মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ আৰম্ভণি বাক্য

১.চেনাবৰ সোঁত



পথাৰখনৰ ওচৰলৈ আহি সোণীয়ে দেখিলে পথাৰৰ নিকা, কোমল ঘাঁহনিডৰা অদৃশ্য হৈ গৈছে। এই ঘাঁহনিৰ ওপৰত দ'ম বান্ধিছে ক্ৰেইনৰ বাকেট, অক্সিজেন চিলিণ্ডাৰ, গ্রেব, পাইপ, কটিৰ প্লেট, ক্ৰেছাৰ টুলছ ইত্যাদি ব্যৱহাৰ হৈ যোৱা বস্তুবোৰ। এইবোৰ সোণীৰ সৰুৰেপৰা চিনাকি। এইবোৰৰ মাজতে খেলা-ধূলা কৰি সোণী ডাঙৰ হৈছে।

আজি হঠাতে কোমল, সেউজীয়া ঘাঁহনিডৰা অদৃশ্য কৰি পেলোৱা মামৰে ধৰা এই পিতল বৰণীয়া সৰঞ্জামবোৰক সোণীৰ এটুকুৰা কুৎসিত্ ঘাৰ দৰে লাগিল। তাইৰ চিনাকি চীনাৰ গছজোপাৰ তলত সহজ হৈ তাই বহিল। চীনাৰৰ ওপৰৰ পাতবোৰলৈ তাই মূৰ তুলি চালে। সেই মিহি শান্ত পাতবোৰ এবোজা শান্তি লৈ ঠিক আগৰ দৰেই আছে।..... 'চাটাই'ব বেৰেৰে ঘেৰা কোম্পানীৰ সৰু ডাক্তৰখানাখনৰপৰা এটা দুটাকৈ মানুহ আহিব ধৰিলে। এই চীনাৰজোপাৰ তলেৰেই ডাক্তৰখানাখন ওচৰ। 'ছাইট' হৈ গ'লে বালিয়ে বালিয়ে অলপ দূৰ যাব লাগে। সোণীয়ে দেখিলে ডাক্তৰখানাৰপৰা খোৰাই খোৰাই আহিব লাগিছে এটা খালাচী। তাই চিনি পালে, সেইটো বেশম সিং খালাচী। বয়স তাৰ কম। আগেয়ে সি দলঙত 'ঘূৰি' লগোৱা তাৰোপৰি বাবু চাহাবৰ কোৱাৰ্টাৰত 'পাট্টা' লগোৱা কার্পেন্টাৰৰ যোগালি আছিল।




২.অহিৰণ


কোম্পানীৰ গেষ্ট হাউছৰ বাৰাণ্ডাৰ খুঁটা এটাত আঁউজি তেতিয়াও আজিজ মিঞা বহি আছিল।

অ'ত-ত'ত দুই এখন আৰামী চকী পৰি আছে। কিছুমান চিনেমাৰ মেগাজিন আৰু বাতৰি কাকত টেবুল ক্লথ নোহোৱা টেবুল এখনৰ ওপৰত সিঁচৰতি হৈ পৰি আছে। 'অহিৰণ অ্যাকোয়িডাক্ট ৱাৰ্ক'ৰ মেনেজাৰ হৰ্গুল চাহাব (এইজনা চাহাবৰ প্ৰকৃত নামটো বোধহয় এনে ধৰণৰ নাছিল, কিন্তু কোম্পানীত তেওঁৰ নাম 'হৰ্ত্তল' বুলিয়েই উচ্চাৰণ কৰা হৈছিল) আৰু জুনিয়ৰ ইঞ্জিনীয়াৰ জীবৰাম দাসে অলপ আগেয়ে এইখন বাৰাণ্ডাত বহি কথা পাতি আছিল। কিন্তু পি ডব্লিউ ডি-ৰ দুখন 'অ্যাকোয়িডাক্ট'ৰ পিনে আগুৱাই যোৱা বাবে দুয়ো উঠি যাবলগীয়া হ'ল। আজিজ মিঞাই এই দুয়োগৰাকী চাহাবৰ লগত পাকিস্তানলৈ উভতি যোৱাৰ বিষয়ে কথা পাতি আছিল। পাকিস্তানৰপৰা মিঞাই হিন্দুস্তানত ভায়েকৰ লগত থকা মাকৰ বেমাৰৰ খবৰ পাই গুচি আহিছিল। মাকৰ মৃত্যুৰ পিছত তাৰ আৰু উভতি যোৱাৰ নহৈছিল। মাকে কৈছিল:"একেবাৰে বুঢ়া হৈ গ'লি দেখোন? শুন, মোৰ সমাধি মানে মকবৰা তয়ে সাজিবি। বেছি জন-সমাগম নোহোৱা নিৰিবিলি ঠাইত সাজিবি, মই অকলশৰেই থাকি ভাল পাম.....।"



3.মামৰে ধৰা তৰোৱাল

ৰায়বেৰেলী। ১৯৭৮ চনৰ আহিন মাহ। ইউনিয়নৰ নতুন লীডাৰ যশোৱন্তই চাটাৰিং প্লেটৰ দ'ম এটিৰ ওপৰত বহি আছিল। তাৰ সন্মুখত সৌৱা সাই নদী। এইখিনিতে এই নদীৰ দুয়োটা পাৰৰ বৰ বেছি শোভা নাই। নৈৰ গৰাই শুকান মাংসৰ বৰণ লৈছে। কিছু আঁতৰত সৌৱা ৰেহটা গাঁও। এজোপা প্রাচীন বট গছৰ তলত ৰেহটা গাঁৱে নিশ্চিন্ত হৈ এয়া যেন শুইহে আছে। -সেইজোপা যেন বট্ গছ নহয়, সেয়া এখন ধ্বজা। ধ্বজাৰ তলত ৰেহটা গাঁৱে যেন শান্তিৰে সদায়ে বাস কৰি আহিছে। শান্তিৰে? দূৰৈৰ পৰা সিহঁতক শান্তিৰেই বাস কৰা যেন দেখা গৈছে।





4.বুদ্ধসাগৰ ধূসৰ গাইসা আৰু মহম্মদ মুছা

... কুৱেলালামপুৰ বিমান বন্দৰত টি-চি আইৰ প্রতিনিধি এগৰাকীয়ে দলটিৰ আন কেইগৰাকীমান সদস্যৰ লগত চিনাকি কৰি দিলে। শ্রীমানৱাজ প্রফুল্লচিত্তৰ উদীয়মান ছাত্র। কোটিপতি পিতৃয়ে পুতেকক দেশ- বিদেশ ভ্রমি জ্ঞান সঞ্চয় কৰিবৰ বাবে পঠিয়াই দিছে। মিষ্টাৰ কামাৰ এজন আদবয়সীয়া ভদ্রলোক। মহাৰাষ্ট্ৰৰ গড়কাপ্টানি বিভাগৰ ইঞ্জিনীয়াৰ। দেশ-বিদেশ ভ্রমি ফুৰালৈ এইগৰাকী ভদ্রলোকৰ চখ। কিছুদিনৰ আগেয়ে তেওঁ আমেৰিকা ভ্রমণ কৰি আহিছে। কামাৰ কথা চহকী তলতলীয়া মানুহ। মিষ্টাৰ আৰু মিছেছ শৰ্মাৰ সৈতে পৰিচয় হ'ল। দুয়ো 'বি-বি-চি'ৰ ফটোগ্ৰাফাৰৰ কাম কৰে। কোপেনহেগেনৰ পৰা আৰম্ভ কৰি জাপানৰ ওছাকাৰ 'আণ্ডাৰগ্ৰাউণ্ড' মার্কেটলৈকে ক'ত কেইখন চকুত লগা কেমেৰাৰ দোকান আছে তাৰ হিচাপ দুয়ো অলপো খোকোজা নলগাকৈ কৈ দিব পাৰে। দক্ষিণৰ পৰা অহা দলটোৰ কুমাৰস্বামী আৰু সুন্দৰমৰ লগত পৰিচয় হ'ল। এওঁলোকে এটা কাপোৰৰ মিলত কাম কৰে।



5.নীলকণ্ঠী ব্ৰজ

মথুৰা ছাউনীত ট্ৰেইনৰপৰা বেছি মানুহ নমা নাছিল। সৰহভাগেই হয়তো জংশ্যনত নামিবগৈ। তথাপিও সাধু- সন্ন্যাসীৰ ভিৰ আৰু ভাৰাক্ৰান্ত দূৰ ভ্ৰমণকাৰীৰ চিঞৰ- বাখৰ এই সকলোবোৰে এই মথুৰা ছাউনীতো বেছ এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰিলে। সৰু-সুৰা সমদল এটিয়েও যাত্ৰীৰ গোন্ধ লৈ ফুৰা দেখা গ'ল।ডাক্তৰ ৰায়চৌধুৰীৰ পৰিয়ালটো এই মথুৰা ছাউনীত নামি পৰিল। শেষ বয়সত ব্রজবাস কৰা ৰায়চৌধুৰীৰ বহুদিনৰ আকাংক্ষা। তেওঁৰ স্ত্রী অনুপমা দেবীৰো এই একেই আশা আছিল। এই শেষ বয়সকেইটি শান্তিবে কটাম বুলি আশা কৰিছিল, কিন্তু শেষ বয়সত তেওঁলোকে কেইটামান মাৰাত্মক আঘাত সহ্য কৰিবলগীয়া হ'ল। তেওঁলোকৰ একমাত্ৰ জীয়ৰী সৌদামিনী অকালতে বিধৱা হ'বলগীয়া হ'ল। অকল এয়েই নহয়, এই কোমল বয়সীয়া ছোৱালীটিয়ে বিধবা হোৱাৰ পিছত এটি খ্রীষ্টান যুৱকৰ সৈতে মিলা-প্ৰীতিৰ আয়োজন আৰম্ভ কৰিলে। গোড়া মতাৱলম্বী আৰু ধর্মভীৰু ৰায়চৌধুৰীৰ পৰিয়ালত এয়া এক অবিশ্বাস্য কাহিনী! যুৱতী অৱস্থাত অনুপমা এবাৰ যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল। তেতিয়াৰপৰা তেওঁৰ স্বাস্থ্য দুৰ্বল হৈ পৰিছিল। এই দুর্ঘটনাৰ পিছত তেওঁ আৰু দুৰ্বল হৈ পৰিল। ডাক্তৰ ৰায়চৌধুৰীৰ আজোককাকৰ বৃন্দাবনত এখন চিকিৎসালয় আছিল। ভগ্নপ্রায় এই চিকিৎসালয়টিক জীয়াই থকা দিনকেইটা সজীৱ কৰি তোলাৰ আকাংক্ষাও তেওঁৰ আছিল। তাৰ উপৰি ৰায়চৌধুৰী আৰু তেওঁৰ পৰিবাৰৰ আটাইতকৈ ডাঙৰ আশা হৈছিল কিছুদিন ব্রজবাস কৰাৰ পিছত তেওঁলোকৰ এই একমাত্র ছোৱালীটিৰ মনলৈ পৰিৱৰ্তন আহিব আৰু বাস্তৱৰ সৈতে মুখামুখি হ'ব পাৰিব।


6.দঁতাল হাতীৰ উঁইয়ে খোৱা হাওদা

১৯৪৭ খ্রীষ্টাব্দ!


।। এক।।


তাচৰ আড্ডা এৰি ইন্ন্দ্রনাথ থিয় হ'ল। কিছু সময় আগলৈকে একেবাৰে শান্ত হৈ আছিল। নতুনকৈ শিল দিয়া বৰিহাটৰ আলিৰে ঘেৰ-ঘেৰ শব্দ কৰি গৰুগাড়ী এখন পাৰ হৈ গৈছিল। গৰু গাড়ীৰ চকাৰ ঘেৰ-ঘেৰ শব্দৰ বাহিৰে ইন্দ্ৰনাথে আৰু একো শব্দ শুনা নাছিল। আনকি দোভাগ ৰাতিলৈ ভিতৰৰ কোঠাত বহি 'গোলোেক ধাম' খেলি থকা তিৰোতাবোৰৰো এই সময়ত হাই-উৰুমি শুনা নগৈছিল। দোভাগ ৰাতিলৈ 'গোলোেক ধাম' খেলি থকা সেইবোৰ তিৰোতা অৱশ্যে বলোৰাম দাসৰ পৰিয়ালৰে তিৰোতা।


বৰিহাটৰ বিখ্যাত ব্যবসায়ী বলোৰাম দাসে গাদীৰ পৰা উঠি ইন্দ্ৰনাথৰ হাত এখন থাপ মাৰি ধৰিলে। "এতিয়াইনে প্রভু? আজি পূৰ্ণিমাৰ ৰাতি?”


7.জখমী যাত্ৰী

১৯৮৫ চনৰ এপ্রিল মাহত সিং সভা ৰ'ডৰ এটা মূৰত থকা ট্রেভেল কর্প'ৰেশ্বনে কাগজে-পত্রে এটা ভ্ৰমণৰ বিজ্ঞাপন দিছিল। এই ভ্রমণ বৰ বিস্তৃত আছিল। নেপ'লিয়নৰ দেশ, মাইকেলেঞ্জলোৰ দেশ, বিথোভেনৰ দেশ, মহা শিল্পী ৰেমব্ৰাণ্টৰ দেশ আৰু সৰ্বশেষত আছিল মহাৰাণী ভিক্টোৰীয়াৰ দেশ। দেশ ভ্রমণ কৰা মোৰ একপ্ৰকাৰ নিচাৰদৰেই আছিল। স্বামীৰ মৃত্যুৰ পাছত মই ঘূৰিয়েই ফুৰিছিলোঁ। প্ৰথম অৱস্থাত সেই মৃত্যুৰ অসহনীয় যন্ত্রণা পাহৰিবৰ বাবে ঘূৰি ফুৰিছিলোঁ। তাৰ পাছত এনে এটা নিচা হৈছিল যে হাতৰ কাণৰ বেচিও মই ফুৰিবলৈ ভাল পাইছিলোঁ। সেয়ে ঘৰৰ নিচেই ওচৰৰ ট্রেভেল কৰ্পৰেশ্বনৰ বিজ্ঞাপন দেখি মই মোৰ নামটো ৰেজিষ্টাৰ কৰি আহিছিলোঁ।



8.এক মহীয়সীৰ জীৱন-বৃত্তান্ত

মোৰ জন্ম প্রথম মহাযুদ্ধৰ আৰম্ভণিতে অৰ্থাৎ ১৯১৪ চনত উত্তৰ প্ৰদেশৰ এলাহাবাদত হৈছিল। আমাৰ পৰিয়ালত কিন্তু পুত্ৰ সন্তানৰহে বেছি আদৰ হৈছিল। মোৰ কানি- কাপোৰৰ প্ৰতি বিশেষকৈ কাৰো যত্ন নাছিল। মোৰ ককাইদেউক কিন্তু ভেলভেটৰ সাজ-পোছাক পিন্ধোৱা হৈছিল। বৰ সুন্দৰ আছিল সি দেখিবলৈ। একেবাৰে ৰাজপুত্র। জাকজমক সাজ-পোছাক। লপথপকৈ খোজ কাঢ়ে। মূৰত ঘন কেঁকোৰা চুলি। আয়ে সৰহভাগ সময় তাক সজাই- পৰাই মছগুল হৈ থাকে। বহুদিন ল'ৰা হোৱা নাছিল কাৰণে আইতাই আইক কমখন নগুৰ-নাগতি কৰা নাছিল। ল'ৰা নোহোৱা তিৰোতাৰ যেন জীৱনেই বৃথা, এনে এক বাতাৱৰণে কিছুদিন আমাৰ ঘৰ ছানিয়ে ধৰিছিল। সি হোৱাৰ পিছত আমাৰ ঘৰলৈ যেন নতুন জীৱন আহিছিল। আয়ে তাক কেতিয়াবা কোলাত তুলি লৈ বাহিৰৰ বাগিচাত গৈ হাতত ফুল ছিঙি দিছিল। ...... কত কথা কৈছিল আয়ে তেওঁ যেন কিছুদিনলৈ আকাশৰ পখীৰ দৰে মুক্ত হৈ পৰিছিল। আইতাৰ কেটেৰা জেঙেৰা শুনিবলগীয়া নহৈছিল। মই তেতিয়া তেওঁৰ পেটত আছিলোঁ।


9.উদয়ভানুৰ চৰিত্ৰ

১৯৮৩ চন। গুৱাহাটী।


উদয়ভানু বৰুৱাই জাহাজৰ খালাচী দুটামানৰ হতুৱাই শিলত বজি ৰোৱা বস্তা এটা ওপৰলৈ তুলি আনিলে। দুর্গন্ধত কোনো ৰ'ব পৰা নাছিল! খালাচী দুটাই এটা মদৰ বটলৰ আশাত এই কাম কৰিবলৈ সাজু হৈছিল। মদৰ হুতাহত এই সময়ত সিহঁত যেন নৰকলৈ যাবলৈও সাজু হৈ আছিল। উদয়ভানুৰ পেন্টৰ পকেটত তেতিয়াও এটা মদৰ বটলৰ সেউজীয়া কেপ দেখা গৈছিল। খালাচীকেইটাৰ চকু বাৰে বাৰে সেই সেউজীয়া কেপটোত পৰিছিল।

বস্তাটোৰ মুখখন খুলিবৰ বাবে এইবাৰ সিহঁতে নিজৰ অত্যন্ত লেতেৰা ছাৰ্টকেইটা খুলি মুখত সোপা দিলে। কোবাকুবিকৈ সিহঁতে বস্তাৰ মুখখন খুলি দূৰলৈ ফৰিং ছিটিকা দি ছিটিকি পৰিল। আচৰিত কথা এয়ে যে উদয়ভানু নাক মুখত সোপা নিদিয়াকৈ বস্তাটোৰ ওচৰত থিয় হ'ল। বস্তাত গেলি-পচি যোৱা এটা মৰাশ আছিল। শটোৰ মাংসবোৰ বাৰিষাৰ নৈৰ গৰাৰ মাটিৰ দৰে হৈ পৰিছিল। হাড়ৰ টুকুৰাবোৰে নিম গছৰ দাঁত মাজিবলৈ কাটি উলিওৱা সৰু সৰু ঠানিবোৰৰ দৰে বৰণ লৈছিল। • আৰু মূৰটো?


10.তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা / ৮২

দিল্লীৰ কিছুমান ভয়াবহ দিনৰ মই সাক্ষী আছিলোঁ। ভয়াবহ ঘটনা কিছুমানো মোৰ এই দুই চকুৰ আগত ঘটিছিল। কুৰি বছৰৰ আগেয়ে মোৰ ঘৰৰপৰা এশ গজ আঁতৰৰ ৰৌশানাৰা বাগিচা যেতিয়া চোৰ-ডকাইতৰ আড্ডা হৈ পৰিছিল, সেই সময়তো মই ৰৌশানাৰা বাগিচাৰ কেতিয়াবা ফুৰিবলৈ গৈছিলোঁ। ৰৌশানাৰাৰ কবৰৰ ফোৱাৰাবোৰ তেতিয়া আৱিষ্কাৰ হোৱা নাছিল। বুঢ়া মানুহ এজাকে ঘাঁহৰ ওপৰত বহি 'ৰামচৰিত মানস'ৰ পদৰ আবৃত্তি শুনিছিল।সঁচা কথা ক'বলৈ গ'লে মই একেলগে ইমানবোৰ বুঢ়া মানুহ আগে-পিছে দেখা নাছিলোঁ। ৰূপালী চুলিৰ এনে আড়ম্বৰ সঁচাকৈয়ে বৰ বিস্ময়কৰ আছিল। আলিটোৰ আনটো মূৰৰ গুৰু হনুমানৰ আখাৰালৈয়ো মই কেতিয়াবা গৈছিলোঁ। গুৰু হনুমান ক'ৰ পৰা আহিছিল কোনেও নেজানিছিল। মাক-বাপেকক সৰুতেই হেৰুৱাই ঋষিকেশত গংগাৰ পাৰত সাধু-সন্ন্যাসীৰ লগত বাস কৰিছিল। তেওঁ দিল্লীলৈ অহা আৰু মল্লযুঁজাৰুসকলৰ এগৰাকী বিশ্ববিখ্যাত শিক্ষক হোৱাৰ কাহিনী কিম্বদন্তিৰ দৰে আছিল।


11.দাশৰথিৰ খোজ / ১৭০

ঋষি বাল্মীকিয়ে দিয়া শ্ৰীৰামচন্দ্ৰৰ শাৰীৰিক সৌষ্ঠৱৰ লগত মাধৱানন্দৰ শাৰীৰিক সৌষ্ঠৱৰ অনেক মিল তেওঁৰ ওঁঠে সদায় যেন বৃহস্পতিৰ দৰে যুক্তিময় বাক্যহে বর্ষণ কৰে। সৰহ ভাগ সময় তেওঁ

যেন চিন্তাহে কৰি থাকে। দেশে-বিদেশে ঘুৰি ফুৰা ৰামায়ণ মণ্ডলীত চামিল হোৱাৰ আগেয়ে বন্ধুবর্গই তেওঁক উপদেশ দিছিল। তেওঁ গাঁৱে-ভূঞে গৈ নানা জনহিতকৰ কাম কৰিব পাৰে। এই দেশৰে সীতামাৰি, মাটিয়া পাহাৰ ইত্যাদি অঞ্চলত এতিয়াও কত কাম কৰিবলগীয়া আছে! নিবনুৱা, নিৰক্ষৰতা, দৰিদ্ৰতা, খোৱা পানীৰ ভয়ানক দুর্যোগ। কত কাম আছে! প্রত্যেক সজ আত্মাই সন্ন্যাস এৰি দুখীজনৰ মাজত কাম কৰা উচিত। ৰামচন্দ্রই জানো কোৱা নাছিল- “যোৱা, সেই দুখীজনৰ মাজলৈ যোৱা। মই তেওঁলোকৰ হৃদয়তে বাস কৰোঁ।”মাধৱানন্দই কুর্তা-পায়জামা পিন্ধি আহিছিল। হাতত এটা সৰু ছুটকেছ। তেওঁ বিমান বন্দৰৰ দুৱাৰমুখত ৰৈ আছিল।


12.ছিন্নমস্তাৰ মানুহটো / ২৯০

কুঁৱলীৰ বুকুত ব্ৰহ্মপুত্ৰ ডুব গৈ আছিল। যেন বিধৱা মাতৃৰ বগা কাপোৰৰ মাজত মূৰ সুমুৱাই পৰি আছে ধৱল ৰোগত আক্রান্ত এক অসহায় পুৰুষ।ছিন্নমস্তাৰ জটাধাৰী এখোজ-দুখোজকৈ নামি আহিল ভূৱনেশ্বৰীৰ পৰা। লাহে লাহে ব্ৰহ্মপুত্ৰৰ শৰীৰ স্পষ্ট হৈ আহিল। ভোজ ৰান্ধিবলৈ কাটি থোৱা মাংসৰ গোন্ধৰ দৰে এটা গোন্ধে ফুলি থকা শেৱালি ফুলৰ গোন্ধৰ সৈতে মিহলি হৈ এক অনন্য পৰিৱেশৰ সৃষ্টি কৰিছে। বাঁজী- ঔগছৰ ঘিলা পিঠাৰ দৰে পাত, অশোক গছৰ দীঘলীয়া পাত আৰু প্ৰকাণ্ড প্রকাণ্ড দীঘল গছ আৰু কেন্দুৰ জোপোহাবোৰৰ পৰা নিয়ৰৰ টোপাল সৰি পৰাৰ মৃদু শব্দ শুনা গৈছে।


13.থেং ফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল/ ৪১২

আজিও থেং ফাখ্ৰীয়ে সদৰ কাৰ্যালয়ৰ পৰা সকলো কাম শেষ কৰি বৰকান্দাজ আঠটাক বিদায় দি ব্ৰহ্মপুত্ৰৰ বুকুত অস্ত যোৱা সূৰ্যৰ খেলা চাই আছিল। তাইৰ এটা আচৰিত ভাব হ'ব- নদীখন যেন গৰ্ভৱতী হৈছে..... এই নদীয়ে এখন ৰক্ত বস্ত্ৰ ধাৰণ কৰিছে।... যেতিয়াই সূৰ্যৰ ৰশ্মিয়ে বতাহৰ লগত খেলা কৰে- তেতিয়াই এই গর্ভবতী নাৰীয়ে শৰীৰৰ বস্ত্ৰ নির্লজ্জভাৱে যেন আঁতৰাই পেলায়......। .থেং ফাখ্ৰীয়ে এখন বিশেষ 'ষ্টিমাৰ' অহালৈ বাট চাইছিল। সঁচাকৈয়ে আহিবনে কেপ্টেইন হার্ডি? যদি নাহে? যদি নাহে?.....তাইৰ কপালত ঘামৰ কণিকা বিৰিঙি উঠিল।


14.আধাঘন্টা সময় / ৪৬৯

অনুবাদ উপন্যাস

মূল মালায়লম লেখক:পাৰপ্পু ৰত্তু

অনুবাদ:মামণি ৰয়ছম গোস্বামী


কুঁয়েনাচ্চনে বাগৰ সলালে। তেওঁৰ ভাব হ'ল কোনোবাই যেন বুকুৰ মাজত কাঁইট সুমুৱাই দি খোঁচ- বিন্ধাহে কৰিব আৰম্ভ কৰিছে। কুঁয়েনাচ্চনে ভাবিলে, "কিছু সময় মজিয়াত টহল দিব পৰাহেঁতেন চাগৈ ভাল লাগিলহেঁতেন। খোজকাঢ়িলে শোৱাৰ ইচ্ছা হয় আৰু শোৱাপাটীত পৰিলে খোজকাঢ়ি ফুৰিবৰ মন যায়। লাখুটিডালো নাই, খোজকাঢ়িয়েই বা ফুৰোঁ কেনেকৈ? এই দগাবাজ ল'ৰা-ছোৱালীহঁতে আম ফর্মুটিয়াবলৈ লাখুটিডাল লৈ গৈছিল। এতিয়া সেইডাল আমৰ ঠানীৰ মাজত ওলমি আছে। সময় বা কিমান হ'ল? সিসিলী আইজনী আহি পোৱাহেঁতেন? মুখ খুলি কথাকেই পাতিব পৰা গ'লহেঁতেন নাইবা কুরূপ অহাহেঁতেন? ইয়াত আহি বহিব বুলি 'গেলামাল'ৰ দোকানত কাম কৰা কুৰূপৰ ওপৰতেই বা আশা ৰখা যায় কেনেকৈ? ভাল মানুহ বাবেই কেতিয়াবা কাৰোবাক খোচামোদ কৰি সি 'কানি' আনি দিয়ে। সপ্তাহত দুই-এবাৰহে আহিব পাৰে।”





Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)