Posts

Showing posts from 2024

সপোনে আমাৰ ডেউকা মেলি বিশাল আকাশ চুব♥️

Image
🍁আনন্দ আৰু কৃতজ্ঞতাত বিগলিত হোৱাৰ সময় এইখিনি।নতুন,পুৰণি বুলি কথা নাই,প্ৰতিটো পল সানন্দৰে জিয়াম বুলি ভবা দিন ধৰি জীৱন উৎসৱময় কৰি তোলাৰ অবিৰাম প্ৰচেষ্টা চলিছে।মনৰ মাজত আঁকি থোৱা এখন অনিন্দ্য সুন্দৰ পৃথিৱীৰ ছবি এতিয়া নিজৰ কামেৰে, চিন্তাৰে অঁকাৰ সময় আহি পৰিছে। 🍁২০২৪ বৰ্ষত যেন মানুহৰ পৰা অকণমান বেছিকৈ মৰম পালোঁ।এখিনি নতুন মানুহ পালোঁ,যিয়ে পাৰভঙা মৰমেৰে উপচাই তুলিছে মোৰ মনৰ আঁচল।এই আন্তৰিকতা,ভালপোৱা আৰু বন্ধুত্বক আমি শ্ৰদ্ধাৰে সুৱঁৰিম। 🍁জীৱনক জীৱনৰ দৰে ৰাখিবলৈ সৃজনশীল মন এটা লাগে।ক'ৰবাত ঈশ্বৰে অকণমান হ'লেও সেই মনৰ গৰাকী কৰিছে।এই মুহূৰ্তত হাতত যি ঐশ্বয্য আছে,তাৰেই চৌপাশ পোহৰাই তোলাৰ যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে। 🍁এই বৰ্ষতেই, বছৰ বছৰ ধৰি ভাবি ৰখা কেইটিমান দীৰ্ঘম্যাদী প্ৰকল্পই নিজাকৈ এটা বাট বিচাৰি পাইছে।অন্তৰেৰে ভাবোঁ, নিজে বিচৰা পৃথিৱীখন নিজেই সাজি উলিয়াব লাগিব।কৈ থাকিলে, কথাবোৰৰ বৰ বিশেষ ওজন নাথাকেগৈ। 🍁নিজক পাৰ হৈ সপোন দেখিবলৈ আৰম্ভ কৰাৰ দিনাৰপৰা সময়বোৰ মোহলগা গানৰ সুৰৰ দৰে হৈ পৰিছে।ব্যক্তিগত সাফল্যসমূহক বাদ দি,যিবোৰ কামে মোৰ মন ভৰাই ৰাখে,সেই কথাসমূহেই লিপিবদ্ধ কৰি থৈ যাব বিচাৰোঁ।...

মৰে অসম জীয়ে কোন-সংলাপ

মৰে অসম জীয়ে কোন,ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখনি উপন্যাস।ঐতিহাসিক অসম আন্দলনৰ কাহিনীক মূল আলম হিচাপে লৈ ঔপন্যাসিক গৰাকীয়ে এই গ্ৰন্থখনি লিখি উলিয়াইছে।গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল,২০২১ চনৰ জানুৱাৰী মাহত।প্ৰকাশক আছিল জ্যোতি প্ৰকাশন। চৌধুৰী, ৰীতা,ড°(জানুৱাৰী,২০২১)।মৰে অসম জীয়ে কোন।জ্যোতি প্ৰকাশন 1.নতুন কথা শিকিছিলোঁ। দেখিছিলোঁ। চৌপাশৰ বাস্তৱলৈ নতুন দৃষ্টিৰে চাবলৈ লৈছিলোঁ। তাৰুণ্যৰ সেই দিনবোৰৰ পৰাই আৰম্ভ হৈছিল মোৰ সৃষ্টিশীল জীৱনৰো আনুষ্ঠানিক পৰিক্ৰমা। আত্মগোপনৰ আৰু বন্দীত্বৰ কালত লাভ কৰা অভিজ্ঞতায়ো মোৰ জীৱনদৃষ্টিলৈ প্রভূত পৰিবৰ্তন আনিছিল। মই থিয় হৈ আছিলোঁ এটা পথসন্ধিৰ মুহূৰ্তত।পৰিয়ালৰ প্ৰতি দায়বদ্ধতা, সমাজৰ প্ৰতি দায়বদ্ধতাৰে নতুন দায়িত্ব মূৰ পাতি লোৱাৰ সময়ত জন্ম হ'ব ধৰিছিল প্রশ্নবোৰৰো। 2.নিজৰ জীৱন খান্দি নিজক তুলি অনাটো জানো ইমান সহজ? 3.ইতিহাসৰ গতিপথ নির্মাণত ভূমিকা লোৱা- কিন্তু ইতিহাসেও মনত নৰখা সৰু সৰু কিছু কথা- কিছু অনন্য অভিজ্ঞতা- যিবোৰ নিজৰ লগত লৈ যাবলৈ সত নাযায়- ভাব হয় কৈ যাওঁ- সেইবোৰৰ পৰাই অলপমান- মাত্র কিছু কথা ক'ব খুজিছোঁ। সকলো কথা কোৱাটো সম্ভৱ নহয়। হাজাৰ অভিজ্ঞতাৰ পৰা যিখিনি...

নীল প্রজাপতি:সংলাপ

দুখন ঘৰৰ দুটা মানুহ, হঠাতে এডজাষ্ট নহ’বও পাৰে‌। নহ’লেও মই বিবাহিত জীৱনৰ হতাশাত নোভোগো। বিবাহতকৈ জীৱন বহুত ডাঙৰ। আকাশৰ দৰে জীৱনটোক, বিবাহিত জীৱনৰ ক্ষুদ্ৰতাৰে মই নাচাওঁ। কাৰোবাৰ প্ৰেম নাপালেও মোৰ জীৱন স্তব্ধ হৈ নাযায়, এই পৃথিৱীলৈ আহিছো, পৃথিৱীৰ সুন্দৰ সকলো বস্তুৰে ভাগ মোৰো পোৱাৰ অধিকাৰ আছে। মানুহ কিমান অবোধ আৰু মূৰ্খ, যি অমৃতপান কৰিও সন্তুষ্ট হ’ব নোখোজে! জোনৰ পোহৰ আৱৰ্জনাতো পৰে, নিৰ্মল পানীতো পৰে। মনৰ মাজত ৰৈ যোৱা ধূলি-মাকতিবোৰ জমা হোৱাৰ আগেয়েই মোক ক’ব লাগিছিল। মই তেতিয়া উপায় বিচাৰিবলৈ সুযোগ পালোহেঁতেন। সংসাৰ এখন যেতিয়া কাৰোবাৰ বাবে বন্দিত্ব হৈ পৰে, তেওঁক বন্দী কৰি ৰখাৰ অধিকাৰ কাৰো নাই। বিবাহ এক মানসিক নিৰাপত্তা, বুজাবুজিৰ চুক্তি। ভালপোৱা বিষয়টোৱেই সাময়িক। প্ৰকৃতিয়ে সমানে সদায় যিদৰে বৰষুণ নিদিয়ে, ৰ’দ নিদিয়ে, সেইদৰে আজীৱন সমানে ভালপোৱাও নাথাকে। তাৰতম্য ঘটে। জীৱনে আমাক চলায়, জীৱনক চলোৱা মানুহ বৰ কম। স্বাচ্ছন্দ্য-আৰামবোৰ এৰিব নোৱৰা অভ্যাস নকৰিবলৈহে কৈছোঁ। শৰীৰতকৈ মনৰ অসুখ বেছি। আমি অতি সহজে কিস্তিত ধন দি যিকোনো আৰাম, স্বাচ্ছন্দ্যৰ জীৱন কটাব পৰা হৈছো, কিন্তু সুখ পাইছোনে নাই নাজান...

মায়াবৃত্ত:সংলাপ

১.মানুহ সদায় নাৰিকলৰ দৰে হ'ব লাগে। নাৰিকলৰ ভিতৰৰ পানীখিনিক কাকো চুবলৈ দিব নালাগে। চুবলৈ দিলে নাৰিকলটো ফালি পেলাব লাগিব। ফালি পেলালে সেই নাৰিকলৰ পৰা আৰু কেতিয়াও গছ নগজে। সেই নাৰিকলক আৰু ঘটত থৈ কোনেও পূজা নকৰে। ২.তেজীমলাক মাকে ঢেঁকীত খুন্দি মাৰিলে, তেজীমলা লাউগছ হৈ গজিল। লাউগছ কাটি পেলালে জৰাগছ হৈ গজিল। জৰাগছ কাটি পেলালে পদুম হৈ গজিল, তাৰ পিছত পদুমৰ পৰা আকৌ তেজীমলা হ'ল। তেজীমলাক মাৰিব নোৱাৰিলে- কাৰণ তেজীমলাই জীয়াই থাকিব খুজিছিল। জীয়াই থাকিম বুলি ঠিক কৰা মানুহক কোনেও মাৰিব নোৱাৰে। ৩.ডাঙৰ কথা ভাবিবি। ডাঙৰ কাম কৰিবি। ডাঙৰকৈ জীয়াই থাকিবি। পোক-পৰুৱাৰ দৰে জন্ম হৈ পোক-পৰুৱাৰ দৰে কোটি কোটি মানুহ মৰি যায়। আমি চবেই মৰিম। কিন্তু ভালকৈ জীয়াই থাকি মৰিব লাগে। ৪.উপেক্ষাৰ সমান শক্তি নাই। ৫.প্ৰতিজন ব্যক্তিৰ নিজা একোখন পৃথিৱী আছে। সেই পৃথিৱীৰ পৰা তেওঁ বাহিৰৰ পৃথিৱীলৈ চায়। সকলো কথা তেওঁ সেই পৃথিৱীৰ উচ্চতা আৰু দৃষ্টি অনুসাৰে দেখে। সেই পৃথিৱী অনুসাৰে বুজে। মই পৃথিৱীলৈ আকাশৰ সমান ওখৰ পৰা চাম। মই জীৱনক সাগৰৰ দৰে গভীৰকৈ বুজিম। ৰহস্যময় জীৱনক উদ্ঘাটন কৰি, চেষ্টা কৰিম অৰ্থপূৰ্ণ জীৱনৰ গৰাকী হ'ব...

মাটিৰ চাকিৰ শিতান:আঘোণ

Image
আঘোণ প্ৰাণৰ মাটিত আমি ৰুম পোহৰ দিয়া গছ 🌱মানুহৰ প্ৰতিভাক মোৰ খুব আঘোণৰ সৈতে ৰিজাবলৈ মন যায়।আঘোণৰ দৰেই আমাৰ প্ৰতিভাবোৰে,কৰি ভালপোৱা কামবোৰে আমাক ভৰুণ কৰি ৰাখে।প্ৰতিভাবোৰেই আমাৰ বাবে সোণ।সেইবাবেই এই শিতানৰ নাম থ'লোঁ:আঘোণ(Aaghun) 🌱সপোন আৰু সৃজনীশীলতাই মানুহক জীৱনমুখী কৰে।জীৱন অৰ্থবহ কৰি তোলে।কৰি ভালপোৱা কামবোৰ দৰাচলতে জীৱনৰ মূলবিন্দুত উপনীত হ'বৰ বাবে আগবঢ়োৱা একো একোটা বিমুক্ত খোজ।এই কৰি ভালপোৱা কামবোৰেই মানুহক প্ৰশান্তি দিয়ে,জীৱন বাটত খোজ দিবলৈ দুগুণে সাহস দিয়ে।প্ৰদান কৰে অমল সুখ।এই সুখৰ তুলনা নাই,এই সুখৰ অনাবিল আনন্দত মানুহে পাহৰি যাব পাৰে নিজৰ সমস্ত যন্ত্ৰণা।সৃজনীশীলতাত এক অনির্বচনীয় শক্তি আছে।ই মানুহৰ আত্মাক সমৃদ্ধ কৰে। 🌱Aaghun, the harbinger of harvest, reminds us that our talents, like the crops, hold hidden potential waiting to be nurtured. As the season awakens dormant seeds, Aaghun inspires us to cultivate our passions, providing them with care and attention to flourish. Just as the harvest season yields a bountiful crop, our talents, when developed and utilized, can bri...

মাটিৰ চাকিৰ বিভিন্ন শিতানসমূহ:(০১)-মনৰ বাতৰি

Image
মনৰ বাতৰি:বিদ্যাৰ্থীসকলৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ এখন মুকলি মঞ্চৰ নাম।মনৰ কথা প্ৰকাশ কৰাটোৱেই আজিৰ সময়ত বৰ ডাঙৰ প্ৰত্যাহ্বানৰ কথা।নিৰ্বাক শিলৰ মূৰ্তিৰ দৰে হৈ থকাজনৰো অলেখ ক'বলগীয়া থাকে,জীৱন কাহিনী থাকে।এইক্ষেত্ৰত,এগৰাকী বিশ্বাসযোগ্য,ভাল শ্ৰোতা হোৱাটো আৰু পোৱাটো,দুয়োটাই সৌভাগ্যৰ কথা।বহুজনে পায় হয়তো আন বহুজনে নাপায়।এই মঞ্চৰ আলমত আমি অনেকৰ পৰাই বিভিন্ন সময়ত বিভিন্ন চিঠি লাভ কৰি আহিছো।আন দহজনে উৎসাহ পাবপৰাকৈ মাত্ৰ কেইটামান  বাচকবনীয়া শাৰী তেওঁলোকৰ অনুমতি সাপেক্ষে নিৰ্বাচন কৰি সাঁচি ৰখাৰ ব্যৱস্থা কৰিছোঁ।তেওঁলোকৰ কথাবোৰ পঢ়ি আমি সমৃদ্ধ হওঁ,আহ্লাদিত হওঁ,অনুপ্ৰাণিত হওঁ।আমাৰ বিশ্বাস,এই সামান্য প্ৰয়াসে ছাত্ৰ সমাজৰ মানসিক জগতখনৰ ওপৰত কিঞ্চিৎ হ'লেও ধনাত্মক প্ৰভাৱ পেলাব। Welcome to 'মনৰ বাতৰি' (Monor Batori), a captivating series where we delve into the fascinating world of our students' thoughts, talents, and passions. Through heartfelt conversations and inspiring stories, we aim to uncover the hidden gems within our young minds, celebrating their individuality and creativity. Join u...

মাটিৰ চাকি কি

মাটিৰ চাকি কি: এই পৃথিৱীত আমি এটা মাত্ৰ ক্ষুদ্ৰ বিন্দু(.)।ঠিক ইমানখিনিয়েই আমাৰ অস্তিত্ব,হয়্তুবা ইয়াতকৈও কম।ড° নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা শাৰীয়ে মোক সদায় বিস্ময় বিমুগ্ধ কৰি ৰাখিছিল-"মই মোক ক'ত থৈ যাম!"হঠাৎ যদি নোহোৱা হৈ যাওঁ, মই মোক ক'ত থৈ যাম? এনে কি কাম কৰিব পাৰিছোঁ,যিসমূহে মই নোহোৱাৰ পাছতো ভৱিষ্যতেও মোৰ কথা কৈ থাকিব।এই প্ৰশ্নৰ উত্তৰ বিচাৰি বিভিন্ন পৰিকল্পনা কৰা যায়।'মাটিৰ চাকি' এদিন ভৱাৰ দৰে হৈ উঠিব।বাকী,মানুহৰ সৎ উদ্দেশ্যে অথলে নাযায়। মাটিৰ চাকি, আমাৰ বাবে নিজক পাৰ হৈ সপোন দেখা এটা বিমুক্ত খোজৰ নাম।নিজাকৈ উলিয়াই লোৱা এটা বাটৰ নাম।এই বাট আত্মবিশ্বাসৰ,অদমনীয় কিছু হেঁপাহৰ।যাৰ সৈতে আমাৰ হাজাৰটা ঈশ্বৰবৰণীয়া হেঁপাহ জড়িত হৈ আছে। জীৱনে য'তেই ৰোপণ কৰিব ,তাতেই ফুলি উঠিম ভৱা দিন ধৰি এক সুন্দৰ পৃথিৱীৰ ছবি নিজৰ মাজতে অংকিত হৈছিল।মাটিৰ চাকি তাৰেই এটি সৰু আদৰৰ প্ৰচেষ্টা।আমাৰ অগাধ বিশ্বাস,এই বিমুক্ত খোজটিয়ে এদিন নিজাকৈ এটা নাম পাব।অপেক্ষা মাথোঁ সময়ৰ। মাটিৰ চাকি,সম্পূৰ্ণ ভাৱে শিক্ষণ-শিকণৰ সৈতে জড়িত। এইয়া আমাৰ এক পৰীক্ষণমূলক যাত্ৰা।ক'ৰবাত আমি সকলোৱে বিচাৰি থকাবোৰ...

পীৰা

অসমীয়া সমাজব্যৱস্থাত অতীজৰে পৰাই পীৰাৰ বহুল ব্যৱহাৰ দেখিবলৈ পোৱা যায়।এচলা গোটা কাঠৰ পৰাই কাটি-চাঁচি,চাৰিটা খুৰা লগাই পীৰা সজোৱা হয়।পীৰা বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে।সেইয়া যথাক্ৰমে-তামুলী পীৰা,ডুখৰি পীৰা,চাকলি পীৰা,চাল পীৰা ইত্যাদি।প্ৰতিবিধ পীৰাৰ আকৃতি সুকীয়া সুকীয়া।সাধাৰণতে বৰপীৰা, তামুলী-পীৰা আৰু ডুখৰি পীৰাবোৰ আয়তাকাৰ, বৰ্গক্ষেত্ৰাকাৰ নতুবা ছয়কোণীয়া হোৱা পৰিলক্ষিত হয়।চাকলি পীৰাবোৰ ঘূৰণীয়া আৰু চালপীৰাবোৰ খুৰা লগোৱা আহল-বহল শুব পৰা ধৰণেৰে নিৰ্মাণ কৰা হয়।অসমীয়া সমাজৰ পৰিয়ালসমূহত দৈনন্দিন ভোজন পৰ্বত ঘৰৰ মুৰব্বীয়ে বৰপীৰাত আৰু ঘৰৰ অন্যান্য সদস্যসকলে চাপৰ পীৰাত বহি ভাত খোৱাৰ নিয়ম দেখা যায়। দৈনন্দিন জীৱনৰ বিভিন্ন কামৰ আহিলা হিচাপে 'পীৰা' ব্যৱহিত হৈ আহিছে।উদাহৰণস্বৰূপে:মাছ-শাক বাছোঁতে,যঁতৰত মহুৰা ফুৰাওঁতে,টাকুৰীৰে সূতা কাটোতে,জুহালত ৰন্ধা-বঢ়া কৰোঁতে, কেঁচুৱাক কোলাত লৈ পিয়াহ খুৱাওঁতে,  মূৰৰ ওকণি চাওঁতে পীৰাত বহি লোৱা পৰিলক্ষিত হয়। আগৰ দিনত ঘৰলৈ আলহী অতিথি অহাৰ লগে-লগেই পীৰা এখন পাৰি বহুৱাই তামোলৰ বঁটা আগবঢ়াই দিয়াৰ ছবি দৃশ্যমান হয়।সেই পীৰাৰে আধুনিক সংস্কৰণ হৈছে- টুল (stool)। কাৰুকলা,...

ভঁৰাল

https://as.m.wikipedia.org/wiki/%E0%A6%AD%E0%A6%81%E0%A7%B0%E0%A6%BE%E0%A6%B2 অসমৰ বৰ্ণাঢ্য সমাজব্যৱস্থাত ভঁৰালক এক পৱিত্ৰতাৰ প্রতীক হিচাপে মান্যতা প্ৰদান কৰা হয়।ভঁৰালৰ নিৰ্মাণশৈলী অঞ্চলভেদে আৰু ভিন্ন জনজাতীয় সমাজব্যৱস্থা অনুসৰি সুকীয়া সুকীয়া হয়।মূলতঃ ধান সঞ্চয় কৰি ৰাখিবৰ বাবেই বিভিন্ন জনজাতীয় সমাজব্যৱস্থাত ভঁৰালক বিশেষভাৱে ব্যৱহাৰ কৰা হয়।ভঁৰাল সম্পৰ্কে বিভিন্ন জনবিশ্বাস,পৰম্পৰা অতীজৰে পৰাই প্ৰচলিত হৈ অহা দেখা যায়। নিৰ্মাণ প্ৰণালী: অসমৰ ভৈয়াম অঞ্চলত যিসমূহ ভঁৰাল নিৰ্মাণ কৰা হয়,সেইসমূহ আচলতে চাৰি-পাঁচ তৰপীয়া থকা দেখা যায়।প্ৰাৰম্ভিক অৱস্থাত এফুটমান ভেঁটি নিৰ্মাণ কৰি,সেই নিৰ্দিষ্ট ভেঁটিৰ ওপৰত কাঠৰ গড় স্থাপন কৰা হয়।সেই গড়ৰ ওপৰতেই ধৰণী আৰু ধৰণীৰ ওপৰত গোটা বাঁহ আৰু অঞ্চলভেদে  তক্তাৰে গাধৈ সজা হয়।যদি গাধৈখন বাঁহেৰে নিৰ্মিত হয় তেতিয়া,সেই গাধৈৰ ওপৰত গোবৰ মাটিৰ লেপন দি আটোমটোকাৰীকৈ মচি লোৱা হয়।গাধৈৰ ওপৰত চাৰিওফালে বাঁহ বা তক্তাৰে বেৰ দিয়া হয়।বেৰৰ বাহিৰৰ ফালে ২-৩ ফুট ব্যৱধানত ফলীয়া বাঁহেৰে মজবুতকৈ বান্ধি দিয়া হয়।সাধাৰণতে গাধৈখনৰ উচ্চতা প্রায় ৩-৪ ফুট হয়।উজনি অসমত বিশেষকৈ গছী ধানৰ ভঁৰালৰ প্ৰচলন...

পাহৰিব নোৱাৰিলোঁ যি

লেখক:মিনাক্ষী বৰা "মোৰ সোঁৱৰণি গুমৰি উঠে।নিৰন্ন সময়ৰ সুগন্ধ তেজৰ প্ৰৱাহে-প্ৰৱাহে।" ~হীৰেন ভট্টাচাৰ্য এৰি অহা সময়ৰ সপোন-সোঁৱৰণিবোৰত আজিও ক'ৰবাত নহয় ক'ৰবাত জীৱন্ত হৈ আছে এটি নাম-M.sc ছাৰ।১৯৩১ চনত জন্ম লাভ কৰা,দেৰগাঁও আফুঁৱা গাওঁৰ নিবাসী স্বৰ্গীয় ঠগিৰাম হাজৰিকা আৰু স্বৰ্গীয়া বৰআইটি হাজৰিকাৰ সাতোটি সন্তানৰ ভিতৰত ৰামচৰণ হাজৰিকা অৰ্থাৎ সম্পৰ্কত মোৰ খুড়া আছিল সঁচাই ব্যতিক্ৰম।তেখেতৰ প্ৰতিটো কাৰ্যৰ পৰাই তেওঁৰ মাজৰ সৃজনশীল মনটোৰ উমান পোৱা যায়।সৰুৰেপৰাই তেখেত আছিল এজন মেধা সম্পন্ন,সৎ আৰু উদাৰ মনৰ।সৰুতে দেখা পাইছিলোঁ,খুড়াই আর্থিকভাৱে কিছু স্বচ্ছল নোহোৱালোকক কিতাপ পত্ৰ দি সহায় কৰি ভাল পাইছিল।তেখেত আছিল অত্যন্ত পৰিপাটি, নিয়মানুবর্ত্তি, দায়িত্বশীল, কর্মমুখী।তেখেতে পঢ়াৰ-শুনাৰ উপৰিও ঘৰুৱা কাম-কাজ কৰিও ভাল পাইছিল। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত দেৰগাওঁ  উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ প্ৰচুৰ মেধাসম্পন্ন খুড়াই ৰসায়ন বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ দেৰগাওঁলৈ গৌৰৱ কঢ়িয়াই আনিছিল।যদিও তেওঁৰ নাম আছিল,ৰামচৰণ হাজৰিকা কিন্তু সকলোৱে তেখেতক M....

আশীৰ্বাদৰ ৰং❣️

Image
 

মনৰ বাতৰি-১১-অনিতা চাংমাই

Image
 

মনৰ বাতৰি-১০-সৌৰভ দাস

সৰুহৈ থাকোঁতে যদিও বহুকথা নাজানিছিলোঁ বা সেই সময়ৰ পৰিৱেশ পৰিস্থিতিয়ে সমাজৰ বাবে ভাবিবলৈ মন কৰা নাছিলোঁ বা শিশু অৱস্থাত বুজি পোৱা নাছিলোঁ,সমাজ মানে কি, নিজৰ বাবে কাম কৰাতকৈ আনৰ বাবে কিবা এটা কৰাৰ আনন্দ বিশেষ সেই কথা বুজি পোৱা নাছিলোঁ ? কিন্তু সময় বাগৰি গ'ল সমাজৰ মানুহবোৰৰ ইমান সমস্যা বা বিভিন্ন ক্ষেত্ৰত পিছপৰি আছোঁ আমি সেয়েহে সেইসকল মানুহৰ বাবে কিবা এটা কৰাৰ পণ লৈয়ে এই যাত্ৰাত ব্ৰতী হৈছোঁ.... নাজানো কিমানদোৰ সফল হ'ম.... আনৰ বাবে কিবা এটা কৰাৰ সেই হেঁপাহ বা আনন্দই সুকীয়া... জীৱনৰ এটাই উদ্দেশ্যে হ'ল যে সমাজৰ বাবে অসমী আইৰ বাবে ভাৰত মাতাৰ বাবে কিছু হ'লেও অৱদান থৈ যাব লাগিব।  মই এটাই ভাবোঁ যে যেতিয়ালৈকে এই পৃথিৱীত জীয়াই আছোঁ তথা শৰীৰৰ শেষ উশাহলৈকে সমাজৰ প্ৰতিজন ব্যক্তিৰ স্বাৰ্থত কাম কৰি যাম.. বিভিন্ন সময়ত দেশ তথা জাতিৰ বাবে নিজক অৰ্পণ কৰিবলৈওঁ কুণ্ঠাবোধ নকৰোঁ।। সময় পৰিৱৰ্তনশীল কিন্তু মানুহৰ কৰ্ম আৰু স্মৃতি চিৰযুগমীয়া হৈ ৰৈ যায় ।

মনৰ বাতৰি-০৯-Anonymous

নাজানো কি লিখিব লৈছোঁ, কিন্তু লিখিছোঁ। নিজক আনৰ আগত প্ৰকাশ কৰাও যে ইমান কঠিন কাম ভবা নাছিলোঁ মই। নিজৰ মনৰ কথা লিখিবলৈ কোৱাৰ স্বত্বেও ৰৈ গৈছিলোঁ। কি লিখিম? কাক লৈ লিখিম? সৰুৰে পৰাই নিজৰ কথা প্ৰকাশ কৰি নাপালোঁ মই। প্রায় এটা কথাত কাজিয়া হয় আমাৰ ঘৰত যে মই কথা নাপাতো, নামাতো, ঘৰত কাকো একো নকওঁ। নাজানো কিয় মই নোৱাৰোঁ ক'ব একো, ক'লেও যে শুনিব গুৰুত্ব দি তেনেকুৱা নালাগে মোৰ। ঘৰত মই, বা, মা আৰু পাপা। সৰুতে মইও ক'ব খুজিছিলোঁ কথা কোনেও নুশুনে কাৰণে নকলোঁ, তেতিয়াৰ পৰাই এটা বেয়া অভ্যাস মোৰ কাকো একো নোকোৱাটো। এতিয়াও লগত থকা কোনেও নাজানে কি ঘটি থাকে মোৰ জীৱনত। মানুহক মানুহ লাগে, মানুহক বুজি পোৱা মানুহ লাগে, একো নকৈ মনে মনে বহি থাকিলেও মনৰ মাজত চলি থকা ধুমুহাজাক বুজি পাবলৈ মানুহ লাগে। প্রায় মানুহে কয় মাকে বোলে মুখ দেখিয়ে ল'ৰা - ছোৱালীৰ মনৰ কথা বুজিব পাৰে, মই কিন্তু সম্পূর্ণ বিশ্বাস নকৰোঁ। আনৰ নিচিনা জেদ ধৰিও নাপালোঁ কিবা এটা লাগে বুলি, জানো প্রয়োজন আছে বুলি ভাবিলে এনেও আনি দিব। সৰুৰে পৰাই এটা কথাই মোক প্ৰায় আমনি কৰিছিল, মই অনুভৱ কৰিছিলোঁ মোৰ মগজুটো কোনো দিনেই ৰোৱা নাছিল। প্রতি মূহুর্তত ...

মনৰ বাতৰি-০৮-জ্ঞানোত্তম পাঠক

Image
জীৱনটো হৈছে এখন সুন্দৰ নাটক।আৰু এই জীৱনটোত আমি আমাৰ সাৱলীল অভিনয়েৰে আগবাঢ়িছোঁ।কেতিয়াবা দুখটো সুখী হোৱাৰ আৰু চকুপানীটো হাঁহি থকাৰ অভিনয় কৰিছোঁ।যিহেতু নিজেও অভিনয়ৰ লগতে জড়িত সৰুৰেপৰাই,সেইগতিকে মোৰ বাবে সুবিধা হয় নিজৰ বাস্তৱ জীৱনৰ কথাবোৰ নাটকৰ মাজেৰে প্ৰকাশ কৰাত।আশা এটাই, নিজকে এখন ডাঙৰ মঞ্চত দেখা,সেইয়া ভ্ৰাম্যমাণৰ মঞ্চ।সপোন আছে,আশা আছে,পিছে সময়ে বা কি কয়?সময়ে যি ফালেই লৈ গৈছে, সেইফালেই গৈ আছোঁ।দিনৰ পোহৰত দেখিছোঁ সপোনবোৰ,আশা আছে সেইবাবে পূৰ্ণতা পোৱাৰ। ~জ্ঞানোত্তম পাঠক

মনৰ বাতৰি-০৭-Anonymous

Image
Welcome to 'মনৰ বাতৰি' (Monor Batori), a captivating series where we delve into the fascinating world of our students' thoughts, talents, and passions. Through heartfelt conversations and inspiring stories, we aim to uncover the hidden gems within our young minds, celebrating their individuality and creativity. Join us on this enlightening journey as we empower our students to share their voices, showcase their skills, and unleash their full potential.

অৰ্থপূৰ্ণ জীৱনৰ সাধনা❣️

Image
 অৰ্থপূৰ্ণ জীৱনৰ সাধনা "জীৱন মানে এক অন্তহীন সন্ধান, এক বিশৃংখল  শব্দৰ অভিধানৰ পৰা, তুমি কেৱল বিচাৰিয়ে আছা তোমাৰ ইপ্সিত শব্দটো, তাৰ নামেই জীৱন।" ~অনুৰাধা শৰ্মা পূজাৰী। জীয়াই থকাৰ নামেই জীৱন নহয়।আমি আমাৰ জীৱনৰ অৰ্থক লৈ প্ৰায়েই বিব্ৰত হওঁ।এটা সময়ত মানুহৰ জীৱনক জনাৰ ইচ্ছা, নিজক ওচৰৰ পৰা জনাৰ ইচ্ছা প্ৰৱল হয়।এককথাত, প্ৰায় প্ৰতিজন লোকেই আমাৰ জীৱনৰ অৰ্থনো কি?এই প্ৰশ্নৰ মুখামুখি নিজৰ ওচৰতেই হয়।এইয়া জীৱনে প্ৰদান কৰা মহার্ঘ অভিজ্ঞতা।প্ৰাৰম্ভিক অৱস্থাত ভাল চাকৰি,অট্টালিকা, দামী গাড়ী,উচ্চপদস্থ পদবী এইসমূহৰ মাজতেই আমি জীৱনৰ অৰ্থ বিচাৰি চলাথ কৰোঁ।সময়ৰ গতিশীলতাত জীৱনে কিছু পৰিপক্কতা পোৱাৰ পিছত এই উপলব্ধি হয় যে এটাৰ পিছত আনটো প্ৰয়োজন পূৰণ কৰাৰ পিছতো  যেন কোনো এটা প্ৰয়োজনেই আত্মিক সুখ খিনি আমাক দিব পৰা নাই।লাহে লাহে বস্তুবাদী,ভোগ বিলাসৰ পৃথিৱীৰ পৰা নিজকে উলিয়াই আনি মানুহে নতুনকৈ জীৱনৰ অৰ্থৰ অনুসন্ধান কৰে।স্থায়িত্ব নথকা কথাবোৰৰ পৰা নিজক নিলগাই নকৈ জীৱনৰ অৰ্থৰ সন্ধান কৰে।লাহে লাহে উপলব্ধি হয়,এই পৃথিৱীত কেৱল কামবোৰ স্থায়ী হয়।বাকী সকলো মোহ মায়া,এই আছে,এই নাই।ইন্দ্রিয় সুখানুভূতি, ধন-সম্পত্তি আ...

পৰীক্ষাৰ ফলাফল বনাম একাংশৰ মানসিক অন্তৰ্দ্বন্দ

Image
 

সুদেৱী দাসী

Image
নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত  

সাৰথি-সত্যনাথ বৰা

১.সংসাৰত যেতিয়া থাকিবই লাগিব সুখ কৰি থকাই ভাল। এতেকে ঈশ্বৰে দিয়া জ্ঞান বুদ্ধি চালনা কৰি, সংসাৰৰ বিভূতি বৈভৱ গোটাই লৈ, নিজৰ আৰু আনৰ সুখ সম্পদ বঢ়াবলৈ, আৰু সৰ্ব্বসাধাৰণ জগতবাসীক বৰ্ত্তমান অৱস্থাৰ পৰা উচ্চ অৱস্থাত তুলিবলৈ চেষ্টা কৰি জীৱন কটোৱা উচিত।(৪) ২.সংসাৰত উদ্‌গতি কৰাই মানুহৰ জীৱনৰ সঙ্কল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্ন-জল যুগুত কৰাই উদ্‌গতিৰ ওৰ, আৰু জ্ঞান বুদ্ধিৰ শেষ কৰ্ম্ম। সেই দেখি সিহঁতে যেতিয়ালৈকে অভাৱৰ চেঙ্গা পায়, তেতিয়ালৈকে উদ্‌গতিৰ চেষ্টা কৰে, অভাৱ আঁতৰিলেই চেষ্টা এৰি দিয়ে। অন্ন-জলৰ সঙ্গতি লাগি উঠাৰ পাচত সিহঁতৰ জীৱন পশুজীৱনৰ নিচিনা কেৱল শয়ন ভোজনৰ আবৰ্ত্তন মাথোন। এই শ্ৰেণীৰ মানুহৰ পটন্তৰলৈ চাই চলিবলৈ হোৱা হেঁতেন, আমি বৰ্ত্তমান সভ্যতাৰ এই বিনন্দীয়া পোহৰ কেতিয়াও নেদেখিলোঁ হেঁতেন।  ৩.বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাৰে মন পোহৰাই নল'লে সংসাৰত কৰ্ম্ম ...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত মহাবিদ্যালয় যুৱ মহোৎসৱ: প্ৰত্যাশা,প্ৰাসংগিকতা আৰু অনুভৱৰ আলাপ.......

Image
অনুভৱবোৰ ছপা আখৰত... ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত মহাবিদ্যালয় যুৱ মহোৎসৱ: প্ৰত্যাশা,প্ৰাসংগিকতা আৰু অনুভৱৰ আলাপ....... "অনুভৱবোৰ সাঁচি ৰাখিবা ইযে বৰষুণৰ চেঁচা টোপালবোৰৰ দৰেই শীতল,স্বচ্ছ আৰু আত্মাৰ দৰেই পৱিত্ৰ।" সুদীৰ্ঘ  প্ৰায় ছশ বছৰীয়া আহোম ৰাজত্বৰ সোণোৱালী ৰূপোৱালী সহস্ৰ ৰং-বৰং স্মৃতি আৰু ইতিহাস বিজড়িত ঐতিহাসিক স্থান গড়গাঁওত অৱস্থিত গড়গাঁও মহাবিদ্যালয়ত যোৱা ১১,১২,১৩ আৰু১৪ ফেব্ৰুৱাৰীত ২০১৯-২০ বৰ্ষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত মহাবিদ্যালয় যুৱ মহোৎসৱ অনুষ্ঠিত হৈ যায়।১০ ফেব্ৰুৱাৰীৰ দিনাই গড়গাঁও মহাবিদ্যালয়ৰ বাকৰিত সোণোৱালী সপোনৰ পম খেদি উপস্থিত হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায় ৭০ খন মহাবিদ্যালয়ৰ স্বপ্নসন্ধানী,সপোন পিয়াসী হাজাৰৰো অধিক লৰিয়লি চৰাই।মহাবিদ্যালয়ৰ দশোদিশে গুঞ্জৰিত হ'ল ৰঙীন পখিলাৰ প্ৰতিভাৰ ঝংকাৰ।নিজ নিজ মহাবিদ্যালয় খনক প্ৰতিনিধিত্ব কৰি অহা প্ৰতিটো ২৫-৩০ জনীয়া গোটৰ মাজত জীৱন্ত হৈ উঠিছিল দৃঢ়তা,সংহতি আৰু যুৱশক্তিৰ পয়োভৰ।মহাবিদ্যালয়সমূহৰ নিজা LOGO সংযোজিত টি-চাৰ্ট সমূহ পৰিধান কৰি আপোন মহাবিদ্যালয়খনিক প্ৰতিনিধিত্ব কৰাৰ আপাহতে সকলো স্ব গৌৰৱেৰে উথলি উঠি...

পুৰণি লেখা....

Image
পুৰণি লেখা অনুভৱবোৰ ছপা আখৰত... 13/02/2020 'কা' আন্দোলনৰ পৰিপ্ৰেক্ষিতত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ আৰু অসমৰ ভৱিষ্যত........ অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম নতুন অসম গঢ়িম...৷ এইয়া সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ কণ্ঠত সমুজ্জল হৈ উঠা দেশ তথা সুজলা সুফলা শস্য শ্যামলা অসমমাতৃক  বন্দনা কৰা হৃদয়ৰ গোপন কক্ষৰ মধুৰ বাণী।প্ৰকৃতিৰ ৰম্যভূমি অসমৰ সৌন্দৰ্য সুষমা কিম্বা সুকীয়া বৈশিষ্ট্যৰে পৰিবেষ্টিত শোভা বৰ্ধনকাৰী অসমৰ নান্দনিক দৃশ্যাৱলীয়ে দেশী বিদেশী সকলো লোককে অতীজৰে পৰাই সন্মোহিত কৰি আহিছে।গুৰুজনাৰ বৰগীত আৰু চুফী সাধক আজান পীৰে মধুৰ জিকিৰ গীতেৰে সমন্বয়ৰ সোণালী সাঁকো গঢ়ি তোলা এইখন অসমতেই প্ৰাক স্বাধীনতাৰ আগৰে পৰাই পূৰ্ববংগ আজিৰ বাংলাদেশৰ পৰা হোৱা অবৈধ প্ৰৱজনৰ বোজাই অসমৰ সামগ্ৰিক উন্নয়নৰ পথত আজিকোপতি এক বৃহৎ প্ৰশ্নবোধক চিন হৈ থিয় দিছে।আজিৰ পৰা তিনিটা দশকৰ পূৰ্বেই আৰম্ভ হৈছিল বিদেশী বহিষ্কাৰ আন্দোলনৰ, হেৰাই গৈছিল সম্ভাৱনাময় অনেকজনৰ তকবক যৌৱন।আন্দোলনৰ শেষৰ পৰ্যায়ত স্বাক্ষৰিত হ'ল ঐতিহাসিক অসম চুক্তিৰ আৰু অসম চুক্তিৰ ছয় নং দফাত অন্তৰ্ভুক্ত হল খ...

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ মন্তব্য

Image
  "ময়েই চাগে ইমান খৰচি মাৰি পঢ়া নাই।মুগ্ধ।" ~ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী

ছবি আৰু শব্দৰ কথকতা❤️

Image
শুভাকাংক্ষীসকলৰ কথাৰে... এই বৰ্ষতেই আমালৈ অহা কেইটামান খুব ধুনীয়া মন্তব্য আপোনালোকৰ সৈতে ভগাই লোৱাৰ হেঁপাহ জাগিল।মন্তব্যসমূহ কোনে দিছিল ইয়াত উল্লেখ কৰা নাই।হয়তো পঢ়ি চালে,দিয়া সকলে নিজেই গম পাব।এই মন্তব্যসমূহ আমাৰ বাবে অফুৰন্ত প্ৰেৰণাৰ স্ৰোত,অন্তহীন আশীৰ্বাদ❤️এইবোৰৰ মাজতেই খেপিয়াই বিচাৰি ফুৰোঁ জীৱনৰ এটা ধুনীয়া অৰ্থ💛 ধন্যবাদ আৰু কৃতজ্ঞতাৰে... উজ্জ্বয়িনী🌻 ১.বৰ্তমানৰ ফেচবুকৰ বিতৰ্কৰ পৃথিৱীখনত এই পেজটো যেন প্ৰখৰ ৰ'দত এজোপা গছৰ শীতল ছাঁ। বাটৰুৱাও যেন ক্ষন্তেক ৰৈ যাবলৈ বাধ্য। প্ৰথমৰ পৰাই লগত আছো আৰু ভৱিষ্যতলৈও থাকিম। ২.ফেচবুক খুচৰি থাকোঁতে হঠাৎ চকু পৰা এখন পেজ, এটি আকৰ্ষণ আৰু এইয়াই আৰম্ভণি। কি যে ভাল লগা কথা আৰু ছবিৰে সমৃদ্ধ প্ৰতিটো পোষ্ট। আমাৰ দৰে শব্দ ভালপোৱা মানুহবোৰে এনেকুৱা কিবা এটা দেখিলেই ৰৈ যাওঁ। এই পেজখনো তাৰ ব্যতিক্রম নাছিল। পেজৰ স্ৰষ্টাক ধন্যবাদ আৰু অভিনন্দন। ৩.তোমাৰ প্ৰফাইলটো ভালকৈ চালোঁ , বৰ ভাল পালোঁ ছবি, বাক্য বোৰ পঢ়ি। প্রশান্তি দি গ'ল, আগুৱাই যোৱা। ৪.আপোনাৰ page টো মোৰ খুব আপোন ।সাধাৰণ নহয়, বৰ্তমানৰ সস্তীয়া জনপ্রিয়তা লাভৰ দৌৰৰ পৰা দূৰৈত ৰৈ আপোনাৰ এই প্ৰচেষ্টা অসাধ...

আশাফুল❤️

1.Papori baa I am Toslima DKD College Polsc depertment নিয়মীয়া বাৰ্তাৰ তোমাৰ লেখাটো পঢ়িলো " অপেক্ষা" ইমান ধুনীয়াকৈ লিখিছা বি:দ্র তোমাৰ কথা নৱনীতা বাইদেউ, বিভাগৰ প্ৰায়েই আমাক কৈয়ে থাকে। আমাৰ অনুপ্ৰেৰণা তুমি। ভাল ভাল লিখি যোৱা। 2.নিয়মীয়া বার্তাত প্রকাশিত আপোনাৰ 'অপেক্ষা মানেই সম্ভাৱনা' পঢ়ি ভাল লাগিল।সময়ৰ সোঁতত অপেক্ষা কৰিবলৈ শিকি গৈছো। চৰকাৰী চাকৰিৰ বাবে হোৱা পৰীক্ষাসমূহ দিঁও আৰু ৰিজাল্ট দিওঁতে বহু পলম কৰে। প্ৰথমতে ৰৈ ৰৈ বিৰক্তি লাগিছিল কিন্তু এনেকৈয়ে ধৈর্য ধৰিবলৈ শিকি গলো যিকোনো ফলাফলৰ বাবে। বর্তমান অপেক্ষা কৰিবলৈ আমনি নলগা হ'ল। মই স্বপ্নীল কলিতা 3.Good evening baa. Moi Kankana from Nagaon. Aji Niyomiya bartat apunar article " Apeksha manei sambhabona" Pohi bohut apluto holu.. Your writing gives me the most requisite lesson to calm down my anxiety resulted from waiting. From last two months I am desperately waiting to have my phd report which seems very worrisome at times. Aji apunar article tu podhi revitalize hua jen feel hol. Thank you. There is a cla...

হালধীয়া জোতা

হালধীয়া জোতা,উপাসনা শইকীয়াৰ প্ৰথমখন গল্প সংকলন।গল্প সংকলনখনি পূৰ্বায়ণ প্ৰকাশনে ২০২২ চনৰ নৱেম্বৰ মাহত প্ৰকাশ কৰিছিল।এই গল্প সংকলনখনিয়ে ২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰিছিল। উদ্ধৃতি ১.এতিয়া শ্যামলীৰ কথা যেতিয়া সি ভাবে কর্নেল আংকলৰ হিৰণ্ময়ীলৈ তাৰ মনত পৰে। তায়ো চাগৈ সেই যাদুৰ দেশ অসমৰ ক'ৰবাত গছ অথবা নদী হৈ নিৰৱধি বৈ আছে। কংক্রিটৰ অৰণ্যত এতিয়াও ৰবীনে এজোপা সেউজীয়া গছৰ ছায়া বিচাৰি ফুৰে। গছজোপাৰ নাম শ্যামলী। পৃথিৱীত সকলো মানুহেই এক মৰমী ছায়া বিচাৰি ফুৰে নিজে নজনাকৈ।(১৬) ২.শ্যামলীক শ্বিলঙত লগ পোৱাৰ পিছত উত্তৰ-পূবলৈ কোনোদিনে যোৱা নাছিল ৰবীন কে. শৰ্মা। সি তাৰ থার্ড নেইমটো সলনি কৰি ডিচুজা কৰি পেলাইছিল আৰু কলকাতাৰ আগশাৰীৰ ফৰেনছিক লেবৰেটৰী এটাত কনিষ্ঠ বিজ্ঞানী হিচাপে যোগদান কৰিছিল। এজন কর্মব্যস্ত, নীৰৱ, ভাবুক বিজ্ঞানী হৈ পৰিছিল। হৈ পৰিছিল সেইবোৰ মানুহৰ এজন যিবিলাকে জটিলতাৰ মুখা পিন্ধি বুকুৰ মাজত এখন সেউজীয়া অৰণ্য গোপনে লৈ ফুৰে।(১৮) ৩.কর্নেল আংকলৰ দৰে এতিয়া বাৰু কোনোবাই অপেক্ষা কৰিবনে যাদুৰদেশত গছ হৈ ৰোৱা প্রেয়সীৰ (যদিও ৰবীনে কল্পনা বুলিহে ভাবে) বাবে? যোগাযোগ নাৰাখিলেও শ্যামলীক সি ক্ষ...

মনৰ বাতৰি-০৬-অভিনৱ শইকীয়া

Image
  (০২) (০১)