসকলৰ জীৱন পৰিচালিত হয়।সেই জনজাতীয় লোকসকলৰ বিভিন্ন বিৱৰণে উপন্যাসখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে।কেঁচা মাটিৰ সুগন্ধি লাগি থকা উপন্যাসখনত বৰ্ণিত প্ৰতিটো কাহিনীয়েই আমোদ লগা।
ভাল লাগিল ।
ReplyDeleteধন্যবাদ
Delete