হোমেন বৰগোহাঞি

1.সুবালা

মোৰ নাম সুবালা। কিন্তু মোৰ পৰিচিত বন্ধুবোৰে আৰু পুলিচে মোৰ নাম সুবালা বুলি ক'লে বিশ্বাসেই নকৰিব। সিহঁতে কোনেও মোক সুবালা নামেৰে নাজানে। মোৰ যে কিমান নাম আছে, তাৰ হিচাপ মই নিজেই পাহৰি গৈছোঁ। পৃথিৱীত যিমানটা মানুহৰ লগত মোৰ পৰিচয় আছে প্রায় সিমানটাই মোৰ নাম, অর্থাৎ প্রত্যেকটো মানুহৰ কাৰণেই মোৰ বেলেগ নাম। যিকেইটা নাম মোৰ এতিয়াও মনত আছে সেইকেইটা হ'ল চকোৰী, ৰাণী, কুসুম, বীণা, পাপৰি, ময়না, মধুমতী, ৰুক্কি, সোণালী, নয়নতৰা, চুক্তি, হৰিণী, বাসন্তী, বসন্তসেনা। ইয়াৰ বেছিভাগ নামেই মই নিজে সজা নহয়, মোৰ বন্ধুবোৰে দিয়া। কোন সময়ত মোক কোনে কি নাম দিছিল, সেইবোৰ কথা মই পিছত ক'ম। কিন্তু এটা কথা এতিয়াই খুব ভালকৈ কৈ থোৱা উচিত। মোৰ আচল নাম সুবালা। এই নামেৰে মোক কোনোবাই জানক-নাজানক, মোৰ আচল নাম সুবালা।



2.তান্ত্রিক

অমলৰ নিজৰ অকণো ইচ্ছা নাছিল, কিন্তু বন্ধুসকলৰ দাবীৰ ওচৰত তেওঁ সেও মানিবলৈ বাধ্য হ'ল। তেওঁ নতুনকৈ ভাড়া-ঘৰ এটা লৈছে, সিও পৰিয়াল থকা মানুহ এজনৰ নিজৰ থকা ঘৰৰ এটা অংশ মাথোন; তাৰ কাৰণেই ম'হতকৈ শিং চৰা কৰি গৃহ-প্ৰৱেশৰ উৎসৱ এটা পতা নিশ্চয় শোভা নেপায়। তদুপৰি মাতিলে প্রিন্সিপালকে ধৰি কলেজৰ আটাইকেইজন অধ্যাপককেই মাতিব লাগিব, এজনক মাতি এজনক বাদ দিয়াটো বৰ অন্যায়ৰ কথা হ'ব। কিন্তু অমলৰ যিহে ঘৰ, আটাইকেইজন অধ্যাপক আহিলে একেলগে বহি ভাত খোৱা দূৰৰ কথা, থিয় হৈ থাকিবলৈকো ঠাই নহ'ব। সাতে-পাঁচে ভাবি ঘৰ লোৱা উপলক্ষে কোনো উৎসৱ পাতিবলৈ অমলৰ অকণো ইচ্ছা নাছিল। কিন্তু গণেশে নেৰিলে। তেওঁ তৎক্ষণাৎ অমলৰ সমস্যাৰ সমাধান বাহিৰ কৰি দিলে। গোটেই ষ্টাফক মাতিবৰ একো দৰকাৰ নাই। সকলোৱেই জানে যে ষ্টাফত দুটা দল আছে: বুঢ়াৰ দল আৰু ডেকাৰ দল, অর্থাৎ বিৱাহিতৰ দল আৰু ডাং-বৰলাৰ দল। কমন ৰূমত যিকোনো বিতর্কমূলক কথা ওলালেই গোটেই ষ্টাফ্ আপোনা- আপুনি এই দুটা দলত ভাগ হৈ পৰে। অমলে তেওঁৰ পাৰ্টিলৈ ডেকাকেইজনক মাতিলেই হ'ব। বুঢ়াসকলে বুজিব। ইয়াৰ পিছত অমলৰ ক'বলৈ আৰু কথা নেথাকিল। তদুপৰি গণেশে নিজে নিজেই অমলৰ ওপৰত এনে এটা স্নেহ আৰু আত্মীয়তাৰ দাবী কৰি বহিছে যে তেওঁৰ অনুৰোধ উপেক্ষা কৰাও অমলৰ পক্ষে কোনোৰকমেই সম্ভৱ নহয়। আচলতে গণেশৰ স্বভাৱটোৱেই তেনে।


3.কুশীলব

১৯৬৯ চন: পহিলা এপ্রিল

ৰাতিপুৱাৰ চাহ-জলপান শেষ কৰি গোপীনাথ মহস্তই গুড়গুড়ীটো লৈ বহিছিল মাত্র, এনেতে হকাৰে বাতৰিকাকতখন দি গ'ল। নিষ্ঠাবান মুছলমানে নামাজ পঢ়াব দৰে বা ব্রাহ্মণে গায়ত্রী জপ্ কৰাৰ দৰে মহন্তইয়ো ঠিক এই সময়তে দিনটোৰ বাতৰিকাকতখন পৰম নিষ্ঠাৰে সৈতে পাঠ কৰে। তেওঁৰ বাকী গোটেই দিনটোৰ কাৰ্যসূচী, মন-মেজাজ আৰু চিন্তা-ভাবনা বহু পৰিমাণে নির্ভৰ কৰে এই বাতৰিকাকতখনৰ ওপৰতে। 



4.হালধীয়া চৰায়ে বাও ধান খায়

বতৰ বহুত দিন খৰাং হৈ থাকি শাওণৰ তৃতীয় দিনৰপৰা বৰষুণ দিবলৈ আৰম্ভ কৰিলে। যোৱা দুমাহ ধৰি আকাশখনে অবিৰাম জুই ববযিছিল। পথাৰবোৰ ছিৰাল-ফটা দি শিল যেন টান হৈ পৰিছিল, খাল-বিলব পানী শুকাই গৰম বোকাত গৰৈ, খলিহা মাছবোৰ মৰি গেলিবলৈ আৰম্ভ কৰিছিল, খেতিয়কবোৰৰ ভয় আৰু দুর্ভাবনা পুঞ্জীভূত হৈ পৰিছিল। অৱশেষত শাওণৰ তৃতীয় দিনা মাজ- বাতিৰপৰাই বৰষুণ দিবলৈ আৰম্ভ কৰিলে। মেঘব এটা ডাঙৰ ঢেবেকনি শুনি বসেশ্বৰ খৰ্ম্মকৈ সাব পাই উঠিল। মাত্র অলপ আগতে সি টোপনি গৈছিল। অসহ্য গৰমত টোপনি যাব নোৱাৰি বহুত পৰলৈকে সি ছট্‌ফট্ কবি আছিল। শিয়ালে যেতিয়া তৃতীয় পৰৰ হোৱা দিবলৈ আৰম্ভ কৰিবলে, বসেশ্বৰব ভাব হ'ল যে আজি বাতি আৰু বোধহয় শোৱাটো নহ'ব, গোটেই বাতি উজাগৰেই যাব। চাদা-চুবট এটা খাবলৈ মন কবি সি গাৰুৰ তলৰপৰা জুইবাহটো উলিয়াই কেৰাচিন তেলৰ চাকিটো জুলালে। চাকিৰ পোহৰত ল'ৰা-ছোৱালীজাক আৰু ঘৈণীয়েকলৈ তাৰ চকু গ'ল। সিহঁত গোটেইবোবে বসেশ্বৰৰ লগত একেখন বিছনাতেই শোবে। বিছনা মানে বাঁহৰ এখন ডাঙৰ চাং, তাৰ ওপৰতে শুকান খেবৰ ওপৰত পাটী পাবি সিহঁতে শোবে। এমূবে বসেশ্বব, আনমূবে ঘৈণীয়েক, মাজত সাতোটা ল'ৰা-ছোৱালী। চাকিৰ পোহৰত বসেশ্বৰে দেখিলে, ল'ৰা-ছোৱালীজাকে ইটোৰ ওপৰত সিটোৱে ভৰি-হাত তুলি একাকাৰ হৈ কুকুৰ-পোৱালি এজাকৰ দবে লাল-কাল দি টোপনি গৈছে। নিজৰ ল'ৰা-ছোৱালীক শুই থকা অৱস্থাত দেখিলে মাক-বাপেকৰ মনত এটা অদ্ভুত মমতা উথলি উঠে।



5.পিতা-পুত্র

গাঁয়ত বাতৰিকাকত লোৱা মানুহ এজনো নাছিল। গাঁওখনত লিখা-পড়া জনা মানুহ যে একেবাৰে নাছিল এনে নহয়। কিন্তু আটাইবোৰেই হালোৱা-চহোৱা মানুহ, বাতৰিকাকত পঢ়িবলৈ কাবো সময় নাই। অৱশ্যে শিবনাথ ফুকনৰ কথা সুকীয়া। তেওঁ এজন সৰু-সুৰা জমিদাৰ। গাঁওখনত খেতিৰ উপযোগী যিমানখিনি ভাল কপিত মাটি আছে-সেই গোটেইখিনিৰে গৰাকী তেৱেঁই। গাঁওখনৰ চাৰি ভাগৰ এভাগ মানুহে তেওঁৰ মাটিতে আধি লৈ খেতি কৰে। বাকী গোটেইবোৰে প্রতি বছৰে চাপৰিৰ হাবি ভাঙি মাটি মুকলি কৰি খেতি কৰে। শিৱনাথে গাঁৱৰ স্কুলৰপৰাই ছাত্রবৃত্তি পাছ কবি ঘৰৰ অৱস্থা ভাল থকা সত্ত্বেও চহৰত গৈ উচ্চ-শিক্ষা ল'বলৈ মন নকৰিলে। ঘবতে থাকি খেতি-বাতি চলোৱাত মন দিলে। অতি সৰুৰেপৰাই তেওঁৰ মনত সাহিত্যৰ প্রতি গভীৰ অনুবাগ আছিল আৰু নানা বিষয়ৰ কিতাপ-পত্ৰ পঢ়ি তেওঁ ভাল পাইছিল। কিতাপৰ প্ৰতি এই নিচা তেওঁ সম্ভৱতঃ দেউতাকৰপৰাই জন্মসূত্রে লাভ কৰিছিল।


অসমত যি সময়ত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা চলিছিল, শিৱনাথৰ দেউতাক গোপীনাথ সেই বাংলা ভাষাৰ জৰিয়তে শিক্ষা লাভ কৰা মানুহ। গোপীনাথে স্কুলত পঢ়ি থকা অৱস্থাতে মাধবচন্দ্র মুখার্জী নামৰ এজন সাহিত্য-বসিক বঙালী শিক্ষকৰ প্ৰভাৱত পৰি বাংলা সাহিত্য অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে, আৰু মৰিবৰ দিনলৈকে তেওঁৰ সেই নিচা থাকি গ'ল। শিরনাথে অন্যান্য সা-সম্পত্তি আৰু মাটি-বাৰীৰ লগতে এক আলমাৰী বঙালী কিতাপো দেউতাকৰপৰা উত্তৰাধিকাৰ সূত্রে লাভ কৰিলে। আখৰ ভালকৈ পঢ়িব পৰা হোৱাৰ পাছৰপৰাই শিশু শিৱনাথে ছবি থকা গল্পৰ কিতাপৰ সন্ধানত দেউতাকৰ কিতাপৰ আলমাবী খুঁচৰিবলৈ ধৰিলে, আৰু দুদিনমানৰ ভিতৰতে তেওঁ তাৰ মাজত এখন সম্পূর্ণ অপৰিচিত আৰু বহস্যময় জগৎ আৱিষ্কাৰ কৰিলে।



6.তিমিৰতীৰ্থ

'এনে এটা সঙ্কট কেৱল মোৰ জীৱনতেই অহা নাই। অতীততো হাজাৰ হাজাৰ মানুহৰ জীৱনত আহিছিল, ভবিষ্যতেও হাজাৰ হাজাৰ মানুহৰ জীৱনত আহিব। প্লেটোৰ 'ৰিপাব্লিক'ত আডিমেন্টাছে দুজন মানুহৰ জীৱনৰ ছবি আঁকিছিল। এজন মানুহ আছিল ভয়ঙ্কৰ পাপী আৰু চয়তান। কিন্তু তাৰ সমস্ত জীৱন অতিবাহিত হ'ল পৰম সুখত। মৃত্যুৰ মুহূর্ততো সি লাভ কৰিলে সকলো মানুহবে শ্রদ্ধা আৰু সম্মান। আনজন মানুহে সমস্ত জীৱন অশেষ দুঃখ বৰণ কৰি সৎ পথত চলিও সকলোৰেপৰা পালে কেৱল নিন্দা, অপবাদ আৰু ধিক্কাৰ। কেৱল সেয়ে নহয়, অৱশেষত তেওঁক ক্রুছবিদ্ধ কৰি হত্যা কৰা হ'ল। এই দুজন মানুহৰ আৰ্হি দেখুৱাই আডিমেন্টাছে প্লটিনাছক প্রশ্ন কৰিলে: 'তুমি এই দুটা জীৱনৰ ভিতৰত কোনটো জীৱন বাছি ল'বা?' প্রটিনাছে উত্তৰ দিলে-'যি মানুহে কেৱল সততাৰ কাৰণেই সৎ জীৱন বাছি নলয়, অর্থাৎ কিবা পুৰস্কাৰৰ আশাতহে সৎ জীৱন কামনা কবে, তেনে মানুহে আচলতে কেতিয়াও সৎ জীৱন কামনা নকৰে।'




7.অস্তৰাগ

দিলীপে কলেজলৈ যাবলৈ বুলি পোছাক পিন্ধিবলৈ আৰম্ভ কৰিছিল মাত্র, ঠিক তেনে সময়তে কলিং বে'লটো বাজি উঠিল। এই অসময়ত কোননো আহিল বুলি ভাবি তেওঁ মনে মনে খুব বিবক্ত হ'ল। পদে পদে কাঁটাৰ নির্দেশ মানি চলা তেওঁৰ অভ্যাস। এতিয়া যদি মাত্র পাঁচ মিনিট সময়ো তেওঁ দর্শনার্থীৰ কাৰণে খৰচ কৰিবলগা হয়, তেন্তে কলেজৰ দহ বজাৰ ক্লাছটোৰ কাৰণে তেওঁ কোনোমতেই ঠিক সময়ত উপস্থিত হ'বগৈ নোৱাৰিব। যোৱা কালিয়েই তেওঁ ছাত্র-ছাত্রীবোৰক কথা দি আহিছিল যে আজি তেওঁ সিহঁতক ফৰাচী ঔপন্যাসিক বেঞ্জামিন কণ্ঠাঁটব বিষয়ে কিছু কথা ক'ব। নাই, কলেজৰ পাঠ্য-পুথিত বেঞ্জামিন কষ্টাঁটব বিষয়ে কোনো উল্লেখ নাই বা পৰীক্ষাৰ প্রয়োজনত ছাত্র-ছাত্রীবোবে তেওঁৰ বিষয়ে জানিববো কোনো প্রয়োজন নাই। কিন্তু দিলীপে কেৱল পৰীক্ষাৰ কথা মনত ৰাখিয়েই ছাত্রক নপচুৱায়। কিবা এটা বিষয় পঢ়াবলৈ আৰম্ভ কৰি সেই বিষয়ে জানিবলগীয়া যাবতীয় সকলো কথা তেওঁ ছাত্রক ক'বলৈ চেষ্টা কৰে, আৰু ফলত সেই বিষয়টোৰ সূত্র ধৰি তেওঁ বিচিত্র বিষয়াস্তবলৈ ছাত্রবোবক লৈ যায়। যোৱা কালি তেওঁ ক্লাছত কার্লাইলৰ "অন হিব'জ এণ্ড হিব'ওৱবশ্বিপ" পঢ়াওঁতে অৱধাবিতভাবে কার্লাইলৰ 'ডি ফ্রেঞ্চ বিভলিউশ্যন'ব কথা ওলাল, ইতিহাস- বিষয়ে কার্লাইলৰ নিজস্ব আদর্শব কথা ওলাল, এডবার্ড গিবনৰ কথা ওলাল, আৰু গিবনৰ কথা কওঁতে কওঁতে তেওঁ যে কেতিয়া বেঞ্জামিন কণ্ঠাঁটব বিচিত্র জীবন-ইতিহাস ক'বলৈ আৰম্ভ কৰিলে সেই কথা তেওঁ নিজেই ক'ব নোৱাৰিলে।


8.সাউদৰ পুতেকে নাও মেলি যায়

'বাপুকণ! অ' বাপুকণ।'


গৰমৰ বন্ধৰ দুপৰীয়া। ভাত-পানী খাই উঠি ঘবৰ ডাঙৰ মানুহ সকলোৱে জিবণি লৈছে। বাপুকণব দেউতাকে এহাতে বিচনী আৰু আনহাতে এখন কিতাপ লৈ চ'ৰাঘৰৰ বিছনাত দীঘল দিছে। মাকে পিৰালিতে তামোলৰ বটাখন আগত লৈ তামোলৰ সেলেঙি লগাই ওচৰবে কণপোনাৰ মাকৰ লগত বিয়নী-মেল পাতিছে আৰু দুবছৰীয়া পেট-মোচা জীয়েকজনীৰ ঘামচি ভাঙিছে। বাপুকণব বায়েকে খুব গৰম বুলি বিছনাত নুশুই এখন ডাঙৰ কলপাত কাটি আনি মাটিতে পাবি লৈ শুই আছে। পোনাৰাম অর্থাৎ বাপুকণহঁতৰ ঘৰৰ গৰখীয়া ল'ৰাটোৱে গাঁৱৰ ল'বাকেইটামানক গোটাই আনি ভঁবালব আগৰ এচলীয়া মুকলি ঘৰটোত টুৱেন্টি নাইনব খেলা পাতিছে।


আহাৰ মাহৰ ভৰ দুপৰীয়া। ব'দ নহয় যেন আকাশে জুইহে বৰষিছে। ব'দৰ তাপত গছ-বনবোব লেবেলি জুঁই পৰিছে। ক'তো জন-প্রাণী এটি দেখিবলৈ নাই। সকলোৱে নিজ নিজ ঘৰৰ চালৰ তলত আশ্রয় লৈছে। আনকি আলিবাটৰ সিপাৰৰ হোলাটোত চৰি থকা গৰু-গাইকেইটায়ো ঘাঁহ খাবলৈ এৰি বাঁহগছৰ ছাঁত আশ্রয় লৈছে। ক'তো কাৰো মাত এযাৰিও শুনিবলৈ নাই। মাজে মাজে কেৱল বাঁহগছৰ কেৰকেৰণি আৰু চোতালব চকোৱাৰ ওপৰত বহি থকা ঢোঁৰা-কাউবি এটাব উদাস কা-কা মাতে সেই গহীন নীৰৱতা খন্তেকৰ কাৰণে ভাঙি দিছে।



9.মৎস্যগন্ধা

মানুহ দুজনে নৈখন পাৰ হৈ অলপ দূৰ গৈ গাঁৱৰ বাটত ভবি দিয়াৰ লগে লগে গাঁৱৰ স্বয়ত্ব প্ৰহৰী ভতুৱা কুকুৰ কেইটামানে ভুক ভুক কৰি হুলস্থুল লগাবলৈ ধৰিলে। ঘবব ভিতবত জুই পুঁৱাই থকা মানুহবোবে নিজকে নিজে ক'লে-'নিশ্চয় দক্ষিণ পাৰৰ মানুহ। ক'ৰবাত মিতিৰ খাবলৈ আহিছে।'


কুকুৰৰ খেদাখেদি আৰু ভুকভুকনিলৈ কেৰেপ নকৰি মানুহ দুজনব এজনে মাত লগালে-'যা যা, ভতুৱা কুকুৰৰ ভুকভুকনিয়েই সাৰ। অ' শালপতি, এইখননো কেনেকুৱা গাঁওহে, সাঁজ ভগাই নাই, অথচ বাটত ক'তো নব-মনিচ এটা দেখিবলৈ নাই। জাৰৰ দিন হ'ল বুলিনো সাঁজ নৌ ভাগোঁতেই ল'ৰা-বুঢ়া গোটেইবোৰে ঘৰৰ ভিতৰ সোমাই দুৱাৰ-দাং দিব লাগেনে?'

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)