হেম বৰুৱা

১.ছবিত সাগৰ দেখিছোঁ। নীলা সাগৰ। কিতাপতো ইয়াৰ বৰ্ণনা পঢ়িছোঁ, বিশেষকৈ কবিতাত; লৰ্ড বাইৰন্, জন্ মেছফিল্ড আদিৰ কবিতাত। সেই যেঃ "নীলিম সলিল ৰাশি, বাধাহীন উর্মিমালা, আছে দূৰ দিগন্ত বিয়াপি।” ইয়াৰ আগতে 'দিগন্ত বিয়াপি' থকা সাগৰৰ সীমাৰেখা চকুৰ পৰ্দাত তেনেকৈ ধৰা পৰা নাছিল। পোনতে সাগৰ দেখিছিলোঁ, আজি তিনি বছৰৰ আগতে ব্ৰহ্মদেশলৈ যাওঁতে। সেয়া সাগৰৰ চকামকা পোহৰহে। ভমককৈ চকুৰ আগত দেখা দি, আকৌ নোহোৱা হোৱা। ৰূপালী পৰ্দাৰ চলন্ত ছবি যেন।... আজি সাগৰ দেখিছোঁ, চকামকাকৈ নহয়, একেৰাহে। এইয়া সাগৰ কবিৰ কল্পনাৰ সাগৰ নহয়, আচল সাগৰ, পাৰ নেদেখা মহাসাগৰ।


সাগৰ দেখিছা


২.দিল্লীত তেতিয়া বৰ জাৰ। বেলিটো নিতৌ ওলায়। তথাপি জাৰৰ প্রকোপ নকমে। দক্ষিণ-পূব এছিয়াৰ দেশকেইখনমান ভ্রমণ কৰিবলৈ ওলালোঁ। মোৰ সৰু ল'ৰাটোৱে ক'লে- "দেউতা, গৰম কাপোৰ নহ'লেও হ'ব। এইবোৰ বিষুবৰেখাৰ দাঁতিকাষৰীয়া দেশ। জাৰৰ • দিনতো সেইবোৰত গৰম।” টাইলেণ্ডৰ ৰাজধানী বেংকক চহৰত উপনীত হৈ বুজিলোঁ, সি ঠিকেই কৈছিল। চহৰত তেতিয়াও বিজুলী বিচনী চলিছে।


মেকং নৈ দেখিলোঁ




৩.'আহিব পুৱাই ৰাতি? আহিব লগত দিঠকৰ যত গ্লানি, দুখ আৰু ভুল?সপোনৰ সোঁৱৰণী এৰি যাবা তোমাৰ খোপাৰ ৰঙা এটি কৰবীৰ ফুল।'


কবি প্ৰিয়াৰ খোপাত 'ৰঙা এটি কৰবীৰ ফুল' জলমলাই উঠাৰ দৰেই মাটিৰ বান্ধোন এৰি বিদেশমুখী আমাৰ প্লেনখন আকাশৰ জখলা বগাই উঠাৰ লগে লগেই সুদূৰ মস্কো চহৰৰ 'ৰঙা' অস্পষ্ট ছবি এখন মোৰ কল্পনাত জলমলাই উঠিছিল। দিল্লীৰ উত্তাপসনা বায়ুমণ্ডল ভেদ কৰি আমাৰ প্লেনখন,- নাম 'ৰাণী অব্ বিজাপুৰ', একে কোবেই পোন্ধৰ হাজাৰ ফুট ওপৰলৈ উঠিছিল। আমাৰ আৰু এৰি অহা পৃথিৱীখনৰ মাজত একোৱেই নাছিল- মাথোন পুৱাৰ কেঁচা ৰ'দত চিমিকাই থকা ডাৱৰৰ পৰ্বতবোৰ।


ৰঙা কৰবীৰ ফুল


৪.নিশাৰ নিস্তব্ধতাক ডোখৰ ডোখৰ কৰি আমাৰ জেট্ বিমানখন আকাশলৈ উঠিল, শত্রু-সৈন্যৰ সন্মুখীন হ'বলৈ আগ বঢ়া এটা অশ্বাৰোহীৰ দলহে যেন। প্লে'নৰ ভিতৰত আছিল এধানমান শেঁতা পোহৰ। আমি দিল্লীৰ বিমান- এৰিছোঁ মাথোন। তেল-এভিভ চহৰ এতিয়াও বহু দূৰত। প্লে'নৰ খিৰিকীৰে বাহিৰলৈ দুবাৰ নে এবাৰ ভুমুকিয়াই চালোঁ। কেউপিনে আকাশ আৰু আকাশ। তৰাজাক গ'ল? মধ্যাহ্নৰ মৰিশালিত নে, বিৱাহিতা নাৰীৰ ওৰণি-আঁৰত কুমাৰী জীৱনৰ কোনোবা প্রিয়জনৰ স্বপ্ন লুকাই থকাৰ দৰে সিহঁত লুকাই থাকে? এই অসময়ত সিহঁত লুকাইছে কিয়? ৰবি ঠাকুৰে তেন্তে কিয় কৈছিল-


"ৰাতেৰ সব তাৰাই আছে দিনেৰ আলোৰ গভীৰে।'


দিনৰ গভীৰ ৰবি-ৰশ্মিৰ বুকুত সিহঁত লুকাই থকাৰ কথা জানো। এতিয়া নিশা লুকাইছে কিয়?



ইজৰাইল


৫.সংস্কৃতি হৈছে এক প্ৰকাৰ জীৱন-পদ্ধতি- বুৰঞ্জী আৰু সমাজতত্ত্বৰ তত্ত্বকথাই এইষাৰ কথাকে প্ৰমাণ কৰে। আচলতে সংস্কৃতি হৈছে সামাজিক প্রকাশ। কোনো কোনোৱে সংস্কৃতি আৰু সভ্যতা দুয়োটাকে একেটা বস্তু বুলি ক'ব খোজে। সূক্ষ্ম বুৰঞ্জী জ্ঞানে এইষাৰ কথাক সমর্থন নকৰে। সংস্কৃতি সভ্যতা নহয়, সভ্যতাও সংস্কৃতি নহয়। সংস্কৃতি সভ্যতাৰ পটভূমিত গঢ়ি উঠে যদিও উচ্চ পৰ্যায়ৰ সংস্কৃতিবিহীন সভ্যতাৰ উদাহৰণো ইতিহাসত নথকা নহয়। সভ্যতাৰ অৰ্থ হৈছে সুশৃংখল সমাজ- সংগঠন- এনে এখন সমাজ য'ত সংস্কৃতিয়ে নিৰলে পোখা মেলিব পাৰে। আমি পাশ্চাত্য সভ্যতাৰ কথা কওঁ। পাশ্চাত্য সংস্কৃতিৰ কথা নকওঁ হেলেনিক সংস্কৃতিৰ কথা হ'লে কওঁ। ইয়াৰ পৰাই সভ্যতা আৰু সংস্কৃতি, এই বস্তু দুটাৰ পাৰ্থক্য সহজে বুজিব পাৰি।



আঁচুফুল



৬.প্রায় ওঠৰশ বছৰৰ আগৰ কথা। পুহৰ নগৰ পৰাক্ৰমী চোলা ৰাজ্যৰ ৰাজধানী আছিল। চোলা ৰাজ্যৰ কোঁৱৰসকল সূৰ্য আৰু শিৱিৰ বংশজ বুলি বহুতৰে ধাৰণা। নগৰখন আছিল কাবেৰী নৈৰ মোহনাত। ই আছিল বেপাৰ-বাণিজ্যৰ কেন্দ্ৰথলী। আনকি গোটেই চোলা ৰাজ্যৰে ইয়াক কেন্দ্রথলী বুলি ক'লেও বৰ বেছি ভুল কৰা নহ'ব। সেই সময়ৰ চোলা ৰাজ্যৰ সীমা, উত্তৰে তিৰোপতি পৰ্বতমালা, দক্ষিণে ভেলাৰ নৈ, পূবে বংগোপসাগৰ, পশ্চিমে চেৰা ৰাজ্যই শেষ। চোলা ৰাজ্যৰ কাড়িবল নামে জনাজাত, যশস্বী ভূপতিগৰাকীয়ে এই ৰাজ্যৰ সৌন্দৰ্য, সমৃদ্ধি আদিৰ উন্নতি বিশেষভাৱে সাধন কৰিছিল। গোটেই ৰাজ্যতে তেওঁ ধুনীয়া মঠ-মন্দিৰ, ৰাজকাৰেং, বিতোপন উদ্যান আদি সজাইছিল। কাবেৰী নৈৰ শ শ যোজন বিস্তৃত মথাউৰি তেৱেঁই সজাইছিল।


কন্নকী


Comments