মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস

মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস।উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাই একুৱাডাক্টত কাম কৰা শ্ৰমিকসকলৰ পটভূমিক মূল বিষয়বস্তু হিচাপে লৈ উপন্যাসখন ৰচনা কৰা হৈছিল।উপন্যাসখনৰ বাবে মামণি ৰয়ছম গোস্বামীয়ে ১৯৮২ চনৰ সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত জ্ঞানপীঠ বঁটা লাভ কৰে।



১.ৰায়বেৰেলী। ১৯৭৮ চনৰ আহিন মাহ। ইউনিয়নৰ নতুন লীডাৰ যশোৱন্তই চাটাৰিং প্লেটৰ দম এটিৰ ওপৰত বহি আছিল। তাৰ সম্মুখত সৌৱা সাই নদী। এইখিনিতে এই নদীৰ দুয়োটা পাৰৰ বৰ বেছি শোভা নাই। নৈৰ গৰাই শুকান মাংসৰ বৰণ লৈছে। কিছু আঁতৰত সৌৱা বেহটা গাঁও। এজোপা প্রাচীন বট গছৰ তলত বেহটা গাঁৱে নিশ্চিন্ত হৈ এয়া যেন শুইহে আছে। সেই জোপা যেন বট গছ নহয়, সেয়া এখন ধ্বজা।ধ্বজাৰ তলত বেহটা গাঁৱে যেন শান্তিৰে সদায়ে বাস কৰি আহিছে। শান্তিৰে? দূৰৈৰ পৰা সিহঁতক শান্তিৰেই বাস কৰা যেন দেখা গৈছে।1


২.গান্ধীৰ সামাজিক আৰু আর্থিক কার্য্যক্রম এনে অন্তৰ বিৰোধেৰে ভৰা যে ইয়াৰ মিল অসম্ভৱ কথা। গান্ধী হিন্দুস্থানী জনতাৰ আধ্যাত্মিক গোলামী ৰক্ষক। এই দুনিয়াৰ সকলোতকৈ ঘৃণিত বস্তুটিয়েই হৈছে ধর্ম।12


৩.হেৰৌ তহঁতে নেজাননে। 'হৰিজনে স্পর্শ কৰিলে ৰূপ পবিত্ৰ হয়। তই স্পর্শ কৰাত কায়স্থ ঘৰৰ ৰূপৰ কাঁহি বাচন পবিত্র হৈ গৈছিল। বস্তু পৰা মানুহৰ দৰে একে ঠাইতে বেচেৰা থিয় হৈ থাকিল। তাৰ ভৰিত তেতিয়াও উটৰ চামৰাৰ জোতা গিলিপ খাই আছিল।১৯


৪.যশোৱন্ত দৃঢ় প্রতিজ্ঞ হ'ল। নাই নাই মনলৈ গ্লানি নাইবা হতাশা আনিব নোৱাৰি।এয়া অভিজ্ঞতাৰ প্ৰথম সপোন। এনেকুৱা বহুতো সপোন আহিব। প্রত্যেকটি জীৱনৰ বাবে মূল্যবান হৈ পৰিব। এয়া প্রথম সপোন। এই সপোনত সি দর্শক হৈ থকাই মঙ্গল। অভিজ্ঞতাৰ এই ক্ষুদ্র ক্ষুদ্র কণিকা গোটাই সঞ্চয় কৰা শক্তিহে প্রকৃত শক্তি;বাকী সকলো মিছা।77


৫.কথাৰ জালৰ কি প্রয়োজন ওঙ্কাৰৰ প্রদীপ লৈ নিজৰ স্থিতি বিচৰা। দেহৰ সূক্ষ্মতাক বুদ্ধি আৰু জ্ঞানেৰে বিচাৰ কৰা। বাহিৰৰ দুৱাৰ বন্ধ কৰা। শ্বাস-প্রশ্বাস স্তব্ধ কৰি ইন্দ্ৰিয়ৰ নায়ক মনৰ লেকাম ধৰা। কি প্রয়োজন বাকজালৰ? তোমাৰ স্থিতিৰ দেৱতাক চোৱা,শাস্ত্ৰৰ জ্ঞানক লোভ কৰি শাস্ত্ৰৰ মাজত ঘুমুটিয়াই ফুৰা জনেও অন্ধকাৰৰ মাজতহে ঘূৰি ফুৰে।110


Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)