উচ্চাকাংক্ষা

বৰগোহাঞি,হোমেন(নৱেম্বৰ,১৯৯৯)।উচ্চাকাংক্ষা।ষ্টুডেণ্টচ্ ষ্ট’ৰচ্.


উচ্চাকাংক্ষা,হোমেন বৰগোহাঞিৰ দ্বাৰা ৰচিত এখনি প্ৰবন্ধ সংকলন। এই প্ৰবন্ধ সংকলনখনি ১৯৯৯ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ কৰিছিল ষ্টুডেণ্টচ্ ষ্ট’ৰচ্‌ প্ৰকাশনে।




১.পৰিশ্ৰমৰ প্ৰতি গভীৰ আৰু আন্তৰিক অনুৰাগ নাথাকিলে কোনো মানুহেই এই সংসাৰত উন্নতি কৰিব নোৱাৰে ।


২.যেতিয়াই দুখত বা বিপদত পৰ, তেতিয়া এটা কথা মনত পেলাবি যে দুখ বা বিপদ কেৱল তোলৈকে অহা নাই । তোতকৈ বহুত বেছি দুৰ্ভগীয়া কোটি কোটি মানুহ আছে - যিবোৰে দুখৰ সাগৰত ককবকাই পাৰ পোৱা নাই । সিহঁতৰ দুখৰ লগত নিজৰ দুখ ৰিজাই চালেই তই নিজকে খুব ভাগ্যৱান বুলি ভাবিব পাৰিবি আৰু মনত শান্তি পাবি । কেৱল নিজৰ দুখৰ কথাকে চিন্তা কৰি থকাটো পাপ । লোকৰ দুখ - কষ্ট দেখিও তাক দূৰ কৰিবলৈ চেষ্টা  নকৰাটো আৰু বেছি ডাঙৰ পাপ ।

৩.শিষ্টাচাৰৰ আচল পৰিচয় ফুটি উঠে উচ্চ স্থানত থকা মানুহে তেওঁতকৈ তলৰ স্থানত থকা মানুহৰ প্ৰতি দেখুওৱা আচৰণৰ যোগেদি ।

৪.গভীৰ জ্ঞানৰ কথা কেৱল মানুহৰ মগজুৰ পৰা নোলায়, হৃদয়ৰ পৰাও জ্ঞানৰ কথা ওলাব পাৰে । হৃদয়ৰ জ্ঞানৰ তুলনাত আন সকলো জ্ঞানকে তুচ্ছ বুলি ভাবিবলৈ নিশিকিলে আমি জীৱনৰ আচল অৰ্থ কেতিয়াও বুজিব নোৱাৰিম ।

৫.মানুহৰ জীৱনৰ লক্ষ্য যিমানেই ডাঙৰ হয়, সিমানেই কঠোৰ আৰু দীঘলীয়া হয় তেওঁৰ পৰিশ্ৰম । ঘাঁহ যিমান সোনকালে বাঢ়ে সিমান সোনকালে মৰে ।  এজোপা বৰগছ বা আঁহত গছৰ চৰম বৃদ্ধি হ'বলৈ বহুবছৰ লাগে ; কিন্তু সি জীয়াইয়ো থাকে বহুবছৰ ।

৬.মানুহে যদি কাকো ভাল পাব নোৱাৰে বা কাকো ঘৃণা কৰিব নোৱাৰে, কাকো শ্ৰদ্ধা কৰিব নোৱাৰে বা কাকো নিন্দা কৰিব নোৱাৰে, তেন্তে মানুহৰ হৃদয় বোলা বস্তুটোৰ গঠন আৰু বিকাশ হ'ব নোৱাৰে ।

৭.প্ৰত্যেক মানুহৰ জীৱনৰ লক্ষ্য হোৱা উচিত এটা নহয় - দুটা । প্ৰথমটো লক্ষ্য হ'ল নিজৰ সহজাত প্ৰতিভা আৰু অভিৰুচিৰ লগত সংগতি ৰাখি এখন কৰ্মক্ষেত্ৰ বাছি লৈ তাত কৃতকাৰ্য হ'বলৈ চেষ্টা কৰা । দ্বিতীয়টো লক্ষ্য হ'ল নিজৰ সুকুমাৰ হৃদয় - বৃত্তি আৰু নৈতিক চৰিত্ৰৰ উৎকৰ্ষ সাধন কৰি জীৱনত সুখ, শান্তি আৰু আনন্দ পাবলৈ চেষ্টা কৰা ।

৮.যি মানুহক এবাৰ কিতাপৰ নিচাই পাইছে তেওঁক আন একো নিচাই টলাব নোৱাৰে ।


Comments