নতুন পথ
হিতেশ ডেকা
চন্দ্ৰ প্ৰকাশ
১৯৫৪
🌼“মায়া-মোহৰ বাবেই মানুহে এই শূন্য সংসাৰখনকে মোৰ মোৰ বুলি আকোৱালি লৈ থাকে ৷ মায়াৰ বন্ধন আছে বুলিয়েইতো সংসাৰ চলি আছে ৷ মায়া অবিহনে সংসাৰ মিছা, জীৱন ৰসহীন ৷"
🌼 “মানুহে ট্ৰেজেডী পঢ়ি ভাল পায়, কিন্তু জীৱনটো ট্ৰেজেডী হোৱা ইচ্ছা নকৰে। সাহিত্যত যি আদৰণীয়, জীৱনত সেয়ে হয় বৰ্জনীয় ৷জীৱনটো এটা কল্পনা নহয়, নিষ্ঠুৰ কৰ্তব্যৰে ভৰা,নিতান্ত বাস্তৱ” ৷
🌼“এজনে এটা কাম কৰে এটা কাৰণত আৰু আনজনে ভাবে অন্য উদ্দেশ্যত ।এই বুজাৰ ভুলৰ বাবেই মানুহৰ মাজত আহি পৰে বিশৃংখলতা ৷হায়! মানুহৰ ভাব! কি ৰূপতেই প্ৰকাশ হয় তাক কোনেও ক’ব নোৱাৰে” ৷
🌼“মানুহে নিজৰ চিন্তাত ব্যস্ত থাকোতে অইনে তেওঁৰ বিৰুদ্ধে হুল পুতে। দেখা শত্ৰুতকৈ নেদেখা শত্ৰু আৰু বেছি ভয়ংকৰ ৷ কিমান নিৰ্দোষী প্ৰাণীয়ে এনেকৈ সংসাৰত গুপ্ত ষড়যন্ত্ৰৰ বাবে বিপদৰ সন্মুখীন হ’ব লগা হয় তাৰ লেখ জোখ নাই ৷তুমি অন্যায় নকৰিলেও তোমাৰ অন্যায় কৰাতো জগতত অনেক আছে” ৷
Comments
Post a Comment