অমৃতা

চৌধুৰী,দেৱ,কুমাৰ,ফণীন্দ্ৰ(নৱেম্বৰ,২০১৮)।অমৃতা।বনলতা প্ৰকাশন




অমৃতা,ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ দ্বাৰা ৰচিত এখনি গল্প সংকলন।গল্প সংকলনখনি বনলতা প্ৰকাশনে ২০১৮ চনত প্ৰথম প্ৰকাশ কৰিছিল।


উদ্ধৃতি


১.গল্প আৰু কবিতাবোৰ পখিলাৰ দৰে। ৰং-বিৰঙৰ পাখিয়ে তাক উৰুৱাই লৈ গৈ চমকৰ সৃষ্টি কৰিব পাৰে। জীৱনৰ পাখি নাথাকে।ই উৰিব নোৱাৰে। উৰিব খুজিলেও পাছমুহূর্ততে সি মাটিলৈ নামি আহে। কেতিয়াবা অকণমান উৰি গৈ ধুপুচকৈ মাটিত পৰি চূর্ণ-বিচূর্ণ হয়।(০২)

২.দুখ! দুখ নথকাটো বৰ ভয়ংকৰ। যাৰ দুখ নাই, তেওঁৰ সুখো নাই। দুখৰ উৎসক যি পৰাস্ত কৰিব পাৰে, তেওঁ সুখৰ উৎসক স্পর্শ কৰিব নোৱাৰে।(০২)

৩.প্রতিজন মানহৰে তিনিখন জগত থাকে। এখন জগতৰ নাম অতীত। আনখন বৰ্তমান আৰু শেষৰখন ভৱিষ্যৎ।কমলে ভৱিষ্যতৰ জগতত বাস কৰিব বিচাৰে আৰু পৰীয়ে অতীতত। দুয়োজনে এখন জগতত নাথাকে। ভিন ভিন জগত। সময়ৰ বিশাল ব্যৱধান। পৰীয়ে অতীতৰ ক'ত বিচৰণ কৰি আছে এই মুহূৰ্তত কমলৰ জানিবৰ মন যায়। জানিব নোৱাৰে। এজনে আনজনক জনোৱাৰ ভাষা হেৰাই গৈছে। ভাষাৰ যে মৃত্যু হয় সেই সত্যৰ আৱিষ্কাৰ দুজন ব্যক্তিৰ বাবে আটাইতকৈ ট্রেজিক ঘটনা। ভাষাৰ মৃত্যু প্ৰকৃততে সম্বন্ধৰ মৃত্যু। ভাষাৰ মৃত্যুত আৰম্ভ হয় সন্দেহ আৰু অনুমান। কমলে পৰীয়ে যি ভাবি আছে অনুমান কৰিবলৈ চেষ্টা কৰে।আন্ধাৰত পৰীক দেখা নাযায়। কিন্তু উশাহৰ শব্দই কৈ দিয়ে পৰীৰ টোপনি অহা নাই। পৰী চাগে' এতিয়া বর্তমানত নাই। অতীতত। ল'ৰালিত।(০৪)

৪.কমলে ভাবিলে। এইদৰে পৰীয়ে অস্ত্র প্রয়োগ কৰে। প্ৰতিবাৰেই সি ধৰাশায়ী হয়। কবিৰ ইগো থাকে। সেই ইগোত লাগে তাৰ। কবিতাবোৰ তাৰ পুৰি পেলাবৰ মন যায়। কবি হোৱাৰ শাস্তিস্বৰূপে নিজৰ কাণ নিজে মুচৰি দিবৰ মন যায়। কবিয়ে প্রেমত পৰিব পাৰে। কবিয়ে ভাল পাব জানে; কিন্তু কবিয়ে ঘৰ সাজিব নাজানে। লিখিব পাৰে কিদৰে প্ৰেমৰ ঘৰ সাজিব লাগে, কিন্তু সাজিব নাজানে। পৰী, তোমাৰ বাবে মোৰ এটা কবিতা লিখিবলৈ মন গৈছে। মই তোমাক লৈ যাব পাৰিম ভালপোৱাৰ এখন অপৰূপ জগতলৈ, যি জগত মোৰ বাবে বাস্তৱ, কিন্তু তোমাৰ বাবে অবাস্তৱ। তোমাৰ বাস্তৱ আৰু মোৰ 'অবাস্তৱ' বাস্তৱৰ মাজত ত্ৰিশংকুৰ দৰে মই ওলমি আছোঁ।(০৮)

৫.'ওৰে ৰাতি আজি উজাগৰে থাকি মই তেওঁক পাহৰি যোৱা গীতবোৰ শুনাম মই অনর্গল কৈ যাম কথাবোৰ যিবোৰ ক'ম ক'ম বুলিও কেতিয়াও কোৱা হোৱা নাই।ওপৰত তুলি থোৱা বেহেলাটো নমাই আনি পুনৰ আজি সেই সুৰবোৰ শুনাম যিবোৰ শুনি তেওঁৰ দুচকুত গংগা-যমুনা বয় আকাশৰ তৰাবোৰ ছিঙি আনি তেওঁৰ অন্ধকাৰ গলি মই পোহৰাই তুলিম।ওঁঠত ওঁঠ থৈ তেওঁক ক'ম প্রেম জানো হেৰায় নেহেৰায়।(১১)

৬.সময়, সুযোগ আৰু সুযোগ্য শ্রোতা এতিয়াও একেলগে পোৱা নাই। মনটো টুকুৰিয়াই চোৱাৰ উদ্দেশ্যে প্রদীপ্তক এদিন হাঁহি হাঁহি কৈছিলো। এই যে পৃথিৱীৰ মানুহবোৰ এক সাঁচত ঢলা মানুহ যেন নালাগেনে, সিহঁতে আজীৱন সময়ত খায়,শোৱে, সন্ধিয়া পৰত জুপুকা মাৰি টিভিৰ সন্মুখত বহে, গুৱাহাটীত মাটি লৈ ঘৰ এটা বন্ধাৰ সপোন দেখে- এই চব ব্যক্তিগত উদ্দেশ্যকে লৈ ইহঁতে কিদৰে ইমান সুদীর্ঘ জীৱন এটা জীয়াই থাকে?(১৬)

৭.আমি কাঠৰ পুৰণি ৰেলিং এখনৰ ওপৰত কিছুসময় আঁউজি ৰ'লো। দূৰত কেইখনমান নাও আৰু ষ্টীমাৰ অহা-যোৱা কৰিছে। হাওড়া ব্রীজখন দূৰৈৰ পৰা বতাহত ভাঁহি থকা দীঘল সাঁকো যেন লাগিছে। কিয় জানো অমৃতাৰ ফালে চাই হঠাতে ভাব হ'ল- তাই যেন সূৰ্যৰ বিলীয়মান প্ৰান্তৰত তন্ময় হৈ কিবা এটা বিচাৰিব লাগিছে। প্রাকসন্ধ্যাৰ কাজল ছায়া গঙ্গাৰ পানীত বিয়পি পৰিছে। মাৰ যাব ধৰা বেলিৰ এচেৰেঙা সোণালী ৰ'দত তাইৰ মুখখন মেঘ- মেদুৰ হৈ উঠিছে। এটা মৰ্মৰ মূৰ্তিৰ দৰে থিয় হৈ থকা অমৃতাক দেখি মোৰ ভাব হ'ল তাই যেন এই জগত পাহৰি অইন এখন পৰম সুন্দৰ জগতলৈ ঢাপলি মেলিছে। সূর্যাস্তৰ মাজত তাই হয়তো এক অবিস্মৰণীয় দৃশ্য প্রত্যক্ষ কৰিছে অথবা তাই একান্ত মনে এটা গীত শুনিছে, যি গীতৰ শব্দ মই কেতিয়াও শুনা নাই। তাইৰ চকুৰ পল্লৱত অশ্রুবিন্দু জিলিকি উঠিল আৰু সেই জিলিকনিত মই দেখা পালো এক বুজাব নোৱাৰা সুখ আৰু শান্তি। এনেকুৱা শিশুৰ দৰে পৱিত্ৰ সুখ আৰু শান্তি কেতিয়াও মই অমৃতাৰ মুখত পূৰ্বতে দেখা মনত নপৰিল।(৬০)

৮.কিছুমান মানুহ যোৱাৰ পিছতো তেওঁলোকৰ উপস্থিতি বহুত সময়লৈ অনুভৱ কৰা যায়। পূর্ণেন্দু পাত্র গুচি যোৱাৰ পিছতো মোৰ তেনেকুৱা এটা অনুভূতিয়েই হ'ল।(৬২)

৯.এক নতুন আনন্দ চেতনাৰ উজ্জ্বল উন্মেষত প্লাৰিত হৈ উঠা অমৃতাৰ মুখত মই দেখিবলৈ পালো এক অপার্থিৱ সৌন্দর্য- যেন জোনাকৰ সকলো শুভ্রতা আৰু সকলো স্নিগ্ধতা শুহি লৈ তাই নিজেই জোনাকত পৰিণত হৈছে।(৬৪)

১০.কিন্তু মোৰ যে এই ৰূপালী ৰঙৰ পুৰণি ঘড়ীটো! যৌৱনৰ কোনো এক মধুৰ মুহূৰ্তৰ স্মৃতিৰ সুগন্ধ লাগি আছে বাবেই হয়তো ঘড়ীটোৰ প্ৰতি কিবা এক আৱেগিক আকর্ষণ মাজে মাজে অনুভৱ হয়। হৃদপিণ্ডৰ অবিচ্ছিন্ন শব্দৰ দৰে আপোন হৈ যোৱা তাৰ টিক্ টিক্ চিনাকি শব্দটো। ৰাতি শুবৰ সময়ত অন্ধকাৰৰ জাগ্ৰত প্ৰহৰীৰ দৰে সংকেত বজোৱা তাৰ ঢুক ঢুক ধ্বনি- এই সকলোবোৰে মোক এনেদৰে মোহাবিষ্ট কৰি ৰাখে যে ঘড়ীটো সলনি কৰিম বুলি চিন্তা কৰিও এতিয়াও নতুন এটা ঘড়ী কিনাৰ বাবে, নিজকে মানসিকভাবে প্ৰস্তুত কৰিব পৰা নাই।(৮৮)

১১.সকলো কথাৰে উদ্দেশ্য নাথাকে। তথাপি মানুহ গৈ থাকে। সময় গৈ থাকে।।(১১০)

১২.নাকত আহি লাগিছে এটা চিনাকি ঘ্রাণ। ইমান ঘ্রাণৰ মাজতো এই ঘ্রাণ মই চিনি পাইছো। মোৰ ভুল হ'ব নোৱাৰে। ঘ্রাণেইতো আমাৰ শক্তি। জীৱনৰ সকলো সাধু আমি পাহৰি যাব পাৰো, মুখবোৰ, গাৰ ৰংবোৰ সকলো পাহৰি যাব পাৰো কিন্তু এই ঘ্রাণ পাহৰি যাব নোৱাৰো। এই ঘ্রাণৰ সৈতেইতো মই পাৰ কৰিছো জীৱনৰ মধুৰ সময়বোৰ।

১৩.মই 'কিবা এটা'ৰ সন্ধানত আছোঁ। এনেকুৱা কিবা এটা যিয়ে পৃথিৱীখন সলনি কৰি দিব; মৰুভূমিবোৰ মৰুদ্যানলৈ ৰূপান্তৰিত কৰিব; হেমন্তৰ শেষৰ লঠঙা গছবোৰ ৰঙা-নীলা ফুলেৰে জাতিষ্কাৰ হৈ পৰিব, দুখবোৰ সুখ কান্দোনবোৰ হাঁহি হ'ব, হালধীয়া পাতবোৰ সেউজীয়া হ'ব, এখন হৃদয়ৰপৰা আন এখন হৃদয়লৈ মানুহে সাঁকো সাজিব, সেই সাঁকোৰ ওপৰেৰে ভালপোৱাৰ পতাকা উৰুৱাই মানুহে শোভাযাত্রা কৰিব।(১৩৯)

১৪.আধুনিক মানুহে প্রকৃততে কি বিচাৰে; নির্জনতা নে কোলাহল। কোলাহল নাথাকিলে মানুহে নিজৰ অস্তিত্ব নাই বুলি অনুভৱ কৰে। কোলাহলৰ মাজত হেৰাই যাম বুলিও চাগৈ মানুহে শংকিত হৈ থাকে। নিজে হেৰাই নোযোৱাকৈ নিজৰ অস্তিত্ব অনুভৱ কৰিবৰ বাবেই চাগৈ মানুহে কোলাহলৰ মাজতেই নির্জনতাৰ সন্ধান কৰে। সেইবাবেই কোলাহলেৰে ভৰা মহানগৰীত নির্জনতাৰ নিবিড় ছায়াৰ সন্ধানত মানুহে এনে ৰেষ্টুৰেণ্ট বিচাৰি ফুৰে।(১৪১)

১৫.মানুহ ঈশ্বৰ হ'ব পাৰে আৰু যিদিনা সমগ্ৰ বিশ্বৰ অধিকাংশ মানুহ নিজস্ব চেষ্টাৰ বলত ঈশ্বৰলৈ ৰূপান্তৰিত হ'ব, সেইদিনাই আমি অহৰহ দেখি থকা এই পৃথিৱীৰ ৰূপ সলনি হ'ব, পৃথিৱীত এনেকুৱা কোনো মানুহ নাথাকিব, যিয়ে দুখত কান্দিবলগীয়া হ'ব, এনেকুৱা কোনো মাতৃ নাথাকিব, যাৰ সন্তানৰ অনাহাৰত মৃত্যু হ'ব, এনেকুৱা কোনো পিতৃ নাথাকিব, যি সংসাৰৰ দায়িত্ব পালন কৰাত যৎপৰোনাস্তি চেষ্টা কৰাৰ পিছতো ব্যর্থ হৈ শেষত উপায়হীন হৈ আত্মহত্যা কৰিবলৈ বাধ্য হ'ব, সেয়া হ'ব এনেকুৱা এখন পৃথিবী য'ত আন্তৰিকতাৰে কুশল বাৰ্তা বিনিময় কৰাৰ পিছত বাঘ আৰু ছাগলীয়ে একেলগে পানী খাব।(১৫০)

১৬.মই পৃথিৱীত জন্ম লৈছো- এটা সুখৰ জীৱন যাপন কৰিবৰ বাবে নহয়, পৃথিৱীলৈ আহিছো- পৃথিৱীৰ প্ৰতিজন মানুহে যাতে এটা সুখৰ জীৱন যাপন কৰিব পাৰে, তাৰবাবে মোৰ এই তুচ্ছ জীৱন উছৰ্গা কৰিবৰ বাবে।(১৫০)

১৭.ঈশ্বৰ মানুহ আৰু মানুহৰ মাজৰ বিদ্বেষৰ উৎস নে শান্তি আৰু সুখৰ উৎস। সেইতো মানুহক সুখ আৰু আনন্দ উপহাৰ দিবৰ বাবেই হ'ব খুজিছো ঈশ্বৰ। কিন্তু ঈশ্বৰ দেখোন হৈ পৰিছে মানুহ আৰু মানুহৰ মাজৰ বিদ্বেষৰ উৎস।(১৫৭)

১৮.এইকেইদিন মোৰ শ্বাস-প্রশ্বাস ল'বলৈ কষ্ট হৈ আছে। এই প্ৰথমবাৰৰ কাৰণে জীৱনত যেন আৱিষ্কাৰ কৰিছোঁ এক অমোঘ সত্য: মানুহৰ জীৱনটো আচলতে শ্বাস-প্রশ্বাসৰ এক নিছিগা সূতা; ছিগাৰ নামেই মৃত্যু। উশাহৰ সময়ত প্ৰৱেশ কৰা বতাহৰ লগত যেন শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে জীৱন আৰু নিশ্বাসৰ বতাহৰ লগত ওলাই যায় বাহিৰলৈ; পিছ মুহূৰ্ততে পুনৰ শ্বাসৰ লগত প্ৰৱেশ কৰে শৰীৰত। যেন শ্বাস-প্রশ্বাসৰ সূতাৰে গঁঠা এডাল আলফুল মালা। এদিন সেই মালাধাৰি ছিগি থাকে, জীৱন আৰু উভতি নাহে শৰীৰৰ ভিতৰলৈ। শেষ। সকলো শেষ। শেষ নে সকলো। কোনে জানে। কোনেও নাজানে। মই মাথোঁ জানো কিবা এক অদৃশ্য শক্তিয়ে মোৰ সেই শ্বাস-প্রশ্বাসৰ মালাধাৰি ছিগিবলৈ টনা-আঁজোৰা লগাইছে। কাক চিঞৰি মাতিম, গায়ত্ৰী, ৰুণ, ৰুমকি, পৰিমল, ডাক্তৰ, নাৰ্ছ...।(১৭৮)

১৯.আমি জীৱনটো আচলতে যাপন কৰিব লাগে তীর্থ যাত্ৰাৰ দৰে, এদিন আমি পৃথিৱীলৈ আহো আৰু এদিন সকলোৱে আঁতৰি যাওঁ! মাজৰ সময়খিনিয়েই জীৱন। সেই সময়খিনি যদি এজনে আনজনক আনন্দ দিয়াৰ প্ৰয়াস কৰোঁ, বিপদৰ সময়ত আগুৱাই দিওঁ সহায়ৰ হাত, পাৰস্পৰিক বিশ্বাসৰ জৰিয়তে আমি হৈ উঠো শক্তিশালী, তেনেহ'লে প্রতিটো জীৱনেইতো হৈ পৰে তীর্থ যাত্রা। তীর্থ যাত্ৰাৰ অন্তত মানুহ তৃপ্ত হৈ ঘৰলৈ ওভতে। দুখী হৈ নহয়। এইবোৰ মোৰ কথা নহয়; নিশা কোনো মন্দিৰত জুইৰ কাষত বহি কোনো ঋষি- মুনিৰ মুখত শুনা কথা। মানুহৰ বিশ্বাস ৰাখা। মানুহৰ ভাল কৰা। মানুহক আনন্দ প্ৰদান কৰা, সেয়াই বোলে মৃত্যুক জয় কৰাৰ একমাত্র উপায়! সেয়াই তীর্থযাত্রা।(১৮২)

২০.পাৰ হৈ যোৱা সময়ৰ তুলনাত জীৱনৰ আহি থকা সময়ৰ ৰেখাডাল্ যিমানেই চুটি হৈ যায়, সিমানেই ভয় লগাকৈ মানুহৰ ভাব হয় যে হাতত আৰু বেছি সময় নাই। কিবা এটা কৰিব লাগিব। নহ'লে হয়তো কৰিম কৰিম বুলি মনৰ ভিতৰতে পাগুলি থকা কামবোৰ জীৱনত আৰু কেতিয়াও কৰিবলৈ নহ'ব। পৃথিৱীৰ অধিকাংশ মানুহেই জীৱনৰ পথেৰে আগুৱাই গৈ গৈ এদিন এনে এটা বিন্দুত উপনীত হয় য'ত থিয় হৈ তেওঁ এবাৰ পিছলৈ উভতি চায় আৰু এবাৰ চায় আগলৈ। নিজেও নজনাকৈ তেওঁৰ ভিতৰৰ কোনো এক সত্ত্বাই পিছৰ আৰু সন্মুখৰ সময়ৰ দৈৰ্ঘ্যৰ এটা তুলনামূলক হিচাপ কৰিবলৈ আৰম্ভ কৰি দিয়ে। সন্মুখৰ সময়ৰ ৰেখাডালৰ দৈৰ্ঘ্য কিবা প্ৰকাৰে বঢ়োৱাৰ এক ব্যাকুলতাই এক বাসনা মনৰ মাজত জগাই তোলে, কিন্তু তেওঁ নিশ্চিতভাৱে জানিব পাৰে সেয়া এক ব্যর্থ প্রয়াস।(২১২)

২১.ভ্রম। ভ্রম।

মানুহ জীয়াই থাকে নিজেই সৃষ্টি কৰা ভ্ৰমৰ মাজত। সেই ভ্ৰমৰ পৰা মোক মুক্তি লাগে আৰু কিয় জানো আজি অকস্মাতে মোৰ গভীৰ বিশ্বাস হৈছে যে তেওঁ মোক এই ভ্ৰমৰ পৰা মুক্তি দিব পাৰিব। তেওঁ মোক ভ্ৰমৰ অৰণ্যৰ পৰা পথ দেখুৱাই লৈ যাব বাস্তৱৰ পৃথিৱীলৈ।(২১৩)

২২.শৈশৱৰ পৰা জীৱনৰ পথেৰে আগুৱাই আহি থাকোঁতে কেতিয়া কিদৰে যে নিজকে অলপ অলপকৈ আমি হেৰুৱাই থাকোঁ গমেই নাপাওঁ, যেন পিন্ধি অহা পেন্ট,চাৰ্টত একোটা অদৃশ্য ফুটা, এটা-দুটাকৈ সোণ-ৰূপৰ মুদ্রা সেই ফুটা পকেটেৰে জীৱন-পথত সৰি পৰে। এদিন পকেটত হাত সুমুৱাবৰ সময়ত অকস্মাতে আৱিষ্কৃত হয়, পেন্ট আৰু ছাৰ্টৰ পকেট শূন্য। ভিতৰত একোৱেই নাই। সোণ-ৰূপৰ মুদ্ৰাবোৰ ক'লৈ গ'ল?আমিবোৰ ক'ত হেৰাই গ'লোঁ?কিবা এক অবুজ আকুলতাৰে মোৰ মুখলৈ চাই ৰোৱা ফটোখন হাতত লৈ মোৰ বহু দিনৰ মূৰত হুকহুকাই কান্দিবৰ মন গ'ল, মোক হেৰোৱাৰ বেদনাত নে মোক বিচাৰি পোৱাৰ আনন্দত বুজি নাপালোঁ।(২১৯)

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)