সুদীৰ্ঘ দিন আৰু ঋতু

ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচনাৱলী, সম্পাদনা:পৰাগ কুমাৰ ভট্টাচাৰ্য,পৃষ্ঠা-৭২,৭৩,৭৪,৭৬


১.সপোনৰ দেশৰ বাটচ'ৰাতে সময় গ'ল ঠেলা-হেঁচাত।


২.বুকুত বাঁহী

মুখত শঙ্খ

বাঁহীত যেনেকৈ

নৈ

শঙ্খ তেনেকৈ

সময়


৩.শিল আৰু শিলৰ সংঘৰ্ষৰ মাজত থকা সোম স্বৰূপ জীৱন বৈ যাওঁক পোহৰ হৈ অমৃত হৈ।


৪.তেওঁৰ দুয়ো চকু ঠিক যেন স্বচ্ছ আয়না,প্রতিবিম্বিত তাত সত্যৰ মুখ।


৫.ঝাড়ুৰ আগৰ

ধূলি হ'বলৈ

মোৰ বুকুত লাগে

ঝাড়ুৰ আগৰ

ধূলি হোৱা

দেখিলে

মোৰ বুকুত লাগে

আমাৰ দুয়োহাতে

সূর্য প্রণাম কৰে

মনে প্রদক্ষিণ কৰে

সূর্য

তথাপি

মানুহৰ

পৃথিৱীত,

বন্দী পৰিস্থিতিৰ

পোতাশালত।

জন্মতে মানুহ

মুক্ত।


Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)