ছবি আৰু শব্দৰ কথকতা-Sobi Aru Xabdar Kothokotaৰ পাঁচটা বছৰ💛♥️

ছবি আৰু শব্দৰ কথকতা-Sobi Aru Xabdar Kothokotaৰ পাঁচটা বছৰ💛♥️


জনপ্ৰিয়তাৰ ধামখুমীয়াৰ পৰা নাতি দূৰৈত ৰৈ আৰম্ভ কৰা খোজটি আপোনালোকৰ আশীৰ্বাদত কুশলে থাকক🍁


~~~~~~~


(কথাখিনি আগৰ♥️)


এটা এটা খোজৰ পৰাই এদিন হাজাৰটা খোজ হ'ব🌻ছবি আৰু শব্দৰ কথকতাক ভালপোৱা প্ৰতিজনৰ ওচৰত ধন্যবাদ আৰু কৃতজ্ঞতাৰে♥️


"সমুখৰ বাট হেৰাই গ'লে 

 দূৰৈৰ তৰাবোৰে এদিন বাট দেখুৱাব"


~সমীৰ তাঁতী


🍁সপোন আৰু সৃষ্টিশীলতাই মানুহক জীৱনমুখী কৰে।জীৱন অৰ্থবহ কৰি তোলে।কৰি ভালপোৱা কামবোৰে মানুহক শান্তি দিয়ে,জীৱন বাটত খোজ দিবলৈ দুগুণে সাহস দিয়ে।প্ৰদান কৰে অমল সুখ।এই সুখৰ তুলনা নাই,এই সুখৰ অনাবিল আনন্দত মানুহে পাহৰি যাব পাৰে নিজৰ সমস্ত যন্ত্ৰণা।সৃজনীশীলতাত এক অনির্বচনীয় শক্তি আছে।ই মানুহৰ আত্মাক সমৃদ্ধ কৰে।


🍁কৰি ভালপোৱা কামবোৰ দৰাচলতে জীৱনৰ মূলবিন্দুত উপনীত হ'বৰ বাবে আগবঢ়োৱা একো একোটা বিমুক্ত খোজ।ক'ৰবাত পঢ়া মনত পৰে-জীৱনৰ প্ৰতিটো খোজৰে শব্দ হ'ব লাগিব বুলি কোনো কথা নাই।


🍁ছবি আৰু শব্দৰ কথকতা তেনে এটা বিমুক্ত খোজৰ নাম।


🍁আজিৰ পৰা কেইবছৰমান পূৰ্বে "ছবি আৰু শব্দৰ কথকতা" শীৰ্ষক পেজখন খোলা হৈছিল।সেইসময়ত কৰি ভালপোৱা কামসমূহ সাঁচি ৰখা আৰু বিলাই দিয়াটোৱেই পেজটিৰ মূল উদ্দেশ্য আছিল।


🍁পেজৰ ওপৰত চমুকৈ লিখি ৰাখিলোঁ-"সযত্নৰক্ষিত স্মৃতিৰ পেৰা মেলি বিচাৰি চাবপৰাকৈ ছবি আৰু শব্দৰ কথকতাক সামৰি ৰাখিম"♥️


🍁প্ৰথমতে দুই এখন ছবি,কিতাপৰ শাৰী আদিৰে আৰম্ভ হোৱা পেজটিত লাহে লাহে  নতুন নতুন দিশ কিছু সংলগ্ন কৰিবলৈ প্ৰয়াস কৰিলোঁ।মাজে মাজে ব্যক্তিগতভাৱে দুই এটা বৰ প্ৰেৰণাভৰা বাৰ্তা পাওঁ।মন ভৰি যায়।নিজক সুখী কৰা কামবোৰে আন দুজনকো সমৃদ্ধ কৰা বুলি জানিলে আহ্লাদিত হওঁ।


🍁এজন দুজনকৈ গঠিত হোৱা  পেজটিত বৰ্তমান দুহেজাৰতকৈ অধিক শুভাকাংক্ষী আছে।অতি সাধাৰণ যেন কথা হ'লেও এই কথাই আমাক সাংঘাতিক মুগ্ধ কৰে।সকলোৰে ওচৰত অন্তৰভৰা কৃতজ্ঞতা যাচিলোঁ।আপোনাসবৰ পৰামৰ্শ, আশীষ সদায় কাম্য♥️


ধন্যবাদ আৰু কৃতজ্ঞতাৰে


উজ্জ্বয়িনী🌻

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)