মামণি ৰয়ছম গোস্বামীৰ গল্প

1.স্মৃতিৰ মুক্তি


পুখুৰীৰ পানীবোৰৰ অস্বাভাৱিক শব্দ এটা আহি কাবেৰীৰ কাণত পৰিল। খিৰিকীখন আকৌ খুলি দিলে তাই। স্পষ্ট শুনিবলৈ পালে এটা কোমল কণ্ঠস্বৰ। গুণ গুণকৈ কোনোবাই গান গাইছে। কাবেৰীৰ গোটেই গাৰ মাজেদি এটা অদ্ভুত শিহৰণ বৈ গ'ল। চিনাকি মাতটোৱে তাইক যেন উদভ্রান্ত কৰি তুলিলে। খুব চিঞৰি মাতি দিবৰ মন গ'ল কাবেৰীৰ।.....



সাৰ পাই উঠিল কাবেৰী। এন্ধাৰে আগুৰি ধৰিছে বিছনাখন- ঘোপমৰা আন্ধাৰ। খোলা খিৰিকীৰ পিনে কাবেবীয়ে চালে। বিছনাৰ কাষৰ আন্ধাৰৰ ঢৌবোৰে খিৰিকীৰ ফাকেৰে বাহিৰলৈ গৈ কোনোবা অনাদি পথৰ পিনে যাত্রা কৰিছে। ক'তো সাৰ-সুৰ নাই, গছৰ ডাল- পাতৰ মাজেৰে সৰকি যোৱা বতাহৰ সো-সোৱনিৰ বাহিৰে। তথাপি কাণ পাতি যেন কাবেৰীয়ে কিবা এটা শুনিবলৈ চেষ্টা কৰিছে। তাইৰ পৰিচিত ধ্বনি এটা যেন এনে নিজম নিশা শুনিবলৈ পোৱাটো ইতিমধ্যে কাবেৰীৰ কৰ্তব্যৰ ভিতৰুৱা হৈ পৰিছে।... কাবেৰীয়ে নীৰৱতাক ঠেলি আকাশৰ বুকুৱেদি বাগৰি অহা হাঁহিৰ হিল্লোল এটা, কাবেৰীয়ে শুনি ৰ'ল।... আন দিনাৰ দৰে ঠিক পুখুৰীৰ পাৰৰ পৰাই আহিছে। যন্ত্রচালিতৰ দৰে কাবেৰী উঠি আহি খিৰিকীৰ কাষত থিয় দিলে। নাই- কোনো নাই- কেৱল আন্ধাৰ। তথাপি কিবা এটা দেখা পোৱাৰ উৎকণ্ঠা লৈ কাবেৰীয়ে চাই ৰ'ল পুখুৰীৰ পিনে- অপলক দৃষ্টিৰে।


2.পিয়ন / ৭

সি মোৰ নিচেই ওচৰলৈ উঠি আহিল আৰু ফুচফুচাই কোৱাৰ নিচিনাকৈ ক'লে- “বাইদেউ, আপোনাক এবাৰ চাই গ'লে কিয় জানো আকৌ এবাৰ চাবৰ মন যায়। শোৱা-পাটিত পৰিলেও কিয় জানো আপোনাৰ ছবিখনহে মই দেখোঁ..... বাইদেউ মোৰ জীৱনত কিহৰ যেন ধুমুহা বলিছে, ....... আপুনি বাইদেউ......” একেচাবেই উঠি গৈ সি মোৰ হাত এখন থাপ মাৰি ধৰিলে।


এখন চিঠিৰ কাৰণে মই বহুদিন বাট চাই আছিলোঁ। উত্তেজিত হৈ মই এটা সময়ত সদায়ে চিঠিৰ কাৰণে অপেক্ষা কৰিছিলোঁ। এযোৰ জোতাৰ চিনাকি শব্দ এটা শুনিবলৈ.... আজিও মই ব্যাকুল হৈ পৰিলোঁ। আজি কিন্তু এই নির্দিষ্ট সময়টোত মই জোতাৰ শব্দ শুনা নাছিলোঁ। বতৰ ডাৱৰীয়া। আকাশত বহুত মেঘ। বতৰৰ এই আহুকালখিনিৰ কাৰণে হয়তো পিয়নে জোতা পিন্ধা নাছিল। চিঠিখন মোৰ হাতত তুলি দি পিয়নটোৱে অলপ সময় সম্ভৱ মোৰ উজলি উঠা মুখৰ পিনে চাই ৰ'ল। মই কিন্তু অলপ সময়ৰ কাৰণেহে চকামকাকৈ দেখিলোঁ চিনাকি- চিনাকি লগা এখন মুখ।... পিছমুহূৰ্ততে মোৰ দৃষ্টি উভতি গ'ল মোৰ কাম্য চিঠিখনলৈ। সেইখন মোৰ স্বামীৰ চিঠি। বিয়াৰ এমাহ পাছতেই গুচি যোৱা মোৰ স্বামীৰ কবিতা যেন লগা চিঠি।



চহৰৰ দুগৰাকী মহিলা / ১২

বহুদিন চিকাৰ নোপোৱা হিংস্র জন্তুৰ যি লোভ, যি ক্ষুধা, তেওঁৰ অন্তৰতো ঠিক তেনে ধৰণৰ একপ্ৰকাৰৰ ক্ষুধা আছিল।.... মোৰ বিপদৰ কথাটো হ'ল বর্তমান মই অন্তঃসত্ত্বা কিন্তু মোৰ সন্তানটি ঠিক মোৰ স্বামীৰ হয় নে নহয় মোৰ সন্দেহ আছে। তাৰোপৰি যদি নহয়, তাক ঠিক মই নিজৰ সন্তানৰ দৰে মানি লোৱাৰ জোখেৰে মানসিক এটা অৱস্থা কৰি ল'ব পাৰিম নে নোৱাৰিম – ইয়াৰ সঠিক উত্তৰ এটা মোক লাগে।



গধূলি হৈ অহাৰ লগে লগে ঠাইখনে বহু সময় শুই থকা চঞ্চল ছোৱালী এজনী সাৰ গলে যি ৰূপ ধৰে, ঠিক তেনে ধৰণৰ এক ৰূপ ধাৰণ কৰে। চাৰিওফালে এক ধৰণৰ চেপা উত্তেজনাৰ সৃষ্টি হয়। নদীৰ পাৰে পাৰে যিটো লুংলুঙীয়া আলি আহি হাটখনৰ বুকুত শেষ হৈছে, সেই আলিটোতে এই শ্ৰেণীৰ মানুহৰ খৰ-ধৰ ভৰিৰ খোজ শুনা যায়। চেপা গুঞ্জন শুনা যায়। কেতিয়াবা সিহঁতে লৰা-ধপৰা কৰাও শুনা যায়। পুলিচৰ হুইছেল শুনা যায়। কেতিয়াবা সেই চেপা গুঞ্জন চিঞৰ আৰু কেঁকনিত পৰিণত হয়।


হাটখনৰ একোণে সৰু টিলাটোৰ ওপৰত সেউজীয়া টিনৰ যিটো ঘৰ আছে সেইটোৱেই হৈছে চহৰৰ চৰাইখানা। যোৱা মহাযুদ্ধৰ সময়ত সোণোৱালে বিয়া কৰাই আনি সেই চৰাইখানাৰ মুখে মুখে থকা ঘৰটোত থাকিবলৈ লৈছিল।



সহযাত্রী / ২২

নিজৰ গাটো দেখি কেতিয়াবা লাজ, ভয় আৰু সংকোচত তাইৰ মৰি যাবৰ ইচ্ছা গ'ল। চাৰিওফালে বাধা, চাৰিওফালে বিঘিনি। একোটা কাম কৰিবলৈ আগবাঢ়ি আহিলেও বায়েকে তাইৰ সেই আগ্রহত প্রতিবন্ধক স্বৰূপে থিয় হ'ল। মৰমৰ প্রতিমূর্তি বুলি সৌ সিদিনালৈ ভবা বায়েকজনীক এতিয়া তাই সাপ এডালৰ দৰে ভয় কৰা হ'ল। এৰা, মাকৰ সলনি বায়েকজনী মৰি থকা হ'লেহে বেছি ভাল আছিল।

শৈশৱৰ কোমলতাই পৃথিৱীক বুজাৰ শক্তি তেতিয়া তাইক দিয়া নাছিল। প্রতিদিনা পুৱা পৃথিৱী পোহৰ হোৱাৰ লগে লগে লগৰীজাকৰ লগত জুইশলা, টফিৰ কাগজ, ঘূৰণীয়া শিলগুটি বিচাৰি ফুৰা দিন আছিল।


সেইবোৰ বজাৰলৈ অহা বিভিন্ন মানুহক লক্ষ্য কৰা, বুধু দোকানীয়ে তাৰ দোকানলৈ নতুন ধৰণৰ কেনে পুতলা আনিলে, মোহনে কৰা তাৰ নতুন মিঠাই কিমান বিক্রী হ'ল, কোনটো দোকানীৰ কিমান লোকচান হ'ল- কাৰ কিমান লাভ হ'ব এই সকলোবোৰ হিচাপ তেতিয়া তাইৰ অকণি অকণি আঙুলিকেইটাৰ পাবতেই আছিল।




বৈৰাগী ভোমোৰা / ২৭

গাৰোপাহাৰত কেম্প পাতি থাকোঁতে এদিন জগদীশে এদল মহিলা কর্মীক লগ পালে। সিহঁতে গাঁৱে-ভূঞে গৈ মহিলা হ'ম-গার্ড বাহিনীৰ সৃষ্টি কৰিছিল, ফাষ্ট এইডৰ শিক্ষা দিছিল। এদিন কেম্পৰ একুৰা জুইৰ ওচৰত বহি বাহিৰৰ মাটিৰ চৰু এটাত ভাত ৰান্ধি থকা মানুহ এগৰাকী দেখিলে জগদীশে। খোপাটো দেখি জগদীশ ক্ষন্তেক সময় মৌন হৈ ৰ'ল। খোপাটোৰ চুলিবোৰ চিকমিকাই আছিল। প্রায় মূৰটোৰ সমানেই প্রকাণ্ড ডাঙৰ খোপা।


প্ৰথমবাৰ কলিকতালৈ কেনেকৈ গৈছিল, সেই কথা সুন্দৰকৈ মনত আছে জগদীশৰ। দাস এজেন্সিৰ বৰুৱাক লগত লৈ পোনতে সি কলিকতালৈ গৈছিল। গৈয়ো আছিল অকৌ আয়ডিয়েল হ'মত। তেতিয়াৰ আয়ডিয়েল হ'মৰ ৰূপো বেলেগ আছিল।


এজনী নায়িকাৰ মৃত্যুত / ৩৮

কিন্তু মোৰ যে মত আছিল, মোৰ যে ইচ্ছা আছিল নিজৰ হাঁহি মিশ্রিত কৰি একোজনী মৃতা নাৰীক ক্ষন্তেকৰ কাৰণে জীৱিত কৰি তোলাৰ... মাতৃ হৈ নিজৰ মহত্ত্বক নিখুঁতভাবে দাঙি ধৰাৰ। ...প্রেমিকা হৈ প্রিয়জনৰ কাৰণে জীৱনৰ সৌন্দৰ্য আৰু স্বাদ ত্যাগ কৰাৰ ক্ষমতা দেখুৱাবৰ... নির্যাতিতা হৈ বোবা কান্দোন আৰু গোপন বিদ্ৰোহৰ মুক্ত প্ৰকাশ কৰাৰ।



ধূনাৰ গোন্ধ এদিন আকৌ পালো। সেয়ে আনদিনাৰ দৰে আজিও খিৰিকীৰ পৰ্দাখন দাঙি বাহিৰলৈ চালোঁ- বহুত মানুহ গৈছে; নীলকমল মাষ্টৰৰ শৱদাহ কৰিবলৈ এইটো চুবুৰীৰ প্ৰায়বোৰ ডেকা ল'ৰা গৈছে। দিন দুপৰত এইপিনে ধূনাৰ গোন্ধ পালে- আমি জানো নৱগ্রহ শ্মশানলৈ মানুহ গৈছে। আনদিনা ইটো চুবুৰীৰ জীয়ৰী-বোৱাৰীহঁতে লুকাই-চুৰকৈ মানুহ নিয়া চায় আৰু প্রত্যেকজনীয়ে নোধোওঁ বুলি থাকিও শেষত মনে মনে গাঁ ধোৱে।




কাঠফুলা / ৫১


....দেওবাৰৰ এটা দুপৰীয়া কিতাপ কলম লৈ দামোদৰে তাইক পড়ুৱাব আহিছিল। ...ৰামনাথে চকি দুখন টানি আনি পৰ্টিকৰ টেবুলৰ কাষত থৈছিল। বহুদিন যুতিজায়ে দামোদৰৰ ওচৰলৈ যোৱা নাছিল। ...সেয়ে প্ৰথমতে ইংৰাজীখিনি পঢ়ুৱাই দিবৰ সময়ত যুতিজায়ে দামোদৰৰ চকুলৈ এবাৰো মূৰ তুলি চোৱা নাছিল। চাদৰখনেৰে ব্লাউজটো নেদেখাকৈ তাই গাটো বাৰে বাৰে ঢাকি লৈছিল।


ৰঙা আলিটোৰ মাজে মাজে অলপ অলপ দ' অংশবোৰত দোঙা বান্ধি থকা পানীখিনিত যুতিজায়ে উমলি আছিল। গুলঞ্চি আৰু শেৱালি ফুল কিছুমান পানীৰ দোঙাবোৰত থোপ খাই আছিল... সেমেকি যোৱা ফুলবোৰকে এধানি যুতিজায়ে এছাৰি এডালেৰে খেদেলি দিছিল। ফ্ৰকটো আঁঠুৰ ওপৰলৈকে কোঁচাই লৈ তাইৰ সৰু কলাফুল দুটি উলিয়াই মাজে মাজে দোঙাবোৰত নামি গৈছিল আৰু খিলখিলাই হাঁহি দিছিল...! তাইৰ পৰা কেইহাতমান আঁতৰত, আলিৰ আনটো মূৰৰ ডিমৰু গছ ডালত থকা দামোদৰলৈ চাই এনেয়ে তাই হাঁহিছিল।



দৃষ্টিভুল / ৬০

হঠাৎ এবাৰ দেখিলো পেহাদেবে মোলৈ তীব্র দৃষ্টিৰে চাই আছে- এই দৃষ্টি যেন বহুত বেলেগ- মই বুজাব নোৱাৰা এটা অদ্ভুত দৃষ্টি লৈ পেহাদেৱে মোৰ মুখলৈ চাই আছে। মোৰ ভয় লাগিল। মই মেপখনত পেঞ্চিলডাল ঘঁহিয়ে থাকিলোঁ। কিন্তু হঠাতে পেহাদেউৰ অদ্ভুত প্রশ্ন এটাত মই উচপ্ খাই উঠিলোঁ- তোৰ হ'বপায় জয়ন্তলৈ মনত পৰিছে?



মোৰ বয়স তেতিয়া ষোল্ল বছৰ আছিল। কুঞ্জলতাক মই সেই সময়তে লগ পাইছিলোঁ। অর্থাৎ আমি দুয়ো একেলগে প্রৱেশিকা পৰীক্ষা দিছিলো।..... সেইটো বয়সত মই হাঁহিবই বেছি জানিছিলোঁ- কান্দিব নাজানিছিলো বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। কোনো এটা কথাকে মই দকৈ ভাবি নাচাইছিলোঁ।


কুঞ্জলতাৰ লগত আমাৰ ওচৰ-চুবুৰীয়া মানুহবোৰক, আমাক দেখিলে গুণগুণাই গানৰ লহৰ তুলি যোৱা চেঙেলীয়া ল'ৰাবোৰক কোনো কথা নথকাকৈয়ে কঠোৰ সমালোচনা কৰিছিলো। তাৰ পাছত আমাৰ কথাবোৰ বতাহৰ লগত উৰুৱাই দিব পৰাকৈ হাঁহি হাঁহি আমি ইজনীয়ে-সিজনীৰ গাত ঢলি পৰিবৰ উপক্ৰম হৈছিলো। ...... বেলি পশ্চিমফালে ওলমি পৰাৰ লগে লগে আমি আমাৰ ঘৰৰ সম্মুখৰ আলিটোৰে এনেয়ে কেইবাবাৰো তহল দিছিলো। মুকলি বতাহ লোৱাতকৈও আমাৰ বেছি স্পৃহা আছিল ৰাজআলিটোৰে কেনে ধৰণৰ মানুহ পাৰ হৈছে- তাক চোৱাহে।



অনুভূতি / ৬৬


অনাদিৰ হাতখন সজোৰে এৰুৱাই অন্নপূর্ণাই উচাট্ মাৰি আহি বাহিৰৰ বাৰাণ্ডাত থিয় হ'ল। বাৰাণ্ডাৰ খুঁটা এটা খামুচি ধৰি তাই ফেকুৰি ফেকুৰি কান্দিলে। এক অজান আশঙ্কা, আশাভঙ্গৰ বেদনাত গাৰ শিৰা-উপশিৰাবোৰ যেন সঙ্কুচিত হৈ পৰিল। কেনেকৈ তাই বিশ্বাস কৰিব তাইৰ এক ব্যাধি আছে- এক দুৰাৰোগ্য ব্যাধি!


ঘৰৰ পৰা একেবাৰে ওলাই আহিবৰ দিনা মাকে চাদৰৰ আঁচলেৰে কোনেও নেদেখাকৈ চকুলো দুসোঁতা মচি অন্নপূর্ণাক ক'লে-


: পাহিকো লৈ যা- তই যোৱাৰ পাছত তাইক ৰখা টান হ'ব!


পাকঘৰৰ বাৰাণ্ডাত শিকলিডালেৰে বান্ধি থোৱা পাহিলৈ অন্নপূৰ্ণাই দুৱাৰমুখৰ পৰা ভুমুকিয়াই চালে। পাহিয়ে তাইৰ মুখলৈ এক বোবা দৃষ্টিৰে চাই আছে। তাইৰ চকুত চকু পৰাত নেজডাল তাই অলপ লৰাই দিলে। জিভাখন কোৱাৰিৰ চাৰিওফালে এবাৰ বোলাই দিলে। ভাল খোৱা বস্তু তাইৰ আগত থ'লে তাই যেনেকুৱা কৰে আজি অন্নপূর্ণাক দেখি তাই ঠিক তেনেকুৱা কৰিব ধৰিলে।




মন্থন / ৭২

ঘৰুৱা কামৰ মাজত মনটোক নিষ্ঠুৰভাৱে বন্দী কৰি মই এটা নিৰ্মম সত্য পাহৰি থাকিবলৈ আপ্রাণ চেষ্টা কৰিছিলোঁ। আহি পোৱাৰ লগে লগে সৌমিত্রই ভাল পোৱা কিবা এটা ৰান্ধিবলৈ মই পাকঘৰৰ ভিতৰত সোমাইছিলোঁ। হুলস্থূল কৰি সৌমিত্ৰই মূঢ়া এটা পাৰি মোৰ ওচৰত বহিছিল আমাৰ কাম আৰু কথাৰ মাজত ছমাহ আগেয়ে ঘটি যোৱা সেই দুৰ্ঘটনাৰ আভাস নাছিল।


অনুভূতিৰ দাসী মই সৰুৰে পৰা আছিলোঁ। এতিয়া এই দাসীত্বৰ পৰা মুক্ত হ'বলৈ মই প্রাণপণে যত্ন কৰিছোঁ। মোৰ ধাৰণা হৈছে মই কৃতকার্য হ'ব পাৰিম।

মোৰ দুবছৰীয়া অকমানি সন্তানটোক এতিয়া মই অন্য চকুৰে চাবলৈ শিকিছোঁ। মোৰ কাষত এতিয়াও সি পৰম নির্ভয়ে ক্ষীণ ক্ষীণ উশাহ লৈ শুই আছে। ইয়াক কেতিয়াবা মোৰ শত্ৰু আৰু কেতিয়াবা মোৰ প্ৰহৰী যেন লাগে। ঠিক সেইবোৰৰ মুহূৰ্তত ইয়াৰ অকমাণি ডিঙিটোত চেপি ধৰিবৰ মন যায়। আজিও এই ভাব আহোতে মই তাৰ বাহুটোত চিকুটি দিলো। সি চিঞৰি দিলে। বাৰান্দাত থিয় হৈ থকা পুৰণি লগুৱা হৰিহৰে তাক আনদিনাৰ দৰে বিছনাৰ পৰা তুলি নিলে।



যুদ্ধ/৮০

সি তাৰ পাইজামাৰ আগটো দাঙি দেখুৱালে। .....মই উচপ্ খাই উঠিলোঁ। মোৰ গাৰ সিৰা-উপসিৰাবিলাকো যেন শিয়ৰি উঠিল। ভৰিখনত প্ৰকাণ্ড এটুকুৰা ঘা। তেজ আৰু পুঁজৰ সৈতে উখহি একেবাৰে বিৰাট আকাৰ ধাৰণ কৰিছে! ..... সেইটো ভৰি লৈ মানুহটোৱে এইদৰে ডবাৰ মুখে মুখে ঘূৰি ফুৰিছে! ইমানখিনি যন্ত্রণা বহন কৰি মানুহটোৱে ডবাৰ মুখে মুখে হাঁহিৰ হিল্লোল কেনেকৈ আনিছে ভাবি মই অবাক হৈ গ'লোঁ।


ৰে'লখন ৰৈ যোৱাৰ লগে লগে বুকুৰ পৰা স্বস্তিৰ নিশ্বাস এটা ওলাই আহিল। কাটিহাৰলৈ আৰু হয়তো বেছিদূৰ নাই। মোৰ চিন্তাৰ আঁতডাল ছিঙি দিলে ফেৰীৱালাবিলাকৰ চিঞৰ-বাখৰে। মূৰটো দাঙি খিৰিকীৰে বাহিৰলৈ চালো। দেখিলো এজাক ফেৰীৱালা। বাদাম, বুট ভজা, চানাচুৰ, চৌডা, চাহ ইত্যাদি লৈ প্রত্যেকেই একোটা কোঠাত উঠাৰ চেষ্টা কৰিছে। সিহঁতৰ এই গ্রাহক চিকাৰ কৰা ফুৰ্তি বন্দনাৰ মাজত বাদামৱালাটোৰ গীতেই মোৰ কাণত বেছিকৈ সোমাইছিল। সি উঠিছিল আমাৰ নিচেই কাষৰ তৃতীয় শ্ৰেণীৰ ডবা এটাত। মানুহৰ কথা ক'ব পৰা শক্তি দেখি মই অবাক হৈ গৈছিলোঁ। তাৰ বাদামখিনিৰ গুণ বখানি সি গোটেই বাটটো বকি গৈছিল। সঁচা কথা ক'ব গ'লে সেই পৰিৱেশৰ মাজত তাৰ কথা, তাৰ গীত শুনি বেয়া লগা নাছিল। গ্রাহকক আকৰ্ষণ কৰিবলৈ তাৰ আৰু একো নাই কেৱল মুখখনহে আছে। সিও মুখৰ সদব্যৱহাৰ ভালকৈয়ে কৰিব জানিছে।



অগ্নিদগ্ধা / ৮৪

সময়ৰ বোকোচাত উঠি আকৌ বছৰেকৰ বিহুটো পালেহি। কুলিৰ মাতৰ লগত হেজাৰ অন্তৰৰ খলকনি উঠিল। কেতেকীৰ মলমলীয়া গোন্ধে শতেক হিয়া বাউলি কৰিলে। বতাহত হেন্দুলি থকা কপৌফুল কেইপাহিয়ে হেজাৰ চকুক হাতবাউল দি মাতিলে। কিন্তু এইখন ৰঙৰ জগতে ৰাধাৰ অন্তৰত সমূলি জোৱাৰ তুলিব নোৱাৰিলে।


শিৱৰাত্ৰিৰ মেলাৰ দিনা পোনপ্ৰথমবাৰ ৰাধাই প্রফুল্লক দেখা পাইছিল। সেই দিনটোৰ স্মৃতি আজিও তাইৰ মনত তেনেই কেঁচা হৈ জিলিকি আছে। ..... এই দিনটোৰ স্মৃতিয়ে এদিন তাইক উতলা কৰি তুলিছিল। আজি কিন্তু সেয়ে নাগপাশৰ দৰে তাইৰ ডিঙিত চেপি ধৰিছে- যিমানেই তাই এই ভাব আঁতৰ কৰিবলৈ চেষ্টা কৰিছে, সিমানেই যেন ই বেছি টানকৈ তাইক মেৰুৱাই ধৰিছে।


কলং পাৰ হৈ সিহঁত মেলালৈ গৈছিল। প্ৰথমবাৰৰ কাৰণে সেইদিনা তাই নাৱত উঠিছিল। পানীৰ সোঁতৰ মাজত কঁপি কঁপি যোৱা তুলুঙা নাওখনত উঠি তাইৰ বুকুখন দুৰু দুৰু কঁপিছিল। সেই মুহূর্তত বতাহ বেছিকৈ বলিবলৈ ধৰিলে, তাই জোৰেৰে মালতীৰ হাতখন চেপি ধৰিছিল। তাইৰ চকু-মুখে ফুটি উঠা ভয়ৰ ভাবটো নাৱত যোৱা বাকীবোৰ মানুহৰ চকুতো সুস্পষ্ট হৈ পৰিছিল।




দংশন / ৯০

আলিৰে মানুহ গ'লে সিহঁতে খিৰিকীৰে জুমি চায়। তাৰ পাছত খিলখিলকৈ হাঁহি দিয়ে। মই জানো মানুহক বিদ্রূপ কৰি সিহঁতে তেনেকৈ হাঁহিলেও সেই হাঁহিৰ মাজত এক মর্মান্তিক বেদনা নিহিত হৈ থাকে। সেই বেদনা হৈছে আশাভঙ্গৰ, পৃথিৱীত মানুহ হিচাপে জীয়াই থাকিবলৈ নোপোৱাৰ আৰু অকাৰণে ধ্বংস হৈ যোৱা একোটা যৌৱনৰ জ্বালাত।



মই ঘৰৰ আগৰ ঘাঁহনি ডৰাত বহি আছিলোঁ। শুকান ঘাঁহ এডাল দাঁতেৰে কুটি-কুটি মই মোৰ সন্মুখৰ পুৰণি আঁহত এডাললৈ চাই আছিলো। গছডাল মোৰ দৃষ্টিৰ সন্মুখত আছিল যদিও সেইজোপা মই যেন দেখা পোৱা নাছিলোঁ। কাৰণ মই কল্পনা কৰি যোৱা ছবিবোৰহে তাত প্রতিফলিত হোৱা দেখিছিলোঁ। মোৰ দুয়ো ভ্রূৰ মাজত বালিচন্দা লগোৱা টিপটোত সূৰুযৰ শেষ ৰশ্মিখিনি আহি পৰিছিল। মই খুব পৰিপাটিকৈ কম দামী শাড়ী এখন পিন্ধিছিলো। মোৰ দৃষ্টিৰ উজ্জ্বলতাখিনি লাহে লাহে শেষ হৈ অহা যেন অনুভৱ কৰিলো। এক অসহ্য ভাগৰে মোৰ শৰীৰ লাহে লাহে যেন ভাৰাক্ৰান্ত কৰি তুলিলে। মোৰ মুখত লাগি থকা এই নিষ্প্রভতাখিনি আঁতৰাই পেলাবলৈ মই বাৰে বাৰে যত্ন কৰিলোঁ। নোৱাৰিলো। কাৰণ মোৰ ভোক লাগিছিল। যোৱা ৰাতি এটা মুহূৰ্তৰ কাৰণেও মোৰ চকুৰ পতা মুদ খোৱা নাছিল।



অমিত্রাক্ষৰ / ৯৬


......মাত্র দুদিনৰ পাছত সেই ধ্বংসস্তূপৰ মাজত গধূলিৰ "পেট্রমাক্স লাইট” জ্বলা দেখি মই অকল অবাকেই হোৱা নাছিলো, অভিভূত হৈ পৰিছিলো। ধোবাটোৱে লাইট জ্বলাইছে। জুয়ে তাৰ ঘৰ পুৰি ছাই কৰি দিলে! আকৌ পোৰা খুঁটাকেইটাৰ ওপৰত ফটা ত্রিপালখন তৰি দি সি কাপোৰ ইস্ত্রি কৰিব লাগি গৈছে! তাৰ ওঁঠত চিৰ লগৰী হাঁহিটো লাগি আছে! সেই হাঁহিৰ অন্তৰালত বেজাৰৰ ক্ষীণ পৰশো মই দেখা নাপালোঁ।



মোৰ তেতিয়া মনত পৰিছিল ছন্দ পতন গল্পটোলৈ- ঠিক গল্পটো নহয়, গল্পৰ নামটোলৈ। সেইটো নাম কিয় দিছিলো এতিয়া আৰু মনত নপৰে। মানুহৰ জীৱনত আকৌ ছন্দপতন? য'ত ছন্দ থাকে তাতহে ছন্দৰ পতন ঘটিব পাৰে! আমাৰ জীৱনৰ ছন্দ ক'ত? ছন্দবিহীন অবিৰাম সংগ্ৰামৰ সমষ্টিয়ে হ'ল এই জীৱন।


খিৰিকীৰ মুখত বহি তেতিয়া আৰু আকাশ চোৱাৰ স্পৃহা মোৰ নাছিল। যন্ত্রচালিতৰ দৰে মোৰ দৃষ্টি আৱদ্ধ হৈ পৰিছিল বাটটোৰ সিপাৰৰ ধ্বংসস্তূপৰ মাজত। মোৰ এই দৃষ্টিৰ সন্মুখৰ বিশাল এলেকাটোৰ আজি কর্মব্যস্ততাৰ কোনো লক্ষণেই নাই। এইখন যেন এখন মৰিশালি। ইমানবোৰ মানুহৰ কলৰৱ হঠাতে শোকাবহভাৱেই যেন নোহোৱা হৈ গ'ল। এজন মানুহ দেখোঁ বুলিয়ে মই মূৰ তুলি চাইছিলোঁ। ওহোঁ! কোনো নাই।



চিনাকি মৰম / ১০১

বেৰখনত আঁউজি কিমান সময় অতীতৰ বুকুত লুকাভাকু খেলিছিল মনত নাই। খৰমৰ শব্দ আৰু চিনাকি গুড়গুড়ীৰ শব্দ এটা তাৰ পিনে আগবাঢ়ি অহাত চমক ভাঙিল! তেতিয়াও সি বাহিৰৰ বাৰাণ্ডাতে আঁউজি আছে- কথাটো ভাবিয়ে তাৰ লাজ লাগি গ'ল! কোনোবাই তাক তেনেকৈ সপোন ৰচি থকা দেখিলেই নেকি বুলি চাৰিওফালে সি চকু ঘূৰাই ক'লে।..... গুৰগুৰিটো হুঁপি হুঁপি দেউতা তাৰ নিচেই ওচৰ চাপিলেহি!


সুদীর্ঘ সাতটা বছৰৰ পাছৰ গাঁওখন তাৰ নিতান্ত আচহুৱা লাগিল। অস্বস্তিত তাৰ মনটো মাজে মাজে কোঁচ খাই যোৱা যেন লাগিল। বুঢ়া আঁহতজোপাৰ তলৰ আলিটো দেখি সি দ্বিতীয়বাৰ হ'ল। মিহি সাপ এডালৰ লেখীয়া আলিটো আৰু মিহি আৰু বহল হ'ল। .....আলিটোৰ পৰা অলপ ফালৰি কাটি আহি আঁহতজোপাৰ তললৈ নামি অহা ফেৰেঙণি এটাৰ মাজেৰে সি জুমি চালে বহুদিনৰ চিনাকি মৰমৰ বিলখনলৈ। -সি যেন তাৰ চকুযোৰকে বিশ্বাস কৰিবলৈ টান পালে। প্ৰায়বোৰ ঋতুত ভেঁট আৰু মকুৱা ফুলেৰে ৰাঙলী হৈ থকা বিলখনত এটিও ফুল নাই। বিলখনৰ বাওঁহাতৰ কাঠনিখনো তেনেই মুকলি। আগেয়ে দিনত মানুহ সোমাবলৈ টান পোৱা- গহীন কাঠনিখনত দুটাকৈ টিঙৰ বঙলাও উঠিছে।



পালানপুৰৰ পৰা পাঠানকোট / ১১০

লেডিজ কম্পার্টমেন্ট এটাৰ ওচৰত বহু সময় কমলা থিয় দি ৰ'ল। পুৰুষকো চেৰ পেলাই বাদুলি ওলমাদি ওলমি গৈ হ'লেও নিজৰ ঠাই এটুকুৰা ঠিক কৰি লোৱাত এইবোৰ তিৰোতাৰ সমান অর্থাৎ বিহাৰী আৰু উৰিয়া তিৰোতাৰ সমান পটু তিৰোতা যেন গোটেই ভাৰতবৰ্ষতে নাই। হাতত ছাতি-টোপোলা ইত্যাদি লৈ কেইজনীমান খিৰিকীৰেও উঠা-নমা কৰাত পাকৈত।


পালানপুৰৰপৰা দিল্লীলৈ আহোঁতে কমলাই অলপ অস্বস্তি অনুভৱ কৰিলে। কাৰণ কৃষ্ণেন্দুৱে যিটো কোম্পানীত কাম কৰে, সেই কোম্পানীয়ে দুয়োৰো কাৰণে বুক কৰিছিল প্ৰথম শ্ৰেণীৰ এটি - সৰু 'কুপে'। সুৰুচি সম্পন্ন, আৰামদায়ক, দুজনীয়া যাত্ৰীৰ কাৰণে অত্যন্ত উপযোগী আছিল পালানপুৰৰ পৰা দিল্লীলৈ অহা দীঘলীয়া যাত্রাটি। আগেও কমলাই বহুবাৰ কুপেত যাত্ৰা কৰিছে। কলিকতাৰ পৰা বর্ধমান, আকৌ দিল্লীৰ পৰা আজমীৰ, জাম নগৰৰ পৰা ওকা ইত্যাদিলৈ বহুবাৰ কমলাই কৃষ্ণেন্দুৰ লগত অহা-যোৱা কৰিছে। প্রত্যেক বাৰেই দুয়োৰো কাৰণে বুক হৈ আছিল প্ৰথম শ্ৰেণীৰ একোটা কুপে। অৱশ্যে এই কুপে যাত্রাত কোনো ভ্রমণ ৰস নাই। অৰ্থাৎ তৃতীয় শ্ৰেণীৰ কম্পার্টমেণ্টৰ ভিতৰত বহি অলেখ অচিনাকি যাত্ৰীৰ মাজত কষ্টদায়ক যি এটা আনন্দ পোৱা যায়, প্রথম শ্ৰেণীৰ কুপেত বহি ঠিক তেনে ধৰণৰ আনন্দ পোৱা নাযায়। কাৰণ ইয়াৰ পৰিৱেশে মানুহক অত্যন্ত আত্মকেন্দ্ৰিক কৰি তোলে।



মৌন মনৰ মৰমী / ১২০

ইহঁতে বুজিছ মোৰ কিবা বেয়া অসুখ হোৱা বুলি ভাবিছে। আচলতে কি হৈছে জান, এই ছমাহমান মই ঠিকমতে খোৱা-বোৱা কৰা নাই। এসাঁজ খালে তিনিসাঁজ নোখোৱাকৈ আছো। কাঁহটো হৈছে ঠাণ্ডা লাগি হৈছে। সৰু ল'ৰা, তোৰ আগত আৰু মই মিছা কথা ক'মনে?


বহুদিনৰ মূৰত আজি ককাইদেউৰ পৰা চিঠি এখন পালো। দুই-এদিনতে সি ইয়ালৈ আহিব। গা হেনো বৰ ভাল নহয়। মোৰ মনটো অলপ ফৰকাল লাগিল। কাৰণ ভাগীৰৰ্থ ককাইদেউৰ কাৰণে আমাৰ ঘৰৰ সকলোৰে অশান্তি। অথচ এই ককাইদেৱেই এদিন আমাৰ মনত কল্পতৰু স্বৰূপ আছিল। ককাইদেউক কেন্দ্র কৰিয়েই আমি বহুত কল্পনা কৰিছিলো। কিন্তু ককাইদেউৰ অধঃপতনে- এৰা অধঃপতনেই বুলিব পাৰি, এই কথাই আমাৰ মানে মা, মোৰ, কণ ল'ৰা আৰু পাহিতাৰ মনত বেজাৰৰ চামনি বন্ধালে। এই চামনি ইমান ভালকৈ বান্ধিলে যে সহজে আমাৰ মন ফৰকাল হোৱা টানেই হৈ পৰিল। আমি এটাইকেউটাই গোপনে হ'লেও ভাবিলো আমাৰ দুখৰ দিনৰ আৰু ওৰ নপৰে।


Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)