আনন্দ চন্দ্ৰ বৰুৱা
আনন্দ চন্দ্ৰ বৰুৱা ৰচনাৱলী,পৃষ্ঠা-২৭,২৮,৩০,৩৫,৪৫,৬৭,৬৯,১০৪
১.পৃথিৱীৰ প্ৰেমে মোক দেৱলীয়া কৰিলে
পোন প্রথম যিদিনা পৃথিৱীক ভাল পালোঁ
সেইদিনা জীৱনৰ বহাগ-জেঠ;
তয়াময়া ৰ'দ -
সেউজীয়া ঘন
গছ লতা বন,
উৰণীয়া মন।
২.পৃথিৱী সহনশীলা
কিন্তু বিকাৰ ভৰা।
পৃথিৱীৰ বুকুৰ ওপৰেদিয়েই
বতাহ, ধুমুহা, শিলাবৃষ্টি,
ৰ'দ, বৰষুণ পাৰ হৈ যায়-
পৃথিৱীৰ বুকুৰ ভিতৰেদিয়েই
বিদ্যুৎ বেগেৰে যোৱা
ভূমিকম্পবোৰে
আঁকি যায় প্রলয়ৰ
শক্তিৰেখাবোৰ।
৩.ইমান সুন্দৰ ৰূপটি তোমাৰ
ইমান সুন্দৰ প্ৰাণ-
বিষধৰ সাপে বলয় পিন্ধাই
সুন্দৰ বুলি ধৰিছে মেৰাই, শুনিছে
তোমাৰ গান।
৪.বাল্মীকি কবি
তাতে যেন বহি
মনে মনে আঁকি আছে
জানকীৰ ছবি!
৫.নকবাঁ দুনাই - মানুহেই শ্রেষ্ঠ জীৱ
মানুহেই সত্য শিৱ।
ইতৰৰো প্ৰাণ আছে, আছে বুদ্ধি- জ্ঞান;
সিহঁতৰ ধৰা- বন্ধা,
মানুহৰ পাৰ ভঙা, একেই বিজ্ঞান?
- একে সুৰ, দুটি গান!
৬.তেওঁ কবি-ছবি আঁকে ছবি চাই;
আখৰত আখৰ মিলাই।
তুমি কবি-বহি থাকাঁ সহি সহি
আখৰত বাখৰ পিন্ধাই!
৭.এইদৰে প্ৰকৃতিৰ বুকুত সোমাই
ভ্রমিলোঁ আপোন মনে অনাই-বনাই।
পুৱাৰ শীতল বেশ নিমজ-চিকুণ
কেউপিনে সেউজীয়া চানেকি নতুন!
৮.প্রাণভৰি চাওঁ বুলি
আবেগত সুৰ তুলি বজাওঁ
জীৱন-বীণা
মনোৰমা মানসীৰ প্ৰতিমা ধিয়াই
দেখোঁ মোৰ প্ৰিয়তমা
ৰূপে গুণে অনুপমা।
Comments
Post a Comment