প্ৰেম অমৃতৰ নদী
'প্ৰেম অমৃতৰ নদী' চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত এখন উপন্যাস।'প্রেম অমৃতৰ নদী'ব্যক্তি বিশেষৰ জীৱনৰ আধাৰত ৰচিত হ'লেও, ই এখন উপন্যাসহে,জীৱনী বা চৰিতপুথি নহয়।উপন্যাসখনি প্ৰথম প্ৰকাশ পাইছিল ১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহত।প্ৰকাশ কৰিছিল বুক হাইভ প্ৰকাশনে।
মালিক,আব্দুল,চৈয়দ(ছেপ্টেম্বৰ,১৯৯৯)।প্ৰেম অমৃতৰ নদী।বুক হাইভ,পৃষ্ঠা-
১.এক বিচিত্ৰ ৰসাল, নানা বৰণীয়া জীৱন্ত ভূমি। কেউফালে ওখ-চাপৰ পৰ্বত- পাহাৰে আৱৰি ৰখা, এখন গছে-বনে, ফুলে পাতে উপচি থকা নৈ-পৰীয়া ঠাই। এখন ৰাজ্য, এখন প্রদেশ, এখন দেশ। এখন তাৰ মানুহ, পশু, চৰাই, মাছ, পোক-পৰুৱাৰে ওপচা ঠাই। জনমভূমি, মাতৃ। এই সেউজীয়া গছ-গছনিয়ে ঢাকি ৰখা দেশখনৰ ভূমিখণ্ডৰ বুকুৰ মাজেদি বৈ গৈছে উত্তৰৰ বৰফে ঢকা পৰ্বতৰ বুকুৰ পৰা নামি অহা, নিৰবধি, দিন-ৰাতি অকণো নৰৈ বৈ থকা এখন বহল, দ', চিৰ প্রবহমান নদী-বৰ- লুইত, ব্ৰহ্মপুত্ৰ। এই বৰ-লুইতখন তাৰ দুয়ো পাৰে যুগে যুগে বসবাস কৰি অহা বিভিন্ন লোকসকলৰ বুকুৰ আপোন। যিয়ে যি নামকে দি মাতক, নৈ একেখনেই- লুইত, বৰ-লুইত, বুঢ়া-লুইত,বৰহমপুত্ৰ, ব্ৰহ্মপুত্ৰ, চিৰী-লুইত!(০১)
২.পূবৰ আকাশখনৰ বুকুত কোমল, বগা পোহৰবোৰ বিয়পি পৰিছিল। সেই পোহৰৰ বুকত সোমাই থকা বেলিৰ কোমল উত্তাপটো লাহে লাহে চাৰিওফালে বিয়পি পৰিছিল। বেলিটোৱে তেতিয়াও গা দেখা দিয়া নাছিল। বতাহ জাকত উটি আহিছিল পাৰ হৈ যোৱা এটা ৰাতিৰ মৰমী সুগন্ধ।(১৫)
৩.সন্মুখত অকণো নৰৈ নিজিৰোৱাকৈ দিনে-ৰাতিয়ে ক'ৰবাৰ পৰা ক'ৰবালৈ বৈ গৈ থকা বহল নৈখনৰ পানীৰ সোঁতকেটা বামৰ পৰা দ'লৈ, ক'ৰবাৰ পৰা ক'ৰবালৈ গতি কাহানিও বন্ধ নকৰি অবিৰাম আপোন মনে বৈ গৈ থকা জলধাৰাৰ নামেই নৈ, নিজৰা, বোৱতী সুঁতি, স্রোতস্বিনী।(১৫)
৪.লাহে লাহে বেলিৰ পোহৰটো আৰু উজ্জ্বল হৈ আহিছিল। নৈখনৰ সিপাৰে থকা বহল, ডাঠ হাবিখনৰ গছ-গছনিবোৰৰ ডালে পাতেও বেলিটোৰ কোমল, বগা, কুহুমীয়া পোহৰবোৰ বিয়পি পৰিছিল। মৰম ভৰা এই বগা, কোমল পোহৰকণক নিৰৱে আদৰণি জনাবৰ কাৰণেই হাবিৰ গছ-ডাল-পাতবোৰে, তলৰ বন লতাবোৰে, বনৰীয়া ফুলবোৰে, গোটেই ৰাতি চকু মেলি উজাগৰে বাট চাই ৰৈ থাকে। আন্ধাৰে- পোহৰে মিলা এটা ৰাতিৰ নিয়ৰৰ চকুলোৱে ধোৱা বিদায়ৰ শেষত পোহৰে উজলাই তোলা এটা নতুন দিনক দুবাহুৰে সাৱটি আদৰিবৰ কাৰণে।(১৫)
৫.নৈৰ সিপাৰৰ হাবিখনৰ পূবলৈ লাহে লাহে বেলিৰ পোহৰবোৰ বেছি উজ্জ্বল হৈ আহিল। ওলাই অহা পুৱাৰ বেলিটোৱে গা দেখা দিলে। ৰাতি পুৱাল। গোটেই ৰাতি আন্ধাৰৰ বুকুত সোমাই থকা পৃথিৱীখন বেলিৰ পোহৰত ফট্ফটীয়া হৈ জিলিকি উঠিল। নৈৰ পাৰৰ বাৰীখনৰ গছ-গছনিবোৰো প্ৰভাতৰনতুন পোহৰত জিলিকি উঠিল। নাহৰ, তগৰ, কঠনা, মালতী অন্য কিবাকিবি ফুলো ফুলিছে। শেহৰাতি ফুলা ফুলবোৰৰ গোন্ধ, বতাহত বিয়পি পৰিছে। মলমলীয়া, মহমহীয়া মিঠা গোন্ধ।(১৭)
৬.মানুহৰ সন্তান হৈ কেৱল ভাত-কাপোৰৰ চিন্তাত দিন-ৰাতি কটোৱাটো জানো প্রকৃত মানুহৰ কাম? খাটি লুটি, চুঁচৰি-বাগৰি, পেটৰ ভাত মুঠিৰ যোগাৰ কৰি উশাহ-নিশাহ লৈ জীয়াই থকাটোৱেই জানো মানুহৰ কাম? এই পৃথিৱীত জীয়াই থকাৰ অৰ্থ কি? জন্ম লোৱাৰ উদ্দেশ্য জানো কেৱল জীয়াই থকা? ভোকে-লঘোনে থাকি, বা কিবা উপায়ে এমুঠি ভাতৰ যোগাৰ কৰি জীয়াই থাকি মৰণৰ বুকত জাহ যোৱাটোৱেই জানো মানুহ হৈ জীৱন ধাৰণ কৰাৰ মূল উদ্দেশ্য?(৩৫)
৭.এই পৃথিৱীলৈ মোক কোনে পঠিয়ালে? কিয় পঠিয়ালে? কেৱল নিজৰ জীৱনটো কৰিবৰ কাৰণেই নে? অন্যৰ কাৰণে মোৰ একো কৰিবলগীয়া নাইনে? মানুহক যি সৃষ্টি কৰিছে, সেই ভগৱান ক'ত আছে? তেওঁ যদি নিজে আহি মোৰ আগত দেখা নিদিয়েহি, মই জানো তেওঁক বিচাৰি নগ'লে হ'ব? ঈশ্বৰ কেনেকুৱা, ভগৱান কেনেকুৱা? তেওঁ ক'ত আছে? মাজে মাজে মাধৱৰ মনলৈ এনেকুৱা কিছুমান ভাব আহে। কাকো একো নকৈ মাধবে মাজে মাজে ওচৰ-পাঁজবৰ আৰু কেতিয়াবা দূৰ দূৰণিৰো মঠ, মন্দিৰ, ধৰ্মক্ষেত্ৰবোৰলৈ যায়। দুর্গাদেৱীৰ মন্দিৰ, কালী মন্দিৰ, শিৱ মন্দিৰ, ৰাম-লক্ষ্মণৰ মন্দিৰ- এইবোৰলৈ গৈ পূজা সেৱা আহেগৈ। দেৱ-দেৱীৰ মন্দিৰত পূজা দি আহিব পাৰিলে মনটো কিছু শান্ত হয়, পুণ্য কাম কৰা হ'ল বুলি আনন্দ লাভ কৰে।(৩৫)
৮.ঢল বৰষুণজাক মাজ ৰাতিৰ পৰা জৰজৰাই দি আছিল। মাজ-আহাৰৰ বাৰিষাৰ বৰষুণ। দিবলৈ ল'লে সোনকালে নেৰে। ৰাতিপুৱাও বৰষুণ দিয়ে আছিল। আহাৰমহীয়া খেতিৰ দিনত এনেকুৱা ঢল বৰষুণ আহিলে গাঁৱৰ খেতিয়কে অকণো বেয়া নেপায়, আনন্দহে পায়। বাৰিষাৰ বৰষুণে খেতি-বাতি ভাল হোৱাৰ আগজাননী দিয়ে।(৪৪)
৯.এটা মহান আত্মাৰ সংসাৰৰ সংঘাত সংগ্ৰামৰ সমাপ্তি ঘটিল। এটা জীবনে হাজাৰজনৰ জীৱন মহামূল্যবান ঐশ্বৰ্যেৰে পূৰ্ণ কৰি গ'ল। নির্বিশেষ হাজাৰ হাজাৰ শতিকাৰ বুকুত এটা পৰমাৰ্থৰ ঐশ্বৰ্যেৰে পূৰ্ণ শতিকাই নিজৰ আপোন ঠাই বিচাৰি ল'েল। শান্তি, প্রেম, ত্যাগ, উদাৰতা আৰু মহান মানৱতাৰ এখন পৃথিৱীৰ দুৱাৰ মুকলি হ'ল। আকাশৰ পৰা নামি আহিল এক নতুন সূৰ্যৰ দীপ্তিমান আলোকমালা।(৯০)
১০.যিজন মহান পুৰুষৰ সান্নিধ্যৰ পৰা জীৱন কি চিনি পোৱাৰ, বুজি পোৱাৰ দুর্লভ সৌভাগ্য লাভ কৰিলো, সেইজনা মহান পুৰুষৰ পৰাই আজি মই বুজি পালো মানুহৰ মৰণনো কি? শঙ্কৰ গুৰুৱে আজি আমাৰ পৰা, এই মর্ত্যৰ পৰা বিদায় ল'লে। মই আজি সৰ্বহাৰা। এই পৃথিৱীত আজি মোক নিজৰ বুলি সাবটি লওতা কোনো নাই, যেনেকৈ সাবটি লৈছিল সর্ব গুণাকৰ শঙ্কৰগুঝবে। বিদায় লৈ তেওঁ দূৰণিৰ ক'ৰবালৈ চিৰকালৰ কাৰণেই গ'লগৈ। তেওঁ আৰু নাহে। কিন্তু গ'লগৈ যদিও, তেওঁ নোহোৱা হৈ যোৱা নাই। আমাৰ শঙ্কৰদেৱ কোনো কালে নোহোৱা হৈ নেযায়।(৯০)
১১."গুৰুজনাই মোৰ নিচিনা এক অকিঞ্চনৰ হাতত এৰি গ'ল, তেওঁ জীৱনত মানুহৰ কাৰণে কৰি যাবলৈ হাতত লোৱা সকলো আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ দায়িত্ব। তেওঁ মোক চৰম আৰু পৰম সন্মানেৰে সন্মানিত কৰি গ'ল- মাধর বান্ধৱ বুলি, বৰাৰ পো বুলি, বঢ়াৰ পো বুলি। তেওঁ মোলৈ এৰি গৈছে এটা নতুন জীৱনৰ প্ৰেৰণা, এটা নতুন দায়িত্ববোধৰ চেতনা। তেওঁ মোক দি গৈছে নতুন শক্তি, নতুন সাহস, নতুন উদ্যম, উদ্দীপনা। তেওঁ মোক দেখুৱাই থৈ গৈছে দেহ-প্রাণ আত্মাৰ চৰম লক্ষ্যস্থলত সহজে উপনীত হোৱাৰ পথ। জ্ঞানৰ পথ, পোহৰৰ পথ, মুক্তিৰ পথ। মোলৈ এৰি গৈছে সেই পথৰ লগত পৃথিৱীবাসীক চিনাকি কৰি দিয়াৰ পথ।(৯১)
১২."আৰু মোৰ জিৰণি লোৱাৰ সময় নাই। মোকেই দি থৈ গৈছে সত্য, শান্তি আৰু মানৱতাৰ পৃথিৱীখনলৈ আমাৰ মানুহক বাট দেখুৱাই আগুৱাই নিয়াৰ কঠোৰ দায়িত্ব। এতিয়া মই এক নতুন জীৱনৰ ভেটি শক্তিশালী কৰাৰ দায়িত্ব বহন কৰা অক্লান্ত কর্মী। গুৰুজনা আজি নাই। মোৰো ৰ'বৰ সময় নাই, শুবৰ সময় নাই, খাবৰ সময় নাই, পিছলৈ ঘূৰি চোৱাৰ অৱকাশ নাই।(৯১)
১৩."গুৰুজনাই মোক দি গৈছে পৃথিৱীৰ সকলো দেশৰ, সকলো যুগৰ, সকলো মানুহৰ কাৰণে মানৱতাৰ পথৰ সন্ধানত নামি পৰাৰ গধুৰ দায়িত্ব। ভগৱানৰ আদেশ নির্দেশত, ভগৱানৰ কৃপা আৰু অনুগ্রহত কালজয়ী অমৰ মহাপুৰুষসকলেহে যি দায়িত্ব পালন কৰিবলৈ কাৰ্যক্ষেত্ৰত নামি পৰিবৰ সাহস কৰিছিল, তেনে দায়িত্ব মোৰ নিচিনা এক নিঃস্ব, নির্বিশেষ, অপদার্থই পালন কৰিবলৈ আগবঢ়াটো জানো যুক্তিসঙ্গত হৈছে? মোৰ শক্তিৰ মূলত আছে কেৱল গুৰুজনাৰ স্নেহাশীর্বাদ আৰু সবল উদগনি।(৯১)
১৪.দিনবোৰ খৰ গতিৰে আগবাঢ়িব ধৰিলে। মাধৱদেৱৰ জীৱনৰ দিনবোৰো সমানে আগুৱাইছে। তেওঁৰ বয়স বাঢ়িছে। তথাপি তেওঁৰ জিৰণি ল'বৰ সময় নাই, ৰবৰ সময় নাই। কাম যে বহুত কৰিবলগীয়া আছে। নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে, নিজৰ ভোগ-বাসনা পূৰা কৰিবৰ কাৰণে এই কাম নহয়। শঙ্কৰগুৰুৱে দি থৈ যোৱা গধুৰ দায়িত্ব পূৰণৰ কাৰণেহে এই অক্লান্ত খাটনি মাধৱদেৱৰ।(৯৯)
Comments
Post a Comment