যোগেশ দাস
সঁহাৰি পাই
ছবছৰৰ আগৰ কথা।
বৰুৱাই ক'লে, "ভুল আমাৰেই ভাস্কৰ। উপা তেতিয়া সৰু ছোৱালী। বিয়া কি বস্তু তাই একো নেজানে। আনকি তাই কন্দাও নাছিল। আৰু প্রবীণেও বিয়াত ঘোৰ আপত্তি কৰিছিল। বিয়াৰ আগ দিনালৈকে সি বিয়া নকৰাওঁ বুলি দুয়োখন ঘৰতে অশান্তিৰ সৃষ্টি কৰিছিল। তাকো আমি আজি দোষ দিব নোৱাৰো।”
*ডাৱৰ আৰু নাই
পৃথিৱীত নিশ্চয় জুই লাগিছে।
নহ'লে ৰবাব টেঙা এটাৰ দাম পাঁচ টকা বুলি কোনে বিশ্বাস কৰিব? কথাবোৰ অফিচত শুনি খেৰজান বাগিচাৰ বৰ- কেৰাণী শইকীয়াই ঘৰত কয়হি। তেওঁৰ ৰান্ধনি-চাকৰ ভীমচন্দ্ৰই শুনি অবাক হয়, আৰু শইকীয়াৰ পুতেক বাখৰৰ আগত কয়। বাখৰে মাত্ৰ মন্তব্য কৰে, "দুনিয়াত জুই লাগিছে ভীম। চাৰিওফালে যুদ্ধ লাগিছে। মানুহৰ দাম সস্তা হৈছে, বস্তুৰ দাম বাহিছে। মোক বেচিলে পাঁচ পইচাও নেপাৱ।”
*বঙহৰ মঙহ
ডেকা পুলিছ এছ-আই গিৰিশ বায়নে কলে, "চোৱা কমলী, এই ৰাতিখনলৈকে তোমাৰ ইয়াত থকা কিন্তু ভাল হোৱা নাই। মই পুলিচৰ মানুহ, চোৰ-ডকাইতৰ লগত কাৰবাৰ, সিহঁতৰ কোনে কেতিয়া মোৰ পাচ লয় ঠিক নাই।..' তেওঁৰ কথা শেষ হ'বলৈ নিদি, কোমল ছোফা এখনত বহি হাঁহি হাঁহি এগিলাছ অৰেঞ্জ স্কোৱাছ লৈ খাই থকা কমলিনীয়ে ক'লে, "ভালহে, চোৰ-ডকাইতৰ পৰা পুলিচে ৰক্ষা নকৰিলে কোনে কৰিব?” গিৰিশ বায়নে নিজৰ গিলাচটো টিপয় এখনত থৈ জেপৰ পৰা এপেকেট চিগাৰেট উলিয়াই ক'লে, "তাৰোপৰি মই দাং-বৰলা মানুহ। মোৰ লগত হলিগলি কৰা দেখিলে মানুহে..." কমলিনীয়ে আকৌ বাধা দি, আচৰিত হোৱা যেন দেখুৱাই কৈ উঠিল, "গিৰিশ-দা আপুনি আগতে এবাৰ বিয়া কৰাইছিল? ক'তা আমাকতো এদিনো কোৱা নাই?"
*নিৰুপায় নিৰুপায়
বৰঝাৰ বিমান পথাৰ সৰৱ আৰু চঞ্চল কৰি বিৰাট প্লেনখন ৰৈ গ'লহি। আন আন মানুহৰ লগত ৰাজেন আগবাঢ়ি নগ'ল। সি খটখটীৰ কাষতে থিয় দি থাকি এহাতেৰে দুপৰীয়াৰ চোকা ৰ'দটোৰপৰা চকু দুটা ৰক্ষা কৰি উৰা জাহাজখনলৈ চাই থাকিল।যাত্রীসকল নামি আহিল। বন্ধু-বান্ধবে হাঁহি-মুখে সম্বর্ধনা জনালে। তাৰ পিছত সকলোৱে দিহা-দিহি যাবলৈ ধৰিলে। কোনো কোনো গ'ল এয়াৰ লাইন্সৰ বাছখনৰ পিনে। বাকীসকল ৰাজেন ওচৰেদিয়েই উঠি আহিল, সম্ভৱতঃ বিৰাট ঘৰটোৰ মাজেদি গৈ নিজৰ নিজৰ মটৰত উঠিব। হাতত মোনা একোটা লৈ লৈ দুজন পেট-ডাঙৰ মানুহ উঠি পাৰ হৈ গ'ল উভতি চাই চাই। অলপ আঁতৰে আঁতৰে আহি আছিল মাক-বাপেক-জীয়েকৰ এটা সৰু পৰিয়াল। গাভৰু ছোৱালীজনী দেখিবলৈ ভাল। তেওঁলোকৰ পাছে পাছে আহিছিল এজন ওখ, হৃষ্ট-পুষ্ট, বগা, দেখনিয়াৰ ডেকা লৰা; এহাতে এটা চামৰাৰ বেগ আৰু আনহাতে ক'লা চশমা এযোৰ লৈ তেওঁ ঘূৰি-পকি চাৰিওফালে এনেকৈহে চাই চাই আহি আছিল যেন পৃথিৱীখন তেওঁ এয়ে প্রথম দেখিছে। গাভৰু ছোৱালীজনীয়ে কায়দা কৰি প্লেনখনলৈ উভতি চোৱাৰ ছলেৰে ডেকাজনলৈ বাৰেপতি চাইছিল। ডেকা কিন্তু বৰঝাৰৰ চৌপাশ চোৱাত মগ্ন।
*এমুঠি ধূলি
টিউশ্যন কৰি কেতিয়াবা বৰ বিৰক্ত লাগে। স্কুলত দিনৰ দিনটো ছয়-সাত পিৰিয়ডকৈ বকি থকাৰ পিছত বাহিৰে বাহিৰে গজেনৰ ঘৰলৈ যাব লাগে। তাত হাত-মুখ ধুই চাহ-জলপান খাই আৰু ডেৰ-দুঘণ্টা সময় প্রবেশিকাৰ বিচিত্র পাঠ পড়ুৱাব লাগে। তাৰ পিছত বহালৈ আহি যিটো ভাগৰ লাগে, কাপোৰ-কানি সলাই কেতিয়াবা বিছনাতে নিতাল মাৰি পৰি থাকোঁ, কেতিয়াবা সেই পিনেই টোপনি যাওঁ, গধূলি এপাক ফুৰা নহয়েই। সাৰ পাই উঠি আন্ধাৰ পৃথিৱীখন দেখিলে খং উঠি যায়। আকৌ ভাত ৰান্ধিব লাগিব, অলপ পঢ়িব লাগিব, খাই শুই থাকিব লাগিব। কোনোবা বন্ধু আহিলেতো মেল মাৰি থকাহে হ'ব। স্কুলৰ কাৰণে পঢ়া কামটো পিছ দিনালৈ থব লাগিব তাৰ মানে বাতৰি কাকতখন ভালদৰে পঢ়া নহব, কাৰণ ভাত ৰান্ধিব লাগিব। গতিকে টিউশ্যনটোবে মোক প্ৰায়েই বিৰক্ত কৰে।
*হেজাৰ ফুল
কমলিনী বৰাৰ উৎকণ্ঠা আজি অলপ বেছি। ৰাতি এঘাৰ বাজি গ'ল। কিন্তু মৃদুল এতিয়াও ঘৰলৈ অহা নাই। মন্দিৰা, গীতিকা, বন্দনা- তিনিওজনী ছোৱালী শুলে। ডাঙৰজনী মন্দিৰাই সাধাৰণতে পলমকৈ শোৱে। কিন্তু আজি শুই শুই কিতাপ পঢ়ি তায়ো টোপনি গ'ল। মাকে হে টেবুল-লেম্পটো নুমুৱাই দিছে।
*ছাঁ জুই খেদি
ভনীয়েকৰ শেষৰখন চিঠি পাই কমলাৰ মনটো কিবা এক অবুজ দুখত গধুৰ হৈ গ'ল।
বাইদেউ,
তহঁতক মাতি মাতি ভাগৰেই লাগিল। আপোন মানুহক পোৱাৰ আাগ্য মোৰ বোধকৰো নায়েই। দেউতাক মই কেনেকৈ হেৰুৱাইছিলো তই জানই। আজি আমাৰ আয়োও নাই। আই নথকা কাৰণে আমাৰ ঘৰখন আমাৰ কাৰণে কেনেকুৱা হৈ গ'ল তাকো তই ভালদৰে জান। তোৰ এখন বেলেগ, নিজা ঘৰ হৈ বৰ ভাল হ'ল। ভাবিছিলো তোৰ লগতে মই পুৰণা দিনৰ সম্বন্ধ ৰাখিম। পিছে তয়ো পিঠি দিয়া হৈছ। কেলৈ, মোলৈ তোৰ অকণো মনত নপৰেনে? দুইজনী বাই-ভনী দেখোন একেলগে ওমলিছিলো, ডাঙৰ-দীঘলো হৈছিলো। আমাৰ যে কিমানবোৰ উমৈহতীয়া সম্পদ আছে বাইদেউ। মই কি কৰিছো, কি দৰে আছো, মই কেনেকুৱা হ'লো- তোৰ চাবৰ মন নেযায়? গতিকে আহিবি। সোনকালেই আহিবি। মোৰ আজিকালি বৰ অকলশৰীয়া অকলশৰীয়া লাগে। তই আহিলে বহুত কথা পাতিব পাৰিম। সকলোৱে মৰম ল'বি। ইতি-
তোৰ মৰমৰ- বিমলা
*উৎকণ্ঠ উপকণ্ঠ
অৱশেষত মনোৰঞ্জন কাকতিয়ে থিৰ কৰিলে, তেওঁ নিজেই যাব মাটি ডোখৰৰ বিষয়ে খবৰ কৰিবলৈ। তেওঁৰ খং যেন আজি চৰম সীমাত উপনীত হ'লহি। তেওঁ দদপাই উঠিল, "সিহঁতে কি ধেমালি পাইছে? এইখন ৰজা নাইকিয়া দেশ পাইছে নেকি?"
অমলা কাকতিয়ে অলপ ঠাট্টাৰ সুৰত সোঁৱৰাই দিলে, "ৰজা-ৰাজোৱাৰনো আজি-কালি আছে ক'ত?" উদ্যত ক্রোধ সত্ত্বেও মনোৰঞ্জন কাকতি ক্ষন্তেক থমকি ৰ'ল। তেওঁৰ পৰিবাৰৰ কথাৰ এটা তাৎপর্য আছে। ভাৰতত ৰজা-বাজোৱাৰ নোহোৱা হোৱাৰ গুৰিতে কাকতিৰো অলপ নহয় অলপ বৰঙণি আছে। এসময়ত সক্রিয়-ভাবে ৰাজনৈতিক আন্দোলনত লাগি কাকতিৰ নিচিনা মানুহে এই ভাৰততে সকলো সামাজিক অসমতা দূৰ কৰিবলৈ যুঁজ কৰিছিল।
*নেদেখা জুইৰ ধোঁৱা
জোনাক ৰাতি। কিন্তু ডাঠ কুঁৱলীৰ কাৰণে দূৰলৈ নমনি। ৰাতি নমানহে বাজিছে। কিন্তু জাৰৰ দিন কাৰণে আলিবাটত কোনো মানুহকে দেখিবলৈ নাই। কেৱল কৃষ্ণ গোসাঁয়েহে অকলশৰে অলপ ঢলং পলংকৈ খোজ কাঢ়ি গৈ আছে। কোনোবাই এই সময়ত দেখা হ'লে বুজিলেহেঁতেন যে কৃষ্ণ গোসাঁই নিশ্চয় সুস্থ অৱস্থাত নাই; এটুপি ধৰি গাত খজুৱতি উঠিছেহে; সেই খজুৱতি সুত লগাবলৈ তেওঁ ললিত দাসৰ ঘৰলৈ যথাৰীতি যাত্ৰা কৰিছে।
*অবৈধ
পাহীয়ে কথাটো কলে সৰুকৈ, লাজ কৰি এক মুখখন ঘুৰাই। কিন্তু প্ৰথমবাৰ ৰজনীয়ে নুশুনিলে। গতিকে তাই আকৌ ক'ব লগা হ'ল, "মোৰ কিবা হৈছে বুইছা? দুমাহমান দেখোন একো হোৱা নাই সেইবোৰ।"সিমানতো ৰজনীয়ে ঠিক ধৰিব পৰা নাছিল। যেতিয়া সি কথাটো অনুমান কৰি লব পাৰিলে তেতিয়া প্রথমে মিচিক কৰে হাঁহি পেলালে, লগে লগে কাণ দুখনো গৰম গৰম লাগিল। কিন্তু পিছ মুহূৰ্ততে তাৰ হাঁহিটো বন্ধ হৈ গ'ল। সি হঠাতে গহীন-গম্ভীৰ হৈ চিন্তা কৰিবলৈ ধৰিলে।
*নৰেশ, মালতী আৰু
নৰেশ শইকীয়াই বীৰেশ্বৰ বৰুৱাৰ তালৈ যোৱাৰ কথা এইবাৰৰ সৈতে তিনিবাৰ ভাবিলে। কিন্তু তথাপি কথাটোত
মনোনিবেশ কৰিব নোৱাৰিলে। তিনিওবাৰেই মালতী দাসৰ কথাই তাৰ মনযোগ বিকৰ্ষণ কৰি লৈ গ'ল। ছোৱালীজনীয়ে বেছ কথা ক'ব পাৰে দেই। আৰু বৰ ডাঙৰ নীতি-নিয়মৰ কথাকে বেছ জোৰ বক্তৃতাৰ ভংগীত ক'ব পাৰে। অফিছটোৰ আন কোনেও তেনেকৈ উষ্মাৰে কথা ক'ব নোৱাৰে।
*ৰজনী বিদূৰ
মীনাক্ষী বৰুৱা নামে এজনী মৰমলগা ছোৱালীৰ কাৰণেই অধ্যাপক মহানন্দ চলিহাৰ শ্বিলংখনক ইমান ভাল লাগেনে? তেওঁ প্রায়েই কলেজলৈ ওলাই আহোঁতে প্রশ্নটো নিজকে কৰে আৰু প্ৰবল বেগে নিজেই মুৰ জোকাৰি জোকাৰি কথাটো মনতে অস্বীকাৰ কৰে। কাৰণ মহানন্দ চলিহা বয়স ভাটী দিয়া ইংৰাজীৰ প্ৰফেছৰ আৰু মীনাক্ষী তেওঁৰ কলেজৰে ফার্স্ট ইয়েৰৰ ছাত্রী। বৰ মৰমলগা ছোৱালী অৱশ্যেই হয়। কিন্তু সেই বুলিয়েই শ্বিলং চহৰ তেওঁৰ প্ৰিয় হৈ যাবনে? শ্বিলঙক ভাল লগাৰ আৰু বহুত কাৰণ নিশ্চয় আছে।
*এনাজৰী
পুৰণা বগা এম্বেছেডৰখন অলপ দূৰ ৰৈ ৰৈ আহি থাকিল, লাহে লাহে শেষত দুবাৰমান ইতস্ততঃ কৰি স্তব্ধ হৈ গ'ল। ড্রাইভাৰে বহু চেষ্টা কৰিও গাড়ীখন আৰু লৰচৰ কৰিব নোৱাৰিলে। পৰম বিৰক্ত হৈ ড্ৰাইভাৰ ৰামলাল দুৱাৰ খুলি ওলাই আহিল। ওলাই অহাৰ লাচতে বনেটখনো খুলি থৈ আহিল।পাছফালৰ চিটৰ এচুকত এগৰাকী বয়স্ক মহিলা বহি আহিছিল। তেওঁ মূৰটো উলিয়াই চালে। তেওঁৰ চকুৱে-মুখেও শংঙ্কা আৰু সন্দেহৰ চিন।
*এজন খঙাল মানুহ
নৱৰত্ন পথত এটা সৰুসুৰা আলোড়ন উঠিল।
প্রথমে ইঘৰে-সিঘৰে, পদুলিয়ে পদূলিয়ে ওলাই ঘটনাটো সম্বন্ধে ফুচফুচাই আলোচনা কৰিলে।
পৰস্পৰৰ ভিতৰত ইন্দ্ৰজিতৰ বিয়া সম্বন্ধে বিস্তাৰিত বিৱৰণৰ আদান-প্রদান হ'ল। ছোৱালী ক'ৰ, কাৰ ঘৰৰ, জাত-পাতৰ
অমিল, গৰ্গনাৰায়ণে এতিয়া কি কৰিছে, ইন্দ্রজিতৰ মাক পদ্মাৱতী আৰু তাৰ ভনীয়েক ইৰাই (মন্দিৰা) কি কৰিছে, ইত্যাদি সকলো
ধৰণৰ সঁচা-মিছা খবৰ নৱৰন্ত পথৰ বাসিন্দা সকলোৰে সংগ্ৰহ কৰা হৈ গ'ল। সকলো খবৰৰ মাজতে যে গৰ্গনাৰায়ণ বৰুৱাৰ সংহাৰ-মূৰ্তি আৰু উচ্চস্বৰত কৰা গালি-শপনি সেইবোৰে প্ৰাচীন পৈতৃক ঘৰটোৰ চালখন উৰুৱাই নিছেনে কি- এই বিষয়টো আটাইতকৈ বেছি আলোচিত হ'ল।
*পোহৰ বিচাৰি
বহাগ মাহৰ আবেলি। শিৱসাগৰ নগৰ। দূৰে-ওচৰে পুৰণি দিনৰ স্মৃতিৰ ৰেঙণি। আজিৰ ব্যস্ত নগৰী। দোকান, ছবিঘৰ, পথচাৰী, যাত্রী, নানান যান-বাহন ঠাহ খাই পৰা চৰকাৰী মটৰ ষ্টেচন। হাই-উৰুমি, চিঞৰ-বাখৰ, হৰ্ণ-টিলিঙাৰ আৰাও। ব্যস্ত যাত্ৰীৰ উৎকণ্ঠা, দূৰণিৰ পৰা অহা যাত্ৰীৰ ক্লান্তি, গাড়ী চাবলৈ অহা ডেকা-চেমনীয়া দলৰ অলস বিচৰণ।
*সোঁতৰ বিপৰীতে
খট্টীটো ঠেক, বৰ ওখ। সৰু দুমহলীয়া ঘৰটোৰ ওপৰলৈ যোৱা একমাত্র খট্টীটোৱেই বাট। তলৰ মোজেইক কৰা বাৰাণ্ডাৰ পৰা মাত্ৰ বহল তিনিটা ঢাপৰ পৰা ঘূৰি তেনেই ওপৰলৈ ঠেক চিৰিৰেই উঠি যাব লাগে। বাহিৰ কাষে যেনিবা দুই ইঞ্চিৰ লোহাৰ পাইপ দুডালেৰে ৰেইলিং। নতুন মানুহে উঠিলে, বিশেষকৈ তিৰোতা মানুহে, প্রায়েই দুই হাতেৰে ৰেইলিঙত ধৰি ধৰি খুপি খুপি যায়। বেইলিঙৰ বাহিৰত তললৈ চাবলৈ ভয় কৰে।
*একা-বেঁকা
অৱশেষত দুই বৃদ্ধ ভদ্রলোক গুচি যোৱাত অভয় চলিহাই স্বস্তিৰ নিশ্বাস পেলালে যদিও তেওঁৰ খংটো থাকি গ'ল। অভয় চলিহাই আজিকালি মানুহৰ সঙ্গ ভাল নেপায়। মানুহক এৰায়ে ফুৰে। কোনোবা আহি ওলাব পাৰে বুলিয়ে তেওঁ আবেলিতে ঘৰৰপৰা ওলাই যেনিতেনি ঘূৰি ফুৰে। প্ৰায়েই নিজানে নিজানে ফুৰে। কিন্তু মানুহক এৰাই চলা সম্ভৱ নহয়। যেনে আজি গধূলি আঠ বজামানত ঘৰলৈ ঘূৰি আহোঁতে পাছে পাছে লাগি আহিল দুই লাংপুং বুঢ়া সদানন্দ বৰুৱা আৰু কৃপানাথ কাকতি। দেউতাৰ দিনৰ মানুহ। ভদ্রতা দেখুৱাই সহ্য কৰি যাব লগা হয়।
*জোনাকীৰ জুই
কিমান ৰোগ নেথাকে মানুহৰ। ৰাতিপুৱা সাত বজাৰপৰা ৰোগী চাইছো, এতিয়া এঘাৰ বাজো বাজো। তথাপি আজি যেন বেমাৰী অন্ত নহ'বহে। অথচ আজি ছমাহ আগতে এই চেম্বাৰটো খুলিবলৈ ভয়েই লাগিছিল। নতুন ডাক্তৰ, লোকৰ নতুন ফার্মেচীখনত বহি প্রেক্টিচ কৰিবৰ আজি মাত্ৰ ডেৰ বছৰহে হৈছে। এই গতিত মোৰ ৰোগীৰ সংখ্যা বাঢ়িব বুলি ভবাই নাছিলো। অৱশ্যে মোৰ চেম্বাৰত পেশ্যেণ্টৰ হেঁচা-ঠেলা হয় বুলি নকওঁ। ইমানকেইজন অভিজ্ঞ আৰু নামজ্বলা ডাক্তৰ থাকোতেও গুৱাহাটীত মোৰ দৰে ল'ৰা-মানুহৰ ওচৰলৈ বেমাৰীৰ সোঁত বৰ বুলি ভবা ভুল। তথাপি আজি বেমাৰীৰ ভিৰ হৈছে।
*মমতা
এখন সৰু ঠাইৰ এটা ডাঙৰ প্রতিষ্ঠান।ভোগপুৰ এখন বজাৰ মাত্ৰ বুলিব পাৰি। গুৱাহাটীৰপৰা নলবাৰী, বৰপেটা আদিলৈ যোৱাৰ বাটত ভোগপুৰ। চাৰিওফালে বহুত গাঁও। হিন্দু, মুছলমান, জনজাতি, চৰবাসী, মৈমনচিঙীয়া আদি বিবিধ মানুহৰ গাঁও। সকলোৰে কেন্দ্ৰস্থল ভোগপুৰ। ৰেলগাড়ী নচলে, কিন্তু বহুতো প্রাইভেট বাছ, বজাৰ বাছ আৰু ট্রেন্সপ'ৰ্টৰ বাছ ভোগপুৰেদি চলাচল কৰে। গাঁৱৰ মানুহ গুৱাহাটীলৈ যাবলৈ হ'লে, নলবাৰীলৈ, বৰপেটালৈ, বৰপেটাৰোডলৈ যাবলৈ হ'লে ভোগপুৰলৈ আহিবই লাগিব। ইয়াতে মটৰত উঠিব লাগিব। গুৱাহাটীলৈ মাত্র ২৫ মাইল দূৰ। নলবাৰীলৈ ৩২ মাইল। বৰপেটালৈ ৫৬ মাইল। বেলেগ বেলেগ বাট।
Comments
Post a Comment