গল্প:প্ৰাণ পোৱাৰ পিছত চৈয়দ আব্দুল মালিক

শেষৰ নাচটো জুৰি আৰু হেমন্ত দুয়ো নাচিলে।


নাচটোৰ নাম 'ৰাতি আৰু ৰজনীগন্ধা'। দিনৰ দিনটো নিজক পাতৰ আঁৰত লুকাই ৰাখি ৰাতিৰ কাৰণে অপেক্ষা কৰি থাকে ৰজনীগন্ধাই। লাহে

লাহে সাজ গঢ়ে-ৰাতি আহে, গহীন খোজ, গাত পাতল বগা জোনাকৰ ৰহণ, মুখত স্নিগ্ধ কোমল স্বপ্নৰেখা, মূৰত ডাঠ ক'লা চুলিৰ ওপৰত ক'লা পাৰিৰ চেলেঙৰ ওৰণি;গাত লোৱা আকাশবুলীয়া কাপোৰখনত উজ্জল সোণবৰণীয়া তৰাৰ শাৰী।


ৰাতিৰ আগমনত ৰজনীগন্ধাৰ পাহিবোৰ লাহে লাহে মেল খালে-এটা এটাকৈ। আকাশৰপৰা লাহে লাহে বাগৰি আহিল বগা জোনাকৰ ঢৌ। জোনাকক বুকুত লৈ আৰম্ভ হ'ল ৰজনীগন্ধাৰ নাচ। ৰজনীগন্ধাৰ কি আনন্দ! কি আবেশ। কি ছন্দ। আৰু কোনো নাই-ৰাতি আৰু ৰজনীগন্ধা।


ৰজনীগন্ধাৰ নাচোন লাগি কঁপি উঠিল ৰাতিৰ বতাহ-কঁপি উঠিল ৰাতিৰ আকাশৰ নীলিমা। ৰাতিয়েও নাচিব ধৰিলে। নাচোঁতে নাচোঁতে কেতিয়াবা ৰাতিৰ বুকুত ৰজনীগন্ধা লুকাই পৰে, থাকে কেৱল জোনাক-শুভ্র বিমল জোনাক, কেতিয়াবা আকৌ ৰজনীগন্ধাৰ বুকুত লুকাই পৰে ৰাতি, থাকে কেৱল শুভ্র ৰজনীগন্ধাৰ জোনাক-সনা পাপৰিত নাচৰ ধৱল ছন্দ।


নাচি নাচি দুয়ো আত্মহাৰা, উদ্‌ভ্ৰান্ত-যেন পৃথিৱীত আৰু কোনো নাই! লাহে লাহে পূব আকাশৰ হিৰণ্য গৰ্ভৰপৰা দুষ্টা উষাৰ ভৰিৰ শব্দ শুনা গ'ল। শেষবাৰৰ কাৰণে নিশাই ৰজনীগন্ধাক বুকুত সাৱটি ধৰিলে। তাৰ পিছত ৰজনীগন্ধাৰ ফালে চাই চাই ৰাতি দিগন্তৰ সিফাললৈ আঁতৰি গ'ল। আকুল, উদাস, অপূর্ণ দৃষ্টিৰে ৰজনীগন্ধায়ো ৰাতি যোৱাৰ বাটলৈ ৰ'-লাগি চাই ৰ'ল।


যৱনিকা পৰিল।


গল্প:প্ৰাণ পোৱাৰ পিছত

চৈয়দ আব্দুল মালিক

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)