মনৰ বাতৰি-৪০
🧡 প্ৰকাশ কৰিলেহে যে কাৰোবাৰ প্ৰতি ভাল ভাৱ থাকে এনে নহয় ন।
💜 মই জীৱনত লগ পোৱা শিক্ষক-শিক্ষয়ত্ৰী সকলৰ ভিতৰত আপুনি বহুত ব্যতিক্ৰম।
💚 আচলতে মই কিছুমান ভাল লগা কথা বা ভাল লগা মানুহৰ কথা মুখৰ আগত প্ৰকাশ নকৰোঁ নাজানো কিয় মই মোৰ ভাল-লগা ,বেয়া-লগাবোৰ একান্তই নিজৰ কৰি ৰাখি ভাল পাওঁ আৰু সেইকাৰণে চাগে ইমান দিনে মনৰ কথাবোৰ আপোনাক জনোৱা নাছিলোঁ।
🌷 বাইদেউ আজি কিবা পতকে আপোনাৰ কথা মনত পৰিল।
💠 সেইকাৰণে কিবা এটা লিখিব খুজিছোঁ, মই ইমান ভালদৰে একো প্ৰকাশ কৰিব নাজানোঁ দেই তাৰ বাবে ক্ষমা কৰিব।
💛 আপুনি কলেজ যোৱা প্ৰথম দিনাই, প্ৰথম মই আপোনাৰ লগত চিনাকি হৈছিলো, আপোনাৰ মনত আছেনে?
🌸 জীৱনত বেলেগকৈ বেলেগ এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপোনাক পালোঁ।
🩷 হাঁহিমুখীয়া মানুহ গৰাকী সদায় একেদৰেই থাকিব।
🩵 সকলোকে আৱৰি ৰাখিব পৰাকৈ আপুনি শক্তিশালী।
❤️ আপোনাক যদি কিবা অজানিতে দুখ দিছিলোঁ তাৰ বাবে ক্ষমা কৰিব।
🌟 আকৌ কেতিয়াবা আপোনাক লগ পাম দেই।
🌿 জীৱনত ভবা মতে আগুৱাই যাব পাৰিলে আপোনাৰ দৰেই হ'বলৈ চেষ্টা কৰিম।
💖 সৰল, অমায়িক আৰু মৰমীয়াল মানুহজনীলৈ মনত পৰে দেই।
🌼 কথাবোৰ ক'ম বুলি বহুবাৰ ভাবিলো কিন্তু নোৱাৰিলোঁ। আজি ক'লো আৰু কিবাকিবি।
💫 ভালে থাকক আপুনি।
🌹 অ' আৰু এটা কথা আপোনাৰ মা-দেউতাক লগ পাই বহুত ভাল লাগিল ।
📝 ইতি
💌 ধৰিত্ৰী
Comments
Post a Comment