মনৰ বাতৰি-০৯-Anonymous
নাজানো কি লিখিব লৈছোঁ, কিন্তু লিখিছোঁ। নিজক আনৰ আগত প্ৰকাশ কৰাও যে ইমান কঠিন কাম ভবা নাছিলোঁ মই। নিজৰ মনৰ কথা লিখিবলৈ কোৱাৰ স্বত্বেও ৰৈ গৈছিলোঁ। কি লিখিম? কাক লৈ লিখিম? সৰুৰে পৰাই নিজৰ কথা প্ৰকাশ কৰি নাপালোঁ মই। প্রায় এটা কথাত কাজিয়া হয় আমাৰ ঘৰত যে মই কথা নাপাতো, নামাতো, ঘৰত কাকো একো নকওঁ। নাজানো কিয় মই নোৱাৰোঁ ক'ব একো, ক'লেও যে শুনিব গুৰুত্ব দি তেনেকুৱা নালাগে মোৰ। ঘৰত মই, বা, মা আৰু পাপা। সৰুতে মইও ক'ব খুজিছিলোঁ কথা কোনেও নুশুনে কাৰণে নকলোঁ, তেতিয়াৰ পৰাই এটা বেয়া অভ্যাস মোৰ কাকো একো নোকোৱাটো। এতিয়াও লগত থকা কোনেও নাজানে কি ঘটি থাকে মোৰ জীৱনত। মানুহক মানুহ লাগে, মানুহক বুজি পোৱা মানুহ লাগে, একো নকৈ মনে মনে বহি থাকিলেও মনৰ মাজত চলি থকা ধুমুহাজাক বুজি পাবলৈ মানুহ লাগে। প্রায় মানুহে কয় মাকে বোলে মুখ দেখিয়ে ল'ৰা - ছোৱালীৰ মনৰ কথা বুজিব পাৰে, মই কিন্তু সম্পূর্ণ বিশ্বাস নকৰোঁ। আনৰ নিচিনা জেদ ধৰিও নাপালোঁ কিবা এটা লাগে বুলি, জানো প্রয়োজন আছে বুলি ভাবিলে এনেও আনি দিব। সৰুৰে পৰাই এটা কথাই মোক প্ৰায় আমনি কৰিছিল, মই অনুভৱ কৰিছিলোঁ মোৰ মগজুটো কোনো দিনেই ৰোৱা নাছিল। প্রতি মূহুর্তত ...