উপন্যাসৰ আৰম্ভণি বাক্য

খোজবোৰ পিছলি পিছলি যায়।

-এখোজ, দুখোজ-এবেঁও,দুবেও।

শুকান বালিত শুদা ভৰিৰ গোৰোহা পিছলা খোজ।

মৰা-নদীৰ চেৰা সুঁতিত যৌৱন-শঙ্কিত প্ৰাণৰ ভীতু খোজ।আকাশত ফাগুনৰ হাঁহি।

~জীয়া-জুৰিৰ ঘাট

চৈয়দ আব্দুল মালিক




অন্তৰত বিষণ্ণ এক সেউজীয়াৰ স্তব্ধতা, সোণাৰৰ অকণমান সোণহালধীয়া লৈ গাঁওখনৰ এমুৰত থকা গেজেপনি হাবি এখনৰ পৰা ওলাই আহিছোঁ। দিনতে আন্ধাৰ, যিখন হাবিত দেও-ভূত, বুঢ়া-ডাঙৰীয়া থাকে, জাৰকালি ফুট-গধূলিতে ফেউৰাই ফেউফেউ কৰে, হোঁকোৰা বাঘ ওলায়, ঢেঁকীয়াপতীয়াই হোঁকৰে। আমাৰ চুবুৰীৰ সৰুল'ৰা বৰদেউতাৰ পৰিয়ালৰ তিৰোতা মানুহ এগৰাকী বাহিৰ ফুৰিবলৈ যাওঁতে বাঘে খাই মৰা কথাটো সৰুতে শুনিছিলোঁ। 


নীলমণি ফুকন

পাহৰিব নোৱাৰিলোঁ যি



শদিয়ালৈ নাযাবা শতফুল নাখাবা কেঁচাপাতত নাবান্ধিবা লোণ উপজিয়েই বুঢ়া হয় কোন?

-কোন?কোন?

-নাজানো...।

নাজান! এইটোকে নাজান। হিঃ হিঃ হাঃ হাঃ....

যাঃ নেখেলোঁ- নেখেলোঁ....

মেৰেং দুপ-দাপকৈ ভৰি-হাত মাৰি প্ৰায় দৌৰি আহিল।


অনুৰাধা শৰ্মা পূজাৰী

মেৰেং



বিপুলৰ মাকে জিকাটো দুটুকুৰা কৰি কটাৰীৰ আগেৰে সেইটোৰ মঙহ অকণমান মুখত দিলে; আগদাঁতেৰে সেইকণ চোবাই গম ল'লে- জিকাটো তিতা নে কি। কিছুমান জিকা আৰু ভোেল তিতা হয়; সেইকাৰণে জিকা আৰু ভোেল ৰান্ধিবলৈ ল'লেই তেওঁ আগতে অকণমান খাই চায়।


ভবেন্দ্ৰ নাথ শইকীয়া

মৰমৰ দেউতা


ৰাস্তাটো বোকা। দুয়োফালে পথাৰ। নৰেন্দ্ৰ নাথ চৌধুৰীৰ পুৰণা চৰকাৰী জীপখনে ক'লা ধোঁৱা বেছিকৈ উৰুৱাইছে; পুৰণা টায়াৰকেইটা বোকাৰ মাজত যে ফচি যোৱা নাই, সেইটোৱেই ডাঙৰ কথা!

"এইটোক যে আৰু ৰাস্তা বুলি ক'ব নোৱাৰি।" নৰেন্দ্ৰ নাথ চৌধুৰীয়ে ভাবিলে, -"ওহোঁ। সস্তাত পাইছোঁ বুলিয়েই এই অঞ্চলত মাটি কিনা, ইয়াত ঘৰ সাজি থাকিবলৈ লোৱা, ওহোঁ।" কাষত বহি অহা পৰিবাৰলৈ চালে চৌধুৰীয়ে; ভবা কথাখিনি মুখলৈ আনিব খুজিও নানিলে।"


হিৰণ্য কাশ্যপ

সময়






এজন নতুন লিখকৰ উপন্যাস এখনৰ পাণ্ডুলিপিৰ ওপৰত চকু ফুৰাইছিলো। মনোযোগ দিবলগীয়া হৈছিল যথেষ্ট। পুৰণি সিদ্ধহস্ত লিখকৰ লিখা ভালকৈ নপঢ়িলেও চলে, কিয়নো পঢ়িও বিশেষ লাভ নাই। তেওঁলোকৰ লিখাৰ ওপৰত চকু ফুৰাব পাৰি, হাত ফুৰাবৰ অধিকাৰ নাই; কিন্তু নতুন লিখকৰ লিখা প্রকাশ কৰিবলৈ লোৱাৰ ভালকৈ চোৱা দৰকাৰ। পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰখাৰ উপৰিও, সুসাহিত্য পৰিবেশন কৰাৰ যি ঐতিহ্য 'জীলি প্রকাশনী'ৰ আছে তাক অক্ষুণ্ণ ৰখাও আমাৰ দায়িত্বৰ ভিতৰৰ কথা। তাতোকৈ ডাঙৰ কথা, পুথি প্রকাশত ব্যয় কৰা টকা ঘূৰাই পোৱাৰ উপৰি, লাভৰ বিষয়ে নিশ্চিত হ'ব পৰাটো।

চৈয়দ আব্দুল মালিক

ডঃ অৰুণাভৰ অসম্পূৰ্ণ জীৱনী




সেই সময়ত বয়স বৰ কম আছিল। খোৱা-পিন্ধাৰ চিন্তা নাছিল। এনেকুৱা অৱস্থাত মোৰ বয়সৰ যিকোনো ছোৱালীয়ে আনন্দত দিন কটোৱাৰে কথা আছিল। মোৰ কপালত কিন্তু এই আনন্দৰ কথা লেখা নাছিল। এক প্ৰকাৰ নৈৰাশ্য আৰু দুঃখবোধে মোৰ হৃদয়ৰ লগত যেন ঘৰ বান্ধিয়ে লৈছিল।


মামণি ৰয়ছম গোস্বামী

আধালেখা দস্তাবেজ


ডেকা মানুহজনে এটা খদ্দৰৰ দীঘল কুর্তা পিন্ধিছিল। চোলাটো তেওঁৰ গালৈ কিছু ঢিলা আৰু পুৰণি, আস্তিনকেটা বহল। চোলাটো কান্ধৰ ওচৰতে অলপ ফাটিছিল। বুকুৰ জেপটোত ফাউন্টেন পেনৰ সোণালী ক্লিপটো জিলিকি আছিল।পুৰণি যদিও চোলাটো মলিয়ন নহয়, পৰিষ্কাৰ।


অঘৰী আত্মাৰ কাহিনী




এক বিচিত্ৰ ৰসাল, নানা বৰণীয়া জীৱন্ত ভূমি। কেউফালে ওখ-চাপৰ পৰ্বত- পাহাৰে আৱৰি ৰখা, এখন গছে-বনে, ফুলে পাতে উপচি থকা নৈ-পৰীয়া ঠাই। এখন ৰাজ্য, এখন প্রদেশ, এখন দেশ। এখন তাৰ মানুহ, পশু, চৰাই, মাছ, পোক-পৰুৱাৰে ওপচা ঠাই। জনমভূমি, মাতৃ। এই সেউজীয়া গছ-গছনিয়ে ঢাকি ৰখা দেশখনৰ ভূমিখণ্ডৰ বুকুৰ মাজেদি বৈ গৈছে উত্তৰৰ বৰফে ঢকা পৰ্বতৰ বুকুৰ পৰা নামি অহা, নিৰবধি, দিন-ৰাতি অকণো নৰৈ বৈ থকা এখন বহল, দ', চিৰ প্রবহমান নদী-বৰ- লুইত, ব্ৰহ্মপুত্ৰ। এই বৰ-লুইতখন তাৰ দুয়ো পাৰে যুগে যুগে বসবাস কৰি অহা বিভিন্ন লোকসকলৰ বুকুৰ আপোন। যিয়ে যি নামকে দি মাতক, নৈ একেখনেই- লুইত, বৰ-লুইত, বুঢ়া-লুইত,বৰহমপুত্ৰ, ব্ৰহ্মপুত্ৰ, চিৰী-লুইত!


চৈয়দ আব্দুল মালিক

প্ৰেম অমৃতৰ নদী






Comments