অঘৰী আত্মাৰ কাহিনী
১.ডেকা মানুহজনে এটা খদ্দৰৰ দীঘল কুর্তা পিন্ধিছিল। চোলাটো তেওঁৰ গালৈ কিছু ঢিলা আৰু পুৰণি, আস্তিনকেটা বহল। চোলাটো কান্ধৰ ওচৰতে অলপ ফাটিছিল। বুকুৰ জেপটোত ফাউন্টেন পেনৰ সোণালী ক্লিপটো জিলিকি আছিল।পুৰণি যদিও চোলাটো মলিয়ন নহয়, পৰিষ্কাৰ।1
২.জীৱনলৈ ভয় কৰি জীয়াই থকাটো আজিৰ মানুহৰ profession। অকলে জীয়াই থাকিবলৈ ভয় কৰা কাৰণেই তুমি বিজনেচ কৰিছা, মই এটা পলিটিকেল
পাৰ্টিৰ অফিচত চাকৰি কৰিছো, অপৰাই ৰাজনীতি নে কিবা কৰি ফুৰিছে।50
৩.বহুত কথা সহজে বুজিব নোৱাৰো কাৰণেই সকলো কথা বুজো বুলি ভবা এটা কমপ্লেক্স মোৰ আছে। আজিৰ মানুহ কিয় ইমান অসুখী জানা?কোনো যুগতে মানুহে নিজকে ইমান তন্নতন্নকৈ ফঁহিয়াই চোৱা নাছিল।এনেদৰে নিজক বুজিবলৈ চেষ্টা কৰা নাছিল। হয় মানুহ আছিল দেৱতা, নাইবা পশু। মানুহৰ ভাব-অনুভূতি, চেন্টিমেন্ট, ইন্তিস্কট্, কাম, কথা এইবোৰ প্রতিটোকে কাহানিও এনে নিষ্ঠুৰভাৱে বিশ্লেষণ কৰিবৰ যত্ন কৰা নাছিল। নিজৰ বিষয়ে মানুহৰ জ্ঞান যিমানে বেছি হৈছে, সিমানে মানুহ অসুখী হৈছে। জ্ঞান বৃক্ষৰ গুটি খোৱাৰ পৰিণাম পেৰেডাইজ লষ্ট-স্বর্গচ্যুতি।50
৪.সুখী-অসুখীটো ৰাজহুৱা বা সমূহীয়া কথা নহয়, ব্যক্তিগত কথা। কোনো অঞ্চলৰ সকলো মানুহ দুখীয়া হ'ব পাৰে, কিন্তু দুখীয়া কাৰণেই সকলো মানুহ অসুখী বুলি ভাবিব নোৱাৰি।51
৫.মোৰ সমান দুৰ্ভগীয়া ছোৱালী পৃথিৱীত আৰু ক'ৰবাত আছেনে বাৰু? মোৰ আই-বোপাই কোন আছিল নেজানো, মৰিলনে ক'ৰবাত বাচি আছে তাকো ক'ব নোৱাৰো। নেজানো মোৰ জাতি কি, ধর্ম কি, ভাষা কি, ক'ত আছিল মোৰ ঘৰবাৰী-একোকে নেজানো। আৰু আজি ঈশ্বৰৰ বাহিৰে আন কোনেও এইবোৰ প্ৰশ্নৰ উত্তৰ নেজানে। এই পৰিচয়হীনতাৰ কি দুখ, কি গ্লানি তুমি বুজিব নোৱাৰিবা।”98
৬.সেই কাৰণেই মোৰ ভালপোৱাৰ মৰ্যাদা ৰক্ষা কৰিবৰ কাৰণেই মই তোমাক অপমানিত হ'বলৈ দিব নোৱাৰো। তুমি ক'ৰবাত অপমানিত হোৱা মানে আমাৰ প্রেম অপমানিত হোৱা, আৰু সেয়ে মোৰো অপমানৰ কথা।100
৭.এজনী ভাবপ্রৱণ ধুনীয়া গাভৰু ছোৱালীয়ে যেতিয়া কোনো এক দূৰ দেশত, অচিন অজান হেজাৰ-বিজাৰ মানুহৰ মাজত নিজকে একেবাৰে অকলশৰীয়া আৰু অসহায় অনুভৱ কৰে, আৰু সেই নিঃসঙ্গতাৰ চেতনাই যেতিয়া তেওঁক অধীৰ, উন্মনা কৰি তোলে, তেতিয়া আত্মসম্বৰণ কৰিবলৈ কোনো উপায় নেথাকে। থিয়েটাৰ, চিনেমা, খেল-ধেমালি, আমোদ-প্রমোদে তেতিয়া শান্তি দিব নোৱৰা হয় আৰু অকলশৰীয়া মানুহৰ নিঃসঙ্গতাৰ উপলব্ধি কেতিয়াবা বৰ ভয়াৱহ আৰু মাৰাত্মক হ'ব পাৰে।103
৮.প্রত্যেকখন চিঠিতে ছায়াই লিখিছিল-চৌধুৰী, আমি এদিন নিশ্চয় নিজকে জয় কৰিব পাৰিম, সিমান দিনলৈ তুমি বাট চাব পাৰিবা নহয়? মই বাট চাম। পৃথিৱীৰ য'তেই থাকো, মই তোমাৰ কাষলৈকে ঘূৰি যাম, তোমাক মই বিচাৰি উলিয়াম। কিন্তু ছায়া আৰু ঘূৰি নাহিল।103
৯.তুমি যেতিয়া জানা যে তুমি এটা মানুহ আৰু তুমি যুঁজ কৰিবলৈ ওলাইছা এদল হিংস্র পশুৰ লগত, তুমি চকু মেলি যুঁজিব নোৱাৰা-চকু মুদি যুঁজাৰ বাহিৰে আৰু উপায় নাই। কিন্তু জ্ঞান বুদ্ধি বিবেক নানা দৃষ্টি দিছে। মই অন্ধ নহয়, সেই কাৰণেই মোৰ মাজত এটা অন্ধ মানুহৰ মই সন্ধান কৰিছো।111
১০.শশাঙ্কই ক'লে, "আত্মৰক্ষা কৰাৰ কথা মনত ৰাখি যি যুদ্ধ কৰিবলৈ যায়, সি কাহানিও জিকিব নোৱাৰে। আত্মৰক্ষাৰ চিন্তা মই কৰা নাই। মই মাথোন অন্ধ হৈ যুঁজিবলৈ বিচাৰিছো। বহুত দিন মানুহ হৈ থাকিলো, অলপ অমানুহ হ'বলৈ বিচাৰিছো।" প্রকৃততে মই পশু হ'বলৈ বিচাৰিছো।111
পৃষ্ঠা-১,৫০,৫১,৯৮,১০০,১০৩,১১১
Comments
Post a Comment