সৌৰভ কুমাৰ চলিহা
১.ৰাতিপুৱা ৰবীন্দ্র-সংগীতৰ সুৰত নিখিলৰ টোপনি ভাঙিল। এটি আগেয়ে নুশুনা গান। কাণ দুখন অলপ সজাগ কৰি তাৰ কথাবোৰ বুজিবৰ সি এবাৰ ব্যৰ্থ চেষ্টা কৰিলে। চকু মেলি সি দেখিলে কোঠাত তাৰ স্বচ্ছ পোহৰ। খিৰিকিৰ ফুটাৰ ভিতৰেৰে বাহিৰৰ সূর্য-ৰশ্মি ভিতৰলৈ এটা সৰু ৰেখাৰে সোমাই আহিছে, ইতস্ততঃ বিক্ষিপ্ত ধূলিকণাৰ সহায়ত স্পষ্ট দেখা গৈছে তাৰ পথ। পোহৰৰ ঋজুৰেখ গতি...
অশান্ত ইলেক্ট্ৰন
২."তোমাক দেখি তাই বৰ ভাল পালে চাগৈ, নহয়?"
"অ', বৰ ভাল পালে। বৰ ভাল পালে। বেচেৰীৰ একেবাৰে কি কৰোঁ কি নকৰোঁ লাগি পৰিল, এবাৰ মোৰ হাতত ধৰিলে, এবাৰ সৰুবাপৰ হাতত ধৰিলে, এবাৰ ইটো উলিয়ালে, এবাৰ সিটো উলিয়ালে, বহিবলৈ চকীখনকে দিব নে মুঢ়াটোকে দিব -"
"অ', হ'বতো। তাই নো বাৰু ভাবিছিল নে অত বছৰৰ মূৰত হঠাতে তুমি এনেকৈ গৈ ওলাবাগৈ, নিজে বিচাৰি উলিয়াবা। আৰু ৰমেশ?"
"অ', নাই, ৰমেশক নাপালোঁ। অলপৰ কাৰণে নাপালোঁ।"
"এঃ।"
-দুপৰীয়া
৩.নদী। নদী! সদায় যেন তাক কিবা এটাই নদীখনৰ পিনেহে টানিছে, যেন ব্রহ্মপুত্ৰৰ বিশাল বুকুত কিবাকৈ জঁপিয়াই পৰিব পাৰিলে তাৰ আৰু কোনো ভয় নাই, যেন সেয়ে তাৰ শেষ আশ্রয়, তাৰ সকলো আতংকৰ সমাপ্তি, সকলো কষ্টৰ অৱসান- যেন ব্ৰহ্মপুত্ৰৰ দুৰ্বাৰ সোঁতে ভহাই লৈ যাব তাৰ সমস্ত ক্লান্তি, যেন ব্ৰহ্মপুত্ৰৰ খৰ ধাৰাই ধুই নিব তাৰ সকলো ক্ষত, সকলো যন্ত্রণা-
এহাত ডবা
৪.[মঞ্চৰ ওপৰত অশোক বৰঠাকুৰ। বস্তু-বাহানিৰে ঠাহ খোৱা কোঠালি।]
অসম্ভৱ-অসম্ভৱ-অসম্ভৱ [চাৰিওপিনে চায়, আগুৱাই আহে, বস্তু-বাহানিত বাৰে বাৰে ধাক্কা খায়] এইটো মানুহ থাকা ঘৰ নে মৰাপাটৰ গুদাম! ইয়াত মানুহ থাকে! আৰু কিমান বাৰ ক'ম-ভট্টক আৰু কিমান বাৰ ক'ম, হয় মোক ভেকেন্ট হোৱা ডাঙৰ ৰুমটো দিয়ক বা ষ্ট'ৰ ৰুমটোকে ৰিপেয়াৰ কৰাই দিয়ক, ইমানবোৰ বস্তু-বাহানি লৈ কি দম বন্ধ হৈ মই ইয়াত মৰা পৰিম। নাই, ভট্টই কিয় শুনিব-লেণ্ডগুলর্ড জাতটোৱেই সেই, ভট্টও লেণ্ডলর্ডহে তেও, তেওঁ কিয় ভাৰাতীয়াৰ সুবিধা-অসুবিধালৈ চাব-ৰেগুলাৰ ভাৰা পাইছে, কোনো ট্রাবল্ নাই, আৰামচে আছে, মোক ডাঙৰ আহল-বহল ৰুমটোৱেই বা একে ভাৰাতে দিব কিয়, ষ্ট'ৰ ৰুমটোকেই বা মেৰামত কৰাই দিব কিয়-কিহৰ গৰজ, ভট্টৰ কিহৰ গৰজ। [কথা কৈ-কৈ জেপৰপৰা কলমডাল উলিয়ায় আৰু অন্যমনস্ক হৈ চকী এখনত ধাক্কা খায়, বিৰক্ত হয়] ইম্-পচিল্। [বহিবলৈ ঠাই এডোখৰ বিচাৰে, কিন্তু চকীবোৰত কিতাপ, কাগজ, বটল ইত্যাদি ভর্তি, আৰু বিছনাখনতো।
-গোলাম
Comments
Post a Comment