নীল প্রজাপতি
১.মানুহ প্ৰকৃততে কোনো কাৰো চিৰন্তন লগৰী নহয়। আমাৰ সুবিধাৰ বাবেহে আমি লগ বিচাৰো।
২.কেতিয়াবা পাহৰণিয়ে জীৱন সহজ কৰি তোলে।
৩.পৃথিৱীৰ ৰূপ তোমাৰ ওচৰলৈ নাহে, তুমি চাব জানিব লাগিব, সৌন্দৰ্যৰ সন্ধান জীৱনৰ আটাইতকৈ মোহনীয় যাত্ৰা, মানুহ বৰ দুৰ্ভগীয়া যি এয়া কৰিব নাজানে।
৪.কেতিয়াবা নিকটতমজনৰো মুখ অচিনাকী হৈ যায়, ৰিমঝিমৰ বাবে সকলো অচিনাকী হৈ গৈছে। তাই সজাৰ ধুনীয়া চৰাই, সজা ভাঙি উৰি যাবলৈ তাইৰ আকাশখনে মাতিছে, তাই আকাশখন আপোন কৰি লʼবই এদিন, সেই আকাশত সুজয় নাথাকিবও পাৰে, কিন্তু তাই উৰিবই।
৫.তোমাৰ বেয়া আৰু মোৰ বেয়াবোৰ উভয়ে গ্ৰহণ কৰিবলৈ শিকা। স্বামী-স্ত্ৰী একেলগে থকাটোহে কঠিন কথা, বিচ্ছেদ সহজ।
৬.মানুহৰ জীৱনত কোনো ঘটনা, ঘোষণা দি নঘটে। পৰিস্থিতি আৰু কিছুমান বিশেষ উপাদানে ঘটনা ঘটায়। এই দুৰ্বলতাবোৰ বাছি পেলাব লাগিব। দুৰ্বলতাবোৰ লহপহকৈ বাঢ়ি উঠিব পৰা পৰিৱেশবোৰ ভাঙি দিব লাগিব।
৭.এটা ভালপোৱা কামত বন্দী হোৱা মানে জীৱনক ভাল পাবলৈ শিকা।
Comments
Post a Comment