Posts

Showing posts from 2022

ইয়াত এখন অৰণ্য আছিল

Image
Image Credit:Jogrundyart 1.সময় সময় বিষয়টো মনৰ সৈতে জড়িত। একো কাম নাথাকিলে সময় এক বন্ধ পানীৰ ডোবা। অজস্ৰ কাম থাকিলে সময় জলপ্ৰপাত, দুখৰ সময় নাযায়-নুপুৱায়, সুখৰ সময় এটা ফৰ্মূটিৰ দৰে, আহিল আৰু গ’ল। 2.শান্তি শান্তি কোন পথে আহে! হাজাৰ বছৰ ধৰি, মানুহৰ এয়াই সন্ধান নহয় জানো? সশস্ত্ৰবাদ, অহিংসবাদ, যুক্তিবাদ, মানৱতাবাদ, বামপন্থা, সোঁপন্থা, মধ্যমপন্থা, হিন্দু ধৰ্ম, ইছলাম ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, জৈন ধৰ্ম, পৃথিৱীৰ সকলো বাদ, পন্থা, ধৰ্মৰ মূল উদ্দেশ্যই সদায় ‘শান্তি’ৰ শেষ বাণী শুনাই আহিছে। 3.সাংবাদিক সাংবাদিক সৈনিকৰ দৰে হ’ব লাগে। ন’ ইম’শ্যন, ন’ ৰিগ্ৰেট, অনলী নিউজ— ট্ৰুথফুল নিউজ। সৈনিকে যুদ্ধক্ষেত্ৰত আবেগবৰ্জিতভাৱে যিদৰে যুদ্ধ কৰে। আবেগ মাত্ৰ এটাই— সেই সময়ত দায়িত্ব ভালদৰে পালন কৰা। সাংবাদিক হ’ব লাগে আবেগবৰ্জিত। বাতৰি পৰিৱেশনৰ সত্যতা আৰু দায়িত্বই মূল কথা। 4.অধিকাৰ পৃথিৱীখনেই অধিকাৰৰ ভোকত যুদ্ধসন্ত্ৰস্ত। ছিৰিয়াৰ পৰা ম্যানমাৰলৈকে— কোনোবাই যদি অধিকাৰ কৰিছে, কোনোবা উচ্ছেদিত হৈছে। এই ভোক পেটৰ ভোকতকৈও ভয়ংকৰ। 5.বিশ্বাস নতুন ঘৰ সাজিবলৈ বিশ্বাসী কাৰিগৰৰ প্ৰয়োজন নহয়, কিন্তু পুৰণি ঘৰবোৰত প্ৰথম চৰ্তটোৱেই থাকে— বিশ্বা...

The Art of Making Memories🌻

Image
মোৰ চেৰীফুলৰ গুলপীয়া পৃথিৱীখনলৈ আন্তৰিক স্বাগতম🌷 " Every single day I live life, every single day I love life."  Image Credit: Jogrundyart   মই মোৰ দৰে হ'ম বুলি ভবা দিনটোৰ পৰাই মোৰ মাজতেই জন্ম হৈছিল এখন স্বতন্ত্ৰ পৃথিৱীৰ।বাস্তৱ আৰু কল্পনাৰ মিশ্ৰিত ৰঙেৰে ৰঙীন এই পৃথিৱী।যিখন পৃথিৱীত মৰম,ভালপোৱা,বিনম্ৰতা,কৃতজ্ঞতা, শ্ৰদ্ধাৰ বাহিৰে আন একোৰে বাবেই ঠাই নাই।মনৰ মাজত কঢ়িয়াই লৈ কেতিয়াও ভাগৰি নপৰা এই পৃথিৱীখন খুব সোনকালেই মানুহে নিজৰ দুচকুৰে দেখিবলৈ পাব।মোৰ অগাধ বিশ্বাস,এইখন পৃথিৱী এপলক চাই যোৱাৰ আপোনাৰো হেঁপাহ জাগিব।এদিন আহিব মোৰ সৰু পৃথিৱীখন ওচৰৰ পৰা চাই যাবলৈ।বহুত কিবাকিবি বিচাৰি পাব।চেৰীফুলৰ সুগন্ধিয়ে দশোদিশ সুবাসিত কৰিব।উজ্জীৱিত হ'ব নকৈ।য'ত আপোনালোকে সৃজনীশীল ,অৰ্থপূৰ্ণ জীৱনৰ অনুশীলন কৰাৰ সুযোগ পাব।এটা ধনাত্মক পৰিমণ্ডলৰ মাজত থাকি এখিনি সদৰ্থক শুভচিন্তাৰ গৰাকী হ'ব পাৰিব।য'ত জীৱন উদযাপনৰ কচৰৎ চলিব।মানুহৰ পৃথিৱীত মানুহক ভালপোৱাৰ আখৰা চলিব। কিদৰে প্ৰতিটো দিন বিশেষ কৰিব পাৰি- 1.Daily journal: এৰি অহা দিনবোৰে মনৰ মাজত মৰমৰ ফাঁকু খেলে।পুৰণিৰ পৰশত অতীত বিমণ্ডিত স্মৃতিৰ...

জোনাকী

Image
লেমৰ পোহৰে হৃদয়ত সানি দিছে সোণ হালধীয়া একাজলি উষ্ম আৱেশ; সেই আৱেশত নকৈ সৰিছে এমুঠি সেউজীয়াৰে সৈতে এজাক আৱেগৰ বৰষুণ।এৰা,যন্ত্ৰণাবিহীন জীৱনটো কাৰো নহয়...আৱেগৰ বানত নিজক জুবুৰিয়াই সপোনবোৰক খামুচি পাৰলৈ আহিব পৰাজনেই প্ৰকৃত জীৱন যোদ্ধা।এন্ধাৰক আৰু অভিশাপ নিদিওঁ দিয়া,পাৰিলে এডাল মম জ্বলাই ল'ম অথবা নিজেই হৈ পৰিম পোহৰ বিলোৱা এজনী জোনাকী✨ পাপৰি🌻

আদৰণি পত্ৰ

Image
 প্ৰীতিভাজনেষু অনুজ,             জ্বাজ্বল্যমান আকাশত উৰাৰ স্বপ্ন বুকুত বান্ধি  ঐতিহ্যমণ্ডিত, সমুজ্জল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাকৰিত খোজ পেলোৱা হে প্রিয় নৱাগত, এই হিৰণময়ী ক্ষণত আপোনালৈ জনাইছোঁ অনি:শেষ অভিনন্দন।                      "সময় এক সাঁথৰ,এই সাঁথৰৰ মাজতে লুকাই থাকে জীৱন।জীৱনে কয় থমকি নৰ'বা,আগুৱাই গ'লে এদিন লক্ষ্য পাবা।"            ভৱিষ্যতৰ সোণোৱালী সপোনৰ পম খেদি এজাকমান স্বপ্নসন্ধানী লৰিয়লি চৰাইৰ মধুৰ কলৰৱত মুখৰিত হৈছে ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাংগণ।গভীৰ প্ৰজ্ঞা,আত্মজিজ্ঞাসা আৰু অন্তৰ্দৃষ্টিৰে সমৃদ্ধ হে প্রিয় নৱাগত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৰাজনীতি বিজ্ঞান বিভাগত অতিবাহিত কৰিবলগীয়া আগন্তুক দুটি বৰ্ষ হৈ পৰক আপোনাৰ জীৱনৰ এটা মধুৰ অধ্যায়,আপোনাৰ সোণবৰণৰ কল্পনাবোৰ,ময়ূৰপঙ্খীসপোনবোৰ আৰু কনকবুলীয়া আশাবোৰে আপোনাৰ জীৱন নামৰ কাননখনক বিতোপন কৰি তোলক তাৰ বাবে থাকিল অফুৰন্ত শুভ-ইচ্ছা। "সপোনৰ খটখটী বৰ ঠুনুকা...

সোঁৱৰণিৰ পৰ্দা ফালি...

Image
যদি জীৱনে কান্দে স্মৃতি সুঁৱৰি হে' সময়,তুমি ঘূৰাই দিব পাৰিবানে আমাৰ ওঁঠৰ সোণসেৰীয়া মেটমৰা হাঁহিবোৰ, ক্লাচৰুম অথবা লাইব্ৰেৰী ফিল্ডৰ খুহুতিয়া অনৰ্গল কথাবোৰ? যাক কওঁতে কাষ চাপিছিলোঁ ইজনে-সিজনৰ অনুভৱৰ কাঁচিয়লি ৰ'দত বন্ধুত্বৰ উমাল পৰশেৰে সমৰ্পণ কৰিছিলোঁ এখনি দুখনিকৈ কেইবাখনো হৃদয়। আমাক ঘূৰাই দিয়া অভিমান,মৰম,ভালপোৱাৰে ভৰপূৰ ৰঙীণ দুপৰীয়াবোৰ... আমাক ঘূৰাই দিয়া জ:চাগ, DU Haat ৰ সেই জীপাল সন্ধিয়াবোৰ,য'ত বাজি উঠিছিল স্বপ্নসন্ধানী এজাক লৰিয়লী চৰাইৰ সপোনৰ গুণগুননিবোৰ। সময়ে গৰকা হাতৰ মুঠিত এমুঠি তলসৰা নাহৰৰ সৈতে আমাৰ বিমুক্ত খোজ,সিঁচি দিম মেঘাচ্ছন্ন আকাশত এচমকা ৰ'দালি।জ্যোতিবাটচ'ৰাৰ দীঘল বাটৰ তলতেই এদিন আমি পুনৰ লগ হ'ম তেতিয়া নিশ্চয় অতীতে ৰিঙিয়াব, স্মৃতিয়ে সুৱঁৰিব,মৰহা ফুলেও সুবাস বিলাব। পাpori

অন্তৰতম❤️

Image
 উপন্যাস: অন্তৰতম প্ৰিয় সংলাপ 🌼"আশাবোৰ ইমান ধুনীয়া। ইমান কোমল।পখিলাৰ দৰে।ফুলৰ দৰে।ৰঙা-জিঞা অথবা শিমলু তুলাৰ দৰে।" 🌼"কিছুমান সপোন, কিছুমান সোঁৱৰণি পাহৰিব পাৰিলে জীৱনটো সহজ হয়। কিন্তু, যিবোৰ স্বপ্ন-স্মৃতিক জোৰ কৰি পাহৰিব খোজা যায় সেইবোৰেই বুকুত নিকপকপীয়াকৈ বাহ বান্ধি লয়।" 🌼"জীৱন আমৃত্যু এক সংগ্ৰামৰে নাম। যাৰ শক্তি থাকে তেওঁকেই অদৃষ্টই নিৰন্তৰ যুঁজিবলৈ আৰু জয়ী হবলৈ দিয়ে।"  🌼"কাৰোবাক ক্ষমা কৰাত, ক্ষমা কৰিব পৰাত আশ্চৰ্য এক প্ৰশান্তি থাকে।সেই প্ৰশান্তিৰ অনুভৱ তেওঁৰহে হয়-যি চৰ্তহীন ভাৱে ক্ষমা কৰে।"  🌼কেৱল আশাই মানুহক কিমান শক্তিশালী কৰিব পাৰে! কেৱল আশাই মানুহৰ মুখৰ ক্লান্তি আৰু হতাশা মচি কিমান উজ্জ্বল কৰি তুলিব পাৰে!" 🌼"কেতিয়াবা কিছুমান কথা বিষ লগা কাঁড়ৰ দৰে চেতনাত সোমাই যায়। কাঁড়পাট টানি উলিয়াই অনাৰ পাছতো বিষখিনি সোঁৱৰণিত লাগি ৰ'ল।" 🌼"বিশ্বাস বৰ ঠুনুকা।বৰ আলসুৱা।এবাৰ প্ৰতাৰিত হলে, দুবাৰ প্ৰতাৰিত হলে কিছুমান মানুহৰ ক্ষেত্ৰত অবিশ্বাস এক ধৰণৰ অভ্যাস হৈ উঠে আৰু এই অভ্যাসে আন একো সলনি নকৰিলেও নিজক লৈ, নিজৰ একান্ত আপোনজনক লৈ মা...

প্রিয় সংলাপ🌻

Image
  নতুন পথ (উপন্যাস)  লেখকৰ নাম : হিতেশ ডেকা              প্রিয় সংলাপ : 🌼“মায়া-মোহৰ বাবেই মানুহে এই শূন্য সংসাৰখনকে মোৰ মোৰ বুলি আকোৱালি লৈ থাকে ৷ মায়াৰ বন্ধন আছে বুলিয়েইতো সংসাৰ চলি আছে ৷ মায়া অবিহনে সংসাৰ মিছা, জীৱন ৰসহীন ৷" 🌼 “মানুহে ট্ৰেজেডী পঢ়ি ভাল পায়, কিন্তু জীৱনটো ট্ৰেজেডী হোৱা ইচ্ছা নকৰে।  সাহিত্যত যি আদৰণীয়, জীৱনত সেয়ে হয় বৰ্জনীয় ৷জীৱনটো এটা কল্পনা নহয়, নিষ্ঠুৰ কৰ্তব্যৰে ভৰা,নিতান্ত বাস্তৱ” ৷ 🌼“এজনে এটা কাম কৰে এটা কাৰণত  আৰু আনজনে ভাবে অন্য উদ্দেশ্যত ।এই বুজাৰ ভুলৰ বাবেই মানুহৰ মাজত আহি পৰে বিশৃংখলতা ৷ হায়! মানুহৰ ভাব! কি ৰূপতেই প্ৰকাশ  হয় তাক কোনেও ক’ব নোৱাৰে” ৷ 🌼“মানুহে নিজৰ চিন্তাত ব্যস্ত থাকোতে অইনে তেওঁৰ বিৰুদ্ধে হুল পুতে। দেখা শত্ৰুতকৈ নেদেখা শত্ৰু আৰু  বেছি ভয়ংকৰ ৷ কিমান নিৰ্দোষী প্ৰাণীয়ে এনেকৈ সংসাৰত গুপ্ত ষড়যন্ত্ৰৰ বাবে বিপদৰ সন্মুখীন হ’ব লগা হয় তাৰ লেখ জোখ নাই ৷তুমি অন্যায় নকৰিলেও তোমাৰ অন্যায় কৰাতো জগতত অনেক আছে” ৷ ◆◆◆◆◆◆ কিতাপ  : ভাড়াঘৰ (উপন্যাস) লেখকৰ নাম : হিতেশ ডেকা    ...

প্রিয় সংলাপ উপন্যাস:নাহৰৰ নিৰিবিলি ছাঁ

Image
প্রিয় সংলাপ উপন্যাস:নাহৰৰ নিৰিবিলি ছাঁ 🌼স্মৃতি এনে এক প্ৰেম, যি বিচ্ছেদৰ পিছতো লগ এৰা নিদিয়ে। 🌼সুখ- আনন্দৰ সমভাগিতকৈ, দুখ যন্ত্ৰণাৰ সংগীবোৰ অন্তৰৰ গভীৰত প্ৰৱেশ কৰে। এই সংগৰ স্থায়িত্ব থাকে।Happiness consists in the attainment of our right-desires. সুখী হবলৈ সঠিক ইচ্ছা জাগিব লাগে। 🌼শিক্ষিত তিনি প্ৰকাৰেৰে হ'ব পাৰি (১) এবিধে চমৎকাৰ ফলাফল কৰি ভাল কেৰিয়াৰ গঢ়াৰ বাবে পঢ়ে, (২) এবিধে জ্ঞান অৰ্জনৰ বাবে পঢ়ে, (৩) আনবিধে প্ৰজ্ঞাৰ সাধনা কৰে। ইয়াৰে সবাতোকৈ কষ্টকৰ প্রজ্ঞাৰ সাধনা। প্ৰজ্ঞাৰ অধিকাৰী হ'বলৈ যি মনৰ বিশালতাৰ প্ৰয়োজন, জ্ঞানৰ উপলব্ধিৰ দৰকাৰ, তাৰ বাবে জীৱনৰ চাকনৈয়া, সংঘাতৰো দৰকাৰ। অভিজ্ঞতাৰো দৰকাৰ। 🌼জীৱনৰ বৃহৎ বাকচৰ মাজত থকা, অসংখ্য বহু বাকচৰ মাত্ৰ এটা বাকচ হৈছে স্কুল- কলেজ- বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম। এই পাঠ্যক্ৰমবোৰে জীৱন নামৰ বৃহৎ পেৰাটোৰ ভিতৰৰ অসংখ্য তলাবন্ধ বাকচবোৰ খোলাৰ উপায় দেখুৱাত কিঞ্চিৎ সহায় কৰে।কিন্তু পূৰ্ণ সহায় পাব পাৰি প্ৰজ্ঞাৰ দ্বাৰাহে। 🌼মানুহে মানুহক ভাল পোৱাত স্বাৰ্থ আছে। যিদৰে প্ৰেমিক প্ৰেমিকাক আপোন কৰি লোৱা, ঘৰ- সংসাৰ কৰাৰ স্বাৰ্থ থাকে। স্বামী- স্ত্ৰীৰ ভাল...

আত্ম দীপো ভৱ:

Image
 আত্ম দীপো ভৱ: 🍂অৱহেলা,উপেক্ষাবোৰ মুখস্থ হৈ যোৱাৰ পিছতো,বিশ্বাস,মৰম আৰু সন্মান খিনি ভৰিৰে মোহাৰি পেলোৱাৰ পিছতো জীৱন থমকি নৰয়,জীৱনৰ এক নেদেখা গভীৰতাত বুৰ গৈ মই অন্তঃকৰণেৰে এই কথা উপলব্ধি কৰোঁ।প্ৰতাৰণা, বিশ্বাসঘাটকতা এইবোৰৰ উৰ্দ্ধত থাকি জীৱন জিনাৰ গান গাব পৰা মানুহ নিচেই তাকৰ।তথাপি মানুহ হাৰি হাৰি যুঁজি যায়,হাৰি হাৰি জিকি যায়,অৰ্থপূৰ্ণ জীৱনৰ সাধনা কৰি যায়। 🍂জীৱনক খুব ওচৰৰ পৰা জনাৰ ইচ্ছা আছে।আচলতে  নিজক জনাৰ অভিপ্সা আটাইতকৈ বেছি।নিজক জুইত পুৰি সুৱগাৰে ধুই খুন্দি পিটি গঢ়ি লোৱাৰ দৃঢ়তা আছে,জেদ আছে,সপোন আছে,পৰিকল্পনা আছে,প্ৰতিজ্ঞা আছে।শৈক্ষিক জীৱনটোত পাৰিলে নীৰৱ সাধক হোৱাটো ভাল।নীৰৱতা মোৰ শানিত অস্ত্ৰ,জীৱনৰ ঐশ্বৰ্য।এন্ধাৰ ফালি ফালি পোহৰৰ সন্ধান কৰাত যি মাধুৰ্যতা আছে,আন ক'তো নাই। 🍂জীৱনটো জীপাল কৰিবলৈ,প্ৰশ্নহীন আন্তৰিকতাত বুৰ যাবলৈ,নিজৰ সৈতে প্ৰেমত পৰিবলৈ,নিজৰ মাজত নিজৰেই এখন পৃথিৱী গঢ়িবলৈ,নিজৰ মাজত অনৰ্গল সপোনৰ শ্ৰৱন্তী প্ৰবাহিত কৰিবলৈ,মানুহে দিয়া আঘাটক কৰ্মৰে প্ৰত্যুত্তৰ দিবলৈ নিজেই নিজৰ শ্ৰেষ্ঠ বন্ধু হোৱাটো আটাইতকৈ জৰুৰী। সময়ে দিয়া শিক্ষা:মানুহৰ সৈতে ভাল হ'বা,অন্তৰংগ পৰাপক্ষত নহ...

জলকন্যা

Image
 জলকন্যা  মণিকুন্তলা ভট্টাচাৰ্য শব্দৰ উত্তাপ আৰু প্ৰেৰণা কিমান বেছি হয়তো সেইয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে।শেহতীয়াকৈ পঢ়ি শেষ কৰিছিলোঁ মণিকুন্তলা ভট্টাচাৰ্য্যৰ জলকন্যা।চিত্ত উদ্বেলিত কৰি পাঠকক ধৰি ৰাখিব পৰাকৈ সক্ষম উপন্যাসখনৰ প্ৰতিটো পৃষ্ঠা।উপন্যাসখনৰ পাতে পাতে সিঁচৰিত হৈ আছে তথ্যসমৃদ্ধ নানানটা কথা।উপন্যাসখনত শীতকালত বনভোজ স্থলী হিচাপে জনপ্ৰিয় চম্পাৱতী জলপ্ৰপাতৰ ইতিহাস,শোষিত,নিষ্পেষিত,বঞ্চিত চাহ কৰ্মী সকলৰ কৰুণ জীৱন গাঁথা সহিতে তেওঁলোকৰ মাজত বৰ্তি থকা বিভিন্ন অন্ধবিশ্বাস,কুসংস্কাৰৰ এখনি জীৱন্ত ছবি,মাধৱ কন্দলি,অনন্ত কন্দলি,মহেন্দ্ৰ কন্দলিৰ টোল , অসমৰ জাতীয় উৎসৱ বিহুক ইংৰাজে বন্ধ কৰা, পুনৰ প্ৰচলন কৰোৱা,প্ৰকৃতিৰ অনুপমেয় বৰ্ণনা আনন্দৰাম ঢেকিয়াল ফুকনে মোফাট চাহাবলৈ দীঘলীয়াকৈ চিঠি লিখা , চোৱাং হাবি আৰু পক্ষীতীৰ্থ বিললৈ অহা বিভিন্ন প্ৰত্যাহ্বান,জিয়াজুৰী চাহ বাগিচাত কৰ্মৰত মেনেজাৰ চাহাব আৰু মেমচাহাবৰ জীৱনৰ অনন্য কাহিনী,প্ৰতিটো ঋতু,খাদ্য সম্ভাৰৰ বর্ণনা আকৰ্ষণীয় ৰূপত উপস্থাপন কৰিছে।

সন্ধ্যা

Image
  মূলতঃ HIV ৰ আধাৰিত মণিকুন্তলা ভট্টাচাৰ্য্যৰ দ্বাৰা ৰচিত 'সন্ধ্যা' এখনি মনোৰম সুখপাঠ্য উপন্যাস।উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে সন্ধ্যা।সন্ধ্যাই খুব কম বয়সতেই নিজৰ  মাতৃৰ মৰমৰ বন্যাৰ পৰা বঞ্চিত হৈছিল।পৰৱৰ্তী সময়ত দেউতাকৰ বুকুৰ তপত উমত তাই ডাঙৰ হৈছিল।প্ৰেম জীৱনৰ ৰঙীন মোহ।প্ৰেম মানেই যেন হৃদয় জুৰুৱা এটা গুপুত বাৰ্তা।কৈশোৰৰ দুৱাৰদলিত খোজ থৈ সন্ধ্যাইয়ো নিজৰ সপোন কোঁৱৰ জনৰ এখনি ছবি যেন বুকুত গুজি লৈছিল।তাইৰ সপোনৰ ৰাজকুমাৰজন আছিল ইৰফান।প্ৰেমত প্ৰাপ্তি এক চিৰন্তন হাবিয়াস।কিন্তু ৰক্ষণশীল সমাজব্যৱস্থাৰ শিকলি ছিঙি প্ৰেমৰ নিচান উৰুৱাবলৈ সেই পটভূমিত বৰ সহজ নাছিল।তদুপৰি  শাৰীৰিক আৰু মানসিক ভাৱে ভগ্নপ্ৰায় হোৱাৰ পিছতো কিদৰে সদিচ্ছা,জীৱনৰ প্ৰতি এক ইতিবাচক দৃষ্টিকোণ তথা সঁচা প্ৰেমৰ উমাল সান্নিধ্যত মৰমৰ আবিৰ সানি যন্ত্ৰণাক প্ৰত্যাহ্বান জনাব পাৰে তাৰেই এক সাৱলীল বৰ্ণনা উপন্যাসখনত বৰ্ণনা কৰা হৈছে।লগতে HIV ৰোগৰ  প্ৰতি থকা নানানটা সমাজৰ প্ৰতিষ্ঠিত ধাৰণাৰ পৰিৱৰ্তে এক বিজ্ঞানসন্মত বিশ্লেষণ উপন্যাসখনত ঔপন্যাসিকগৰাকীয়ে আগবঢ়াইছে।

নীলকণ্ঠী ব্ৰজ

Image
 নীলকণ্ঠী ব্ৰজ মামণি ৰয়ছম গোস্বামী জোনাকী পৰুৱাৰ এধানি পোহৰে অমানিশাৰ গভীৰ এন্ধাৰত বাট দেখুওৱাৰ দৰে গ্ৰন্থ অধ্যয়নে মোৰ মনত ৰামধেনুৰ সাঁতো বৰণীয়া ৰং বোলায়।জনদৰদী সৃষ্টিকামী মনটোৰ বাবে মামণি ৰয়ছম গোস্বামী বাইদেউৰ গ্ৰন্থ সমূহ ব্যক্তিগতভাৱে অতিকৈ প্রিয়।হৃদয় সাগৰত শত সহস্ৰ লহৰ তুলিব পৰাকৈ তেখেতৰ কলম শক্তিশালী।যি শিহৰিত কৰি তোলে প্ৰতিজন পাঠকক।অনুপম শব্দৰ নিৰ্বাচনীয়তা,নিজস্ব বাস্তৱিক অভিজ্ঞতাৰ ভিত্তিত সাৰস্বত সাধনাৰে ৰাজ্যিক,ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বিভিন্ন পটভূমিক লৈ পাঠকৰ হৃদয়তন্ত্ৰীত জোকাৰণি তুলিব পৰাকৈ তেওঁ লিখি উলিয়াই প্ৰতিখন উপন্যাস।'নীলকণ্ঠী ব্ৰজ' মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত এখন বলিষ্ঠ  আৰু কালজয়ী উপন্যাস।প্ৰধানত: বৃন্দাবনৰ পটভূমিত জালিকটা অনুভৱেৰে লিখি উলিওয়া হৈছে নীলকণ্ঠী ব্ৰজ।য'ত বিধৱা সকলৰ এখনি ধূসৰ ছবি বৰ্ণনা কৰা হৈছে।সৌদামিনী-যাৰ শিৰৰ সেওঁতাত আশীৰ্বাদ হৈ জিলিকি আছিল এমুঠি ৰক্ত পলাশ।পলাশৰ ৰঙা ৰংটোৰ ৰঙীন আভাত তাইও অমাৱশ্যাৰ পিছৰ জোনাকৰ দৰেই জিলিকি আছিল।কিন্তু সময়ৰ সোঁতত সৌদামিনীয়ে খুব কম বয়সতেই বৈধব্যক আঁকোৱালি ল'বলগীয়া হৈছিল।ভক্তিপীঠ ব্ৰজলৈ মোক্ষ লাভ কিম্বা জ...

গঙা চিলনীৰ পাখি

Image
 গঙা চিলনীৰ পাখি ড৹ লক্ষ্মীনন্দন বৰা শব্দৰ দাপোণত আপোন মুখ খনি দেখা পাওঁ।শব্দৰ বটবৃক্ষৰ ছাঁত জিৰাই ইউকেলিপটাছৰ দৰে ওখ হোৱাৰ সেউজীয়া সপোন ৰচো। ড° লক্ষ্মীনন্দন বৰাৰ দ্বাৰা ৰচিত "গঙা চিলনীৰ পাখি" মোৰ পঢ়ি ভাল লগা প্রিয়  উপন্যাসৰ অন্যতম। ১৯৭৫ চনত এই উপন্যাসখনকেই প্ৰধান আধাৰ হিচাপে লৈ অসমীয়া চলচ্চিত্ৰ  পৰিচালক পদুম বৰুৱাই  "গঙা চিলনীৰ পাখি" শীৰ্ষক কথাছবিখন নিৰ্মাণ কৰিছিল।বাসন্তী,ধনঞ্জয়,ভোগৰাম উপন্যাসখনৰ কেতবোৰ চৰিত্ৰ।প্ৰধানত অসমৰ নগাঁও জিলাৰ সোনাই নৈৰ পাৰৰ গ্ৰাম্য জীৱন শৈলীক মূল পটভূমি হিচাপে লৈ উপন্যাসখনৰ কাহিনীয়ে গতি কৰিছে।গ্ৰাম্য জীৱনৰ বিচিত্ৰ কাহিনী,সভ্যতা, সংস্কৃতি, ৰীতি-নীতি,পৰম্পৰা, লোকাচাৰ সকলোৰে পৰশ পৰিছে উপন্যাসৰ পাতত।হৃদয়ৰ জপনা খুলি প্ৰেমে নিগাজিকৈ ঘৰ সাজে মানুহৰ বুকুত।বাসন্তীৰ  ককায়েক ভোগৰামে অসৎ প্ৰক্ৰিয়াৰে ধনী হোৱাৰ লোলোপ বাসনাৰ উদ্দেশ্য বাসন্তীৰ বিবাহ মথুৰা মণ্ডলৰ লগত সম্পন্ন কৰে। পুৰুষতান্ত্ৰিক চিন্তাধাৰাৰ বশৱৰ্তী হৈ কিদৰে বাসন্তী আৰু ধনঞ্জয়ৰ  ভালপোৱাৰ স্তৱক অসম্পূৰ্ণ হৈ ৰয় সেই কাহিনীও উপন্যাসখনত সুন্দৰকৈ বৰ্ণিত কৰা হৈছে।   ...

উপকূল

Image
 উপকূল আকাশ দীপ্ত ঠাকুৰ অসমীয়া মাহেকীয়া আলোচনী 'স্বৰ্ণলিপি'ত ধাৰাবাহিক ৰূপে প্ৰকাশ পোৱা 'উপকূল ' নামৰ সামাজিক  উপন্যাসখনত প্ৰধানতঃ ভাস্বত হৈ উঠিছে ৰক্ষণশীল সমাজ ব্যৱস্থাৰ এখনি জীৱন্ত প্ৰতিচ্ছবি। পিতৃগৃহত মণিমালাৰ জীৱন,সমীৰণ মণিমালাৰ প্ৰেম ,মণিমালাৰ প্ৰশান্তৰ সৈতে বিবাহ, মণিমালাৰ বৈধৱ্য জীৱন আৰু শেৱালিৰ জীৱন পৰিক্ৰমা,মণিমালাৰ গুৱাহাটী আগমণ , সমীৰণৰ লগত সাক্ষাৎ আৰু শেষত মণিমালা-সমীৰণৰ বিবাহৰ কাহিনীৰে উপন্যাসখনৰ যতি পৰে।  মণিমালা,শেৱালি,ইন্দ্ৰ মৌজাদাৰ, অৰুণী, পাৰ্থ, বাখৰী, এধানী, সমীৰণ, অমিয়, পৱিত্ৰ, বুবুল, হেমাংগ, মালতী, লিলি, সৌৰভ, শিখা, দেৱাহুতি ইত্যাদি উপন্যাসখনৰ কেতবোৰ চৰিত্ৰ।উপন্যাসখনত মণিমালা আৰু শেৱালি এই দুটি চৰিত্ৰক ঔপন্যাসিক গৰাকীয়ে শক্তিশালীৰূপত অংকন কৰিছে।ভোগদৈ নৈৰ পাৰৰ পৰা ইন্দ্ৰ মৌজাদাৰৰ মৰমৰ দুহিতা মণিমালা ধনশিৰিৰ পাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক অমিয়ধৰ ভট্টাচাৰ্যৰ ঘৰৰ বোৱাৰী হৈ আহে।কিন্তু বিয়াৰ কিছু দিনৰ পিছতেই মণিমালাৰ স্বামী প্ৰশান্তৰ মৃত্যু হয়।মণিমালাৰ জাক আছিল শেৱালি।বিয়াৰ বহু বছৰৰ পিছতো শেৱালিৰ কোলা শুৱনি হোৱা নাছিল।মণিমালাই সৰুৰেপৰাই সংগীতৰ চৰ্চা অব...

পিচৱাই লোককলা

Image
  বল্লভাচাৰ্য বিদ্যালয়ৰ বৈষ্ণৱসকলে প্ৰথমে ৰাজস্থানৰ নাথদ্বাৰত পিচৱাই কলাৰ পৰিচয় দিছিল। সাধাৰণতে ভগৱান শ্ৰীনাথজীৰ কাহিনী দেখুওৱা এই চিত্ৰসমূহ মন্দিৰত প্ৰদৰ্শিত হৈছিল।   নাথদ্বাৰৰ জংগড আৰু গৌড় জাতিয়ে পিচোৱাই চিত্ৰসমূহ সৃষ্টি কৰিছিল। পিচৱাই চিত্ৰসমূহত বিভিন্ন কাহিনী ৰচনা কৰা হয়, যাৰ ভিতৰত আছে ভগৱান শ্ৰীকৃষ্ণৰ জীৱন, শ্ৰীনাথজী (ভগৱান কৃষ্ণৰ অৱতাৰ), বল্লভাচাৰ্যৰ পাৰিবাৰিক ইতিহাস, গৰু, পদুম আৰু প্ৰকৃতিৰ আন বহুতো সুন্দৰ আৰ্হি।  সংশ্লিষ্ট পৃষ্ঠভূমিৰ স্কেচ কৰিবলৈ জিংক আৰু এঙাৰ ব্যৱহাৰ কৰা হৈছিল। ৰঞ্জকবোৰ খনিজ যৌগ আৰু উদ্ভিদৰ সামগ্ৰী যেনে কপাৰ এচিটেট, পাৰা ছালফাইড, ইণ্ডিগোৰ পৰা আহৰণ কৰা হৈছিল। পেইণ্টিং ব্ৰাছবোৰ সূক্ষ্ম ৰেখাৰ বাবে ছাগলীৰ চুলি আৰু কাঠবিলাকৰ আঁহ আদিৰে  তৈয়াৰ কৰা হৈছিল। পিচৱাই চিত্ৰসমূহত বিভিন্ন ধৰণৰ শৈলী আৰু বিষয়বস্তু বৰ্ণিত কৰা হয়।উদাহৰণস্বৰূপে- ৰাসলীলাত গোপীসকলৰ সৈতে ভগৱান শ্ৰীকৃষ্ণৰ নৃত্য , গিৰিৰাজা পিচৱাইত ভগৱান কৃষ্ণক তীব্ৰ বৰষুণৰ পৰা মানুহক সুৰক্ষিত কৰিবলৈ তেওঁৰ কণমানি আঙুলিত গোবৰ্ধন পৰ্বত কঢ়িয়াই নিয়া চিত্ৰ, গোপষ্টমীত ভগৱান কৃষ্ণক তেওঁৰ বাঁহী ব...

টিকুলি লোককলা

Image
  ভাৰতবৰ্ষ একাধিক থলুৱা কলা-সংস্কৃতি আৰু ইতিহাসেৰে সমৃদ্ধ এখন দেশ।  টিকুলি কলা হৈছে বিহাৰৰ এক অনন্য কলা, যাৰ এক অতি সমৃদ্ধ আৰু গভীৰ পৰম্পৰাগত ইতিহাস আছে। 'টিকুলি' শব্দটো হৈছে 'বিন্দি'ৰ স্থানীয় শব্দ, যি সাধাৰণতে এক উজ্জ্বল, ৰঙীন বিন্দু যাক মহিলাসকলে কপালত লগায়। অতীতত, বিন্দিটো বুদ্ধিৰ উপাসনা আৰু মহিলাৰ শালীনতা সংৰক্ষণৰ এক সাংকেতিক উপায় হিচাপে সৃষ্টি কৰা হৈছিল। অৱশ্যে, আজিৰ সময়ত, টিকুলি কলাই বিহাৰৰ মহিলাসকলৰ বাবে সৱলীকৰণৰ উৎস হিচাপে কাম কৰে। মোগল সাম্ৰাজ্যৰ পতন, আৰু ব্ৰিটিছ ৰাজৰ আগমনৰ লগে লগে টিকুলি কলাই তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ব্ৰিটিছে ঔদ্যোগিকৰণৰ নীতি প্ৰৱৰ্তন কৰিছিল, আৰু থলুৱা সামগ্ৰীবোৰৰ যন্ত্ৰ-নিৰ্মিত সামগ্ৰীৰ ওচৰত চাহিদা ক্ৰমান্বয়ে হ্ৰাস পাইছিল। যন্ত্ৰৰ দ্বাৰা নিৰ্মিত বিন্দি বজাৰলৈ অহাৰ লগে লগে হাজাৰ হাজাৰ টিকুলি শিল্পী নিবনুৱা হৈ পৰিছিল, আৰু টিকুলি কলা যান্ত্রিকতাৰ মাজত হেৰাই গৈছিল। এই কলাক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত চিত্ৰাচাৰ্য পদ্মশ্ৰী উপেন্দ্ৰ মহাৰথীয়ে এককভাৱে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। শিল্পী, কাৰিকৰ আৰু চিত্ৰশিল্পী শ্ৰী অশোক কুমাৰ বি...

তাঞ্জোৰ লোকচিত্ৰ

Image
  দক্ষিণ ভাৰতৰ এক ধ্ৰুপদী লোককলা থাঞ্জাভুৰ চিত্ৰ  যাক তাঞ্জোৰ চিত্ৰবুলিও জনা যায় –যি সেই বিশেষ  অঞ্চলটোৰ সমৃদ্ধ শৈল্পিক পৰম্পৰাৰ এক উৎসৱ, যাক ভাৰতৰ তামিলনাডুৰ থাঞ্জাভুৰ চহৰৰ নামেৰে নামাকৰণ কৰা হৈছে। তাঞ্জোৰ চিত্ৰবোৰ জীৱন্ত ৰং আৰু গৌৰৱময় অলংকাৰ, বিশেষকৈ সোণৰ পাত ব্যৱহাৰ কৰি অংকন কৰা হয় যি দেৱতাসকলৰ অত্যাধিক চিত্ৰণৰ বাবে জনাজাত।  যদিও এইবিধ লোককলাত বিগত বছৰবোৰত বিভিন্ন পৰিৱৰ্তন আহিছে, ই আজিও কলাপ্ৰেমীসকলৰ মাজত জনপ্ৰিয় হৈ আছে। তাঞ্জোৰ চিত্ৰকলাই ষোড়শ শতিকাৰ ভাৰতীয় কলাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল, যেতিয়া বিজয়নগৰ ৰায়সকলে নায়ক ৰাজ্যপালৰ জৰিয়তে দক্ষিণ ভাৰতত তেওঁলোকৰ বিশাল ৰাজ্য পৰিচালনা কৰিছিল।  নায়কসকল কলা আৰু সাহিত্যৰ মহান পৃষ্ঠপোষক আছিল। ১৬৭৬ চনত এই অঞ্চলত মাৰাঠা শাসন প্ৰতিষ্ঠা কৰা হয় আৰু মাৰাঠা শাসকসকলে কলা আৰু শিল্পীসকলৰ বিকাশত উদগনি দিয়ে।  মাৰাঠা প্ৰাসাদ আৰু অট্টালিকাবোৰ দেৱতাসকলৰ লগতে মাৰাঠা শাসক, সভাসদ আৰু আভিজাত্যৰ বৃহৎ চিত্ৰৰে সজ্জিত আছিল।  প্ৰায় সকলো দেৱতাক বৃত্তাকাৰ মুখ, বাদামৰ আকৃতিৰ চকু আৰু সুশৃংখল শৰীৰেৰে দেখুওৱা হৈছিল।  মাৰাঠা...

কেৰালাৰ ম্যুৰাল চিত্ৰ

Image
  কেৰালাৰ ম্যুৰাল চিত্ৰসমূহ অঞ্চলটোৰ সংস্কৃতি আৰু শৈল্পিক পৰম্পৰাৰ আটাইতকৈ প্ৰতিষ্ঠিত প্ৰতীক হৈ আছে।  ভাৰতৰ 'অংকন' পৰম্পৰাৰ ভিতৰত আটাইতকৈ পুৰণি হৈছে অজন্তা গুহাৰ দেৱালত খোদিত জাটাকা টেলচ। তাৰ পৰা, বৌদ্ধ ,ভিক্ষুসকলে ইয়াক পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ লৈ যায়, য'ত সংস্কৃতিৰ সংশ্লেষণৰ জৰিয়তে কলাৰ বিকশিত হয়। কেৰালাত, ম্যুৰাল কলাৰ পৰম্পৰা খ্ৰীঃ অষ্টম শতিকাৰ পৰা পোৱা যায়।  কেৰালাৰ প্ৰথমখন ম্যুৰাল চিত্ৰ তিৰুনান্দিকাৰা গুহা মন্দিৰত থকা বুলি কোৱা হয়। কেৰালাৰ ম্যুৰাল চিত্ৰসমূহ বেছিভাগ চতুৰ্দশ শতিকাৰ। কেৰালাত ১৫০ তকৈও অধিক মন্দিৰ আছে য'ত প্ৰাচীন ম্যুৰাল কলা আছে। প্ৰাৰম্ভিক চিত্ৰসমূহ কেৰালাৰ ভৌগোলিক অৱস্থা আৰু প্ৰকৃতিৰ দ্বাৰা প্ৰভাৱিত হৈছিল। পিছলৈ সাংস্কৃতিক ক্ষেত্ৰ আৰু ভক্তি আন্দোলনেও চিত্ৰশিল্পীসকলক অনুপ্ৰাণিত কৰিছিল। দেৱতাসকলক প্ৰশংসা কৰিবলৈ মাটিত থকা 'কালামেঝুথু'ৰ আনুষ্ঠানিক অংকনবোৰো উদ্ভৱ হৈছিল। সম্ভৱতঃ এনেকুৱা প্ৰতিনিধিত্বৰ পৰাই ম্যুৰাল চিত্ৰৰ উদ্ভৱ হৈছিল।  দক্ষিণ ট্ৰাভাঙ্কোৰৰ পদ্মনাভপুৰম প্ৰাসাদৰ ম্যুৰালত দেখুওৱা মহিলাসকলৰ দীঘল মুখ আৰু সুগঠিত শৰীৰ আছে। মাটানচেৰী প্ৰ...

ৱাৰ্লি লোকচিত্ৰ

Image
  ৱাৰ্লি লোকচিত্ৰ হৈছে মুখ্যতঃ সহদ্ৰীৰ উত্তৰ অঞ্চলৰ জনজাতীয় লোকসকলৰ দ্বাৰা সৃষ্টি কৰা এক প্ৰকাৰৰ জনজাতীয় কলা।এই ৱাৰ্লি জনজাতীয় চিত্ৰকলাৰ প্ৰথম উৎপত্তি মহাৰাষ্ট্ৰত হৈছিল। এইটো ইতিহাসৰ আটাইতকৈ পুৰণি প্ৰকাৰৰ কলা বুলি বিশ্বাস কৰা হয়। ৱাৰ্লি কলা হৈছে মহাৰাষ্ট্ৰৰ এক লোককলা যি মৌলিক জ্যামিতিক আকৃতি যেনে: এটা বৃত্ত, ত্ৰিভুজ, আৰু এটা বৰ্গৰ এক সংহতি।পুৰণি কালত, ৱাৰ্লি কলা বিশেষ অনুষ্ঠানত দেৱালত অংকন কৰা হৈছিল। চিত্ৰখন মুগা পৃষ্ঠভূমিত কৰা হৈছিল যিটো মূলতঃ বোকা আৰু গোবৰৰ মিশ্ৰণ আছিল।ৱাৰ্লি কলাৰ আটাইতকৈ জনপ্ৰিয় বিষয়বস্তুবোৰৰ ভিতৰত এটা হৈছে এটা কেন্দ্ৰৰ চাৰিওফালে মানুহৰ এটা সৰ্পিল শৃংখলা। এইটো তেওঁলোকৰ বিশ্বাস যে জীৱন হৈছে এক চিৰন্তন যাত্ৰা, আৰু ইয়াৰ কোনো আৰম্ভণি আৰু সমাপ্তি নাই।আধুনিক প্ৰযুক্তিৰ আগমনৰ লগে লগে, এইবিধ কলাই ক্ৰমান্বয়ে স্বীকৃতি আৰু প্ৰশংসা লাভ কৰিছে কিয়নো কেইবাটাও অনলাইন প্লেটফৰ্ম উদ্ভৱ হৈছে যিয়ে এইবিধ কলাৰ ব্যৱসায়িক দিশটোৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰি নতুন বজাৰ মুকলি কৰিছে আৰু এই বিশেষ কলাৰ বিষয়ে অধিক সজাগতা সৃষ্টিৰ ওপৰত প্ৰধান্যতা আৰোপ কৰ...

কালিঘাট লোকচিত্ৰ

Image
  উজ্জ্বল ৰং আৰু ৰূপৰেখাৰ দ্বাৰা চিহ্নিত, কালিঘাট চিত্ৰকলা পশ্চিম বংগৰ ১৯ শতিকাৰ কলকাতাত ভাৰতীয় চিত্ৰকলাৰ এক অনন্য ধাৰা হিচাপে বিকশিত হৈছিল। দেৱতা আৰু অন্যান্য পৌৰাণিক চৰিত্ৰৰ চিত্ৰণৰ পৰা, এই চিত্ৰবোৰ সময়ৰ লগে লগে বিভিন্ন বিষয়বস্তু প্ৰতিফলিত কৰিবলৈ বিকশিত হৈছিল। জনশ্ৰুতি অনুসৰি, ভগৱান শিৱ কৈলাশ পৰ্বতৰ ওপৰত গভীৰ ধ্যানত নিমগ্ন আছিল যেতিয়া তেওঁ তেওঁৰ সহধৰ্মিনী সতীৰ মৃত্যুৰ খবৰ পাইছিল, যি হৈছে কালী দেৱীৰ অৱতাৰ বা মানৱ প্ৰকাশ। তেওঁ সতীৰ শৰীৰটো কান্ধত মেৰিয়াই কেইবাদিনো ঘূৰি ফুৰিছিল আৰু অসহনীয় শোকত পৃথিৱীখন ধ্বংস কৰাৰ ভাবুকি দিছিল।বিষ্ণুৱে সতীৰ শৰীৰটো ৫১ ত ভাগত বিভক্ত কৰিছিল।সতীৰ সোঁ ভৰিৰ সৰু আঙুলিটো হুগলী নদীৰ ঠাইত পৰিছিল বুলি কোৱা হৈছিল, আৰু এই স্থানৰ পৰা অঞ্চলটো কালী দেৱীৰ সৈতে সম্পৰ্কিত হৈ পৰিছিল।১৬৯০ ৰ দশকলৈ, যেতিয়া ই কলকাতা চহৰৰ অংশ হৈছিল, তেতিয়া ইতিমধ্যে কালী বা কালিক্ষেত্ৰৰ পৱিত্ৰ ৰাজ্য হিচাপে পৰিচিত আছিল।হুগলী নদীৰ পাৰত থকা বেংগলী ঘাট তীৰ্থযাত্ৰীসকলৰ বাবে কালীঘাট বুলি জনা গৈছিল, আৰু সম্ভৱতঃ সপ্তদশ আৰু অষ্টাদশ শতিকাত সেই স্থানত এটা মন্দিৰ নিৰ্মাণৰ কাম আৰ...

গণ্ড আৰ্ট(Gond Art)

Image
  ভাৰতবৰ্ষত জনজাতীয় কলাই দেশৰ প্ৰাচীন ঐতিহ্যক,  জীৱন দর্শনক সুন্দৰৰূপত পৰিস্ফুট কৰে। ইয়াৰ ভিতৰত, গণ্ড আৰ্ট মধ্য ভাৰতৰ অন্যতম বৃহৎ জনজাতি গণ্ড সকলৰ অনন্য কলা। কল্পনাশীল, জীৱন্ত আৰু ৰহস্যময়, এই চিত্ৰসমূহ মূলতঃ তেওঁলোকৰ ঘৰৰ দেৱালত অংকন কৰা হৈছিল। বৰ্তমান সময়ত বহুতো গণ্ড শিল্পীয়ে কাগজ আৰু কেনভাচত এই চিত্ৰ অংকন কৰিছে।বেছিভাগ জনজাতীয় কলাৰ দৰে, গণ্ড কলাৰ মূল-লোককাহিনী আৰু লোকসংস্কৃতি।গণ্ড চিত্ৰসমূহে জনজাতীয় জীৱনৰ প্ৰায় প্ৰতিটো দিশ দেখুৱায়।স্থানীয় উদ্ভিদ, প্ৰাণী, দেৱ-দেৱী, উৎসৱ-পাৰ্বন, লোক-কাহিনী আৰু পৌৰাণিক কাহিনী সকলোবোৰ তেওঁলোকৰ কলাৰ জৰিয়তে প্ৰতিনিধিত্ব কৰা হয়।গণ্ড কলাক প্ৰকৃতিৰ উপাসনাত এক নৈবেদ্য বুলি বিশ্বাস কৰা হয়। চিত্ৰবোৰ উজ্জ্বল আৰু ৰঙীন।এঙাৰ , মাটি, উদ্ভিদৰ ৰস, পাত আৰু গোবৰৰ পৰা আহৰণ কৰা প্ৰাকৃতিক ৰঙেৰে এইবিধ চিত্ৰ অংকন কৰা হয়। যদিও গণ্ড কলা প্ৰায় শ শ বছৰ ধৰি চলি আহিছে, কিন্তু 1980 ৰ দশকতহে এই কলাবিধে  স্বীকৃতি আৰু খ্যাতি লাভ কৰিছিল। এজন গণ্ড শিল্পী জনগড় সিং শ্যামৰ শিল্পকৰ্মই আন্তৰ্জাতিক প্ৰশংসা লাভ কৰিছিল আৰু তেওঁক চিত্ৰপ্ৰদৰ্শনীৰ বাবে  ...

স্বপ্ন সমাধি

Image
স্বপ্ন সমাধি ডিম্বেশ্বৰ বৰা       স্বপ্ন সমাধি ডিম্বেশ্বৰ বৰাৰ দ্বাৰা লিখিত এখন প্ৰেমৰ উপন্যাস য'ত বকুলপুৰৰ এহাল প্ৰেমিক প্ৰেমিকা মৃণাল আৰু মৌচুমীৰ ৰূপোৱালী প্ৰেম কাহিনীৰ এখনি প্ৰতিচ্ছবি অংকন কৰা হৈছে।অন্ধবিশ্বাসৰ কবলত পৰি কেনেকৈ নিজৰ ফুলকুমলীয়া জীয়েকক পৰিয়ালৰ লোকে  হেৰুৱাইছিল তাৰেই কাহিনী বৰ্ণিত কৰা হৈছে।শৈশৱতেই মৃণাল আৰু মৌচুমী দুয়োৱে নিজ হাতে সাজিছিল বুটা বছা প্ৰেমৰ পুতলাঘৰ।হেঁপাহবোৰ গজি ভালপোৱাৰ ফুলনিখন জকমকাই উঠিবলৈ নৌপাওঁতেই পৰিয়ালৰ লোক দুয়োৰে মিলনত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছিল।অন্ধবিশ্বাসৰ বলি হৈ মৌচুমীৰ মৃত্যু হৈছিল।অথচ মৌচুমীৰ কায়িক মৃত্যুৰ পাছতো মৃণাল আৰু মৌচুমীৰ নীলাভ প্ৰেম হিল্লোলিত আৰু অমৰ হৈ পৰিছিল।

আংকুশ

Image
আংকুশ জুৰী বৰা বৰগোঁহাঞি। উপন্যাসবোৰৰ মাজত বিচাৰি পাওঁ এমুঠি প্ৰত্যয়,এধানমান আশা,উপন্যাসৰ পাততেই আছে সাহস,শক্তি আৰু জীয়াই থকাৰ অমোঘ মন্ত্ৰ। " বাগিচাই বাগিচাই জ্বলি থাকে এমিলি লছমীৰ হাত" ... চাহ বাগিচাৰ এখনি  জীয়া প্ৰতিচ্ছবি প্ৰতিফলিত হোৱা  "আংকুশ" জুৰি বৰা বৰগোহাঞি ৰ দ্বাৰা লিখিত এখন জনপ্ৰিয় উপন্যাস।  – “যদি মিল্টনৰ পেৰেডাইজ লষ্ট নাটকৰ নৰক বৰ্ণনা পাঠ কৰিছা, যদি মেঘনাথ বধৰ ভীষণ যমপুৰীৰ চিত্ৰ কেতিয়াবা মনত আঁকিছা, যদি ৰবিনছন ক্ৰুছ’ৰ বনবাসৰ কথা শুনিছা তেনেহ’লে এই স্থানৰ চিত্ৰ হৃদয়ংগম কৰিবলৈ সমৰ্থ হ’বা। প্ৰত্যেকখন চাহ বাগিচাত এইসমূহৰ সমাৱেশ আছে।” চাহ বাগিচাৰ লোকসকল আজিও মালিক পক্ষৰ দ্বাৰা শোষিত,নিষ্পেষিত,অৱহেলিত এটা শ্ৰেণী।তেওঁলোক এনে এখন অন্ধকাৰ পৃথিৱীত বাস কৰে য'ত ইকৰাৰ জলঙাৰেও সৰকি নাহে পোহৰৰ অনু।আজিও তেওঁলোকে প্ৰাপ্য বেতনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হয়।উপন্যাসখনতো চাবুৱাৰ এখন চাহ বাগিচাৰ কৰ্মী সকলে তেওঁলোকৰ প্ৰাপ্য মৰ্যাদাৰ বাবে মালিকপক্ষৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইদিশত নেতৃত্ব লৈছে উল্লেখিত চাহ বাগিচা খনৰে যুৱক ৰঘু হাছদাই।ৰঘু, ফুলমণি,ধনমণি,কদম, ...

ঐয়া মোৰ ডিব্ৰু ছৈখোৱা

Image
  গ্ৰন্থ : ঐয়া মোৰ ডিব্ৰু ছৈখোৱা  ডাঃ নীলাক্ষী চলিহা গগৈ অনুপম শব্দৰ সমলয় আৰু ব্যতিক্রমধৰ্মীতাৰে লিখি উলিওৱা ডাঃ নীলাক্ষী চলিহা গগৈৰ "ঐয়া মোৰ ডিব্ৰু ছৈখোৱা" এখনি সুখপাঠ্য উপন্যাস।উপন্যাস খনৰ পটভূমি ডিব্ৰু ছৈখোৱাৰ লাইকা-দধিয়া অঞ্চল। অসমৰ সেই অৰণ্যাঞ্চল সমূহত বসতি স্থাপন কৰি অহালোকসকলৰ অৱস্থা আজিৰ এই একবিংশ শতিকাতো অতিকৈ পুতৌজনক।আজিৰ তাৰিখতো ৰাস্তা-ঘাট,যাতায়ত ব্যৱস্থা, শিক্ষা, স্বাস্থ্য-সেৱা সকলোতে বহুযোজন বাট পিছপৰি ৰোৱা অন্ধবিশ্বাস, কু-সংস্কাৰেৰে ভাৰাক্ৰান্ত ডিব্ৰু ছৈখোৱা অঞ্চলৰ লাইকা দধীয়া ঠাইৰ লোকসকলৰ নিৰ্মম বাস্তৱৰ বিষয়ে ঔপন্যাসিক গৰাকীয়ে উপন্যাসখনত বলিষ্ঠৰূপত অংকন কৰিছে।প্ৰেম,বিষাদ,যন্ত্ৰণা সকলোবোৰ উপাদান উপন্যাসখনত বিজড়িত হৈ আছে।উপন্যাসখনৰ 'সেউজ' নামৰ চৰিত্ৰটোৱে পাঠকৰ হৃদয়ত ঠাই লৈছে।অৰণ্য এখনৰ আভ্যন্তৰীণ ক্ষেত্ৰখনত দৈনন্দিন বিভিন্ন ঘটনা-পৰিঘটনা যেনে: ভূমি অধিগ্ৰহণ,চোৰাংচিকাৰীৰ তাণ্ডৱ,বানপানীৰ দৰে প্ৰাকৃতিক সমস্যা ইত্যাদি সংঘটিত হৈ থাকে।এখন প্ৰসিদ্ধ ৰাষ্ট্ৰীয় উদ্যান হিচাপে খ্যাত ডিব্ৰু ছৈখোৱা ক পৰ্যাপ্ত সুৰক্ষা প্ৰদানৰ ওপৰত অত্যাধিক মনোনিবেশ কৰিব লাগে আৰু তাৰ সমা...

পথসন্ধি

Image
  উপন্যাস:পথসন্ধি ডঃ ৰীতা চৌধুৰী হৃদয়ৰ অনুভৱক বলিষ্ঠ শব্দৰে সজাই প্ৰতিটো কাহিনীক এক অভিনৱ ৰূপ প্ৰদান কৰা ডঃ ৰীতা চৌধুৰী বাইদেউৰ প্ৰতিখন উপন্যাসেই মোৰ মনত বৰ্ণাভ স্থিতি দখল কৰি আছে।শেহতীয়াকৈ পঢ়ি শেষ কৰিছিলোঁ তেখেতৰ আন এখন হিমৰ দৰে সংবেদনশীল শব্দ আৰু বাক্যগাঁথনিৰে লিখি উলিওৱা উপন্যাস-পথসন্ধি।জীৱনৰ বাটত খোজ দিওঁতে কোনোৱে এক মসৃণ পথৰ গৰাকী হয় আৰু তাৰ বিপৰীতে কোনোৱে পাই কণ্টকময়, একা-বেঁকা পথ।অঞ্জলি আৰু সুমনা উপন্যাসখনৰ প্ৰধান চৰিত্ৰ।সুমনাৰ মুখত সদায় এক আভিজাত্য আৰু ঐশ্বৰ্যৰ জিলিঙনিয়ে তিৰবিৰাই থাকিছিল।সুমনা যেন এখন সপোনপুৰীৰ ৰাজকুমাৰী।কিন্তু অঞ্জলিৰ সেই ভীত, উদাসীন চকুযুৰিত নাছিল কোনো সপোনৰ অৱগুন্থন।পিতৃ পৰিচয়ৰ পৰা বঞ্চিত অঞ্জলিৰ শৈশৱৰ এছোৱা তাৎপৰ্যপূৰ্ণ সময় জুপুৰীৰ মাজতেই পাৰ কৰিছিল।ঔপন্যাসিক গৰাকীয়ে আৰম্ভণিতেই উল্লেখ কৰিছে যে 'তিনিটা বিশেষ পথসন্ধি লগ লাগি গঢ় লৈছে এই কাহিনী'। জিলা উপায়ুক্ত হিচাপে প্ৰতিষ্ঠা,যশস্যা লাভ কৰা অঞ্জলি কুমাৰীৰ জীৱনৰ পহিলা সময়ছোৱা অত্যন্ত পীড়াদায়ক আছিল।মানসিকভাৱে অক্ষম অঞ্জলিৰ মাতৃ মাকন চৰিত্ৰটোৱেও উপন্যাসখনত এক  অনন্য মাত্ৰা প্ৰদান কৰিছে।অঞ্জলিৰ ৰূমমেট সুম...

উচ্চাকাংক্ষা-হোমেন বৰগোহাঞি

Image
ইউকেলিপ্টাছৰ দৰে ওখ হোৱাৰ সেউজীয়া সপোন প্ৰায় সকলোৰে থাকে।কিন্তু সেই অভিপ্সা বহুজনৰ অপূৰ্ণ হৈ ৰয়।সোণালী ৰূপালী মাছবোৰৰ দৰেই আমাৰ মনত অসংখ্য ভাৱনা,অসংখ্য সপোনে খেলা কৰে।সেই সপোন পূৰণ কৰিবলৈ প্ৰয়োজন হয় প্ৰচুৰ একাগ্ৰতা,অধ্যৱসায়,ধৈৰ্য, সাহস আৰু প্ৰচণ্ড বতাহ ধুমুহাতো হালি হালিও উঘালি নপৰা কঁহুৱাৰ দৰে ব্ৰজসম দৃঢ়তা।এই ক্ষেত্ৰত লেখকে টমাছ আলভা এডিছনে বাল্ব নিৰ্মাণৰ কামত এহাজাৰ দুশবাৰ অকৃতকাৰ্য হোৱাৰ পাছতো এদিন সম্ভাৱনাৰ ফিৰিঙতি বোৰ ফুৱাই ফুৱাই কিদৰে কৃতকার্যতাৰ লেলিহান শিখালৈ ৰূপান্তৰিত কৰিছিল সেই কাহিনী সুন্দৰকৈ উপস্থাপন কৰিছে। আমেৰিকাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি জৰ্জ ৱাছিংতনে জীৱনত নিজা ধৰণেৰে উজ্জ্বলি উঠা লোকসকলৰ কথাবাৰ্তা আৰু আচৰণ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি এই কথা প্ৰতীয়মান কৰিছিল যে জীৱনত স্বৰ্ণউজ্জল শিখৰত উপনীত হ'বলৈ হ'লে  এগৰাকী ব্যক্তি বুদ্ধিমান আৰু প্ৰচুৰ অধ্যৱসায়ী হোৱাৰ সমান্তৰালভাৱে সজ চৰিত্ৰ আৰু সজ আচৰণৰ ওপৰতো মনোনিৱেশ কৰিব লাগিব।দয়া,শ্ৰদ্ধা,বিনম্ৰতা,পৰোপকাৰীতা,সততা,সংযমতা,সত্যবাদিতা,সৌন্দৰ্য-প্ৰীতি ইত্যাদি মানৱীয় প্ৰমূল্যবোধৰ  উৎকৰ্ষ সাধন কৰিবলৈ প্ৰতিগৰাকী ব্যক্তিয়ে চেষ্টা কৰিব...

ব'ৰাগী নদীৰ ঘাট

Image
 ব'ৰাগী নদীৰ ঘাট অনুৰাধা শৰ্মা পূজাৰী নিজে এখন দোকান দি আত্মনিৰ্ভৰশীল হোৱা, মাক কনকা আৰু বিধবা ভনী মাকনৰ দায়িত্ব সুচাৰুভাৱে পালন কৰা তাৰ সমান্তৰালভাৱে চুবুৰীটোৰ প্ৰতি থকা সকলো দায়িত্ব নিষ্ঠা আৰু সততাৰ সৈতে সম্পাদন কৰি যোৱা ধৰণী দলে নামৰ চৰিত্ৰটি উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ।ধৰণী, নয়নতৰা,মিছেছ খান্না,মহেশ দাস, বসন্ত, নকুল,চিত্ৰা, ছিম্পল,গৰ্ডন চাহাব, জগত সিঙ,ধনঞ্জয়,চন্দ্ৰ,দিপু, শৈবাল,বাহাদুৰ, ফুলমনি,নন্দ,  মহচিন ইত্যাদি বিভিন্ন চৰিত্ৰৰ সমাৱেশে উপন্যাসখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।চিৰজীৱন ব'ৰাগী হৈ থকাৰ পণ লোৱা ধৰণীয়ে  শেষত মিছেছ খান্নাক বিয়া পতাৰ সিদ্ধান্ত  গ্ৰহণ কৰিছিল যদিও এই বিয়াখন বাস্তৱত হৈ উঠা নাছিল।প্ৰেম-বিষাদ,হাঁহি-অশ্ৰুৰে ভৰা নয়নতৰাৰ জীৱন ৰণাংগন, মিচেছ জে খান্না আৰু ধৰণীৰ সম্পৰ্কই উপন্যাসখনৰ জনপ্ৰিয়তাত সেউজী ৰহণ সানিছে।  প্রিয় সংলাপ: ☘️"নদীক কোনেও বাধা দিব নোৱাৰে , নদী ব'ৰাগী।" ☘️"নদীয়ে যদি ঘাট ভাল পাই ৰৈ যায় , তেন্তে নদীৰ ধৰ্মই সলনি হৈ যাব।" ☘️"নদীৰ ঠিকনা নাথাকে।" ☘️ বিশ্বাস শব্দটোৱেই বৰ বিশ্বাসঘাটক। ☘️"কিছুমান কথা সংক্ষেপেই ...

নাহৰৰ নিৰিবিলি ছাঁ

Image
 নাহৰৰ নিৰিবিলি ছাঁ অনুৰাধা শৰ্মা পূজাৰী প্রিয় সংলাপ:  1.শত্ৰুৰ চুমা মোক নালাগে,বন্ধুৰ ভুকু এটাহে বিচাৰোঁ।  2.মোৰ জগতখন ক্ষুদ্ৰ সেইবাবেই মই সন্তুষ্ট।  3.দৰিদ্ৰতা বৰ ভয়ানক বস্তু নন্দিতা।ই নিগনিৰ দৰে,কেতিয়া সংগোপনে বাহলৈ তোমাৰ মূল্যৱান সকলো নি কুটি চাৰ-খাৰ কৰি নিঃস্ব কৰিব গমেই নোপোৱা। 4.কৃত্ৰিমতা থাকিলে সম্পৰ্ক নকল হৈ যায়। 5.যি সম্পৰ্কত হেৰুৱাৰ ভয় নাই,বিচ্ছেদৰ ভয় নাই,সন্দেহৰ  স্থান নাই -সেয়াইতো প্ৰেম।  6.অবিশ্বাসী অসৎ স্বাৰ্থপৰ মানুহ পোৱা সহজ,কিন্তু বিশ্বাস আৰু নিঃস্বাৰ্থ মানুহ জীৱনৰ সম্পদ। 7.বুজিছ তই মই আচলতে প্ৰথমে বন্ধু। পাৰ্টি বন্ধুতকৈ ডাঙৰ হ'ব নোৱাৰে ।মই মোৰ আদৰ্শ ৰক্ষা কৰিও তোৰ সৈতে বন্ধুত্ব ৰাখিব পাৰোঁ। 8.মই কেৱল মোক বিশ্বাস কৰোঁ।মই মোৰ দেশ,মোৰ জাতি,নৈ-পাহাৰ,জান-জুৰি,বতাহ পখিলা,আনকি শিয়াল টেঙৰ বুদ্ধিজীৱী,পেট কপটীয়া প্ৰতিবেশী,ঈৰ্ষাকাতৰ বন্ধু,বিশ্বাসঘাটক প্ৰেমিকা,ভোদা-অঁকৰা খেতিয়ক এই সকলোবোৰ একেলগে ভাল পাওঁ।একমাত্ৰ কাৰন এওঁলোক অসমীয়া।এইবোৰ অসমীয়া চৰিত্ৰ বেয়া পালেওঁ ভাল পাওঁ। 9.যোগ্যতা ভিক্ষা কৰিব নোৱাৰো। আমাৰ আত্মসন্মানত লাগে। 10.নিজৰ কামত সৎ হৈ থকাটোও জ...

গ্ৰন্থ টোকা-কাঞ্চন অনুৰাধা শৰ্মা পূজাৰী

Image
  আৰ্থিক অভাৱ অনাটনৰ মাজত ডাঙৰ দীঘল হোৱা কাঞ্চন ওৰফে কাঞ্চনবালা দাস উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ।দেউতাকৰ মৃত্যুৰ পাছত  কাঞ্চনৰ পৰিয়াললৈ নামি আহিছিল এচমকা কলীয়া ডাৱৰ।যিয়ে তচ নচ কৰি পেলাইছিল চাৰিটাকৈ জীৱন।কিন্তু ঘোৰ আন্ধাৰ ফালি যেন বেলি ওলাবলৈ উকমুকাইছিল। অভাৱ অনাটনে অথাই সাগৰত পেলোৱা কাঞ্চনে বেমাৰী মাকৰ চিকিৎসাৰ বাবে, ভায়েকৰ পঢ়াৰ খৰছ উলিয়াবৰ বাবে, নিজৰ তিনিজনীয়া পৰিয়ালৰ পেটৰ বাবে যিকোনো পৰ্যায় অতিক্ৰম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।এনেদৰেই আৰম্ভ হৈছিল কাঞ্চনৰ নৰক সদৃশ জীৱনৰ আৰম্ভণি। চাকৰি লাভৰ আশাত প্ৰথমে ননী আৰু তাৰ পাছত বহু কেইগৰাকী উচ্চ পদস্থ বিষয়াৰ লগত কাঞ্চনৰ স্ব-ইচ্ছাই শাৰীৰিক সম্পৰ্ক হৈছিল।কাঞ্চনৰ চাকৰি জীৱন আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত আকাশ জ্যোতি ফুকন নামৰ এজন বিষয়াৰ লগত কাঞ্চন প্ৰেমৰ সম্পৰ্কত বান্ধ খাই পৰিছিল।কাঞ্চনৰ সমাহিত চকুহাল,দীঘল ঢৌ খেলা চুলি আৰু লাস্যময়ী সৌন্দয্যই সকলোকে তাইৰ প্ৰতি আকৃষ্ট কৰিছিল।একমাত্ৰ নিজৰ নিকৃষ্ট স্বাৰ্থ পূৰণ কৰিবলৈ গৈ আকাশ জ্যোতি ফুকনে কাঞ্চনৰ লগত মলিয়ন ধেমালি খেলিছিল।আন বহুজনৰ সৈতে মিলি তাইৰ শৰীৰ আৰু মন দুয়োটাকেই ধৰ্ষণ কৰিছিল।এনে ঘটনাৰ পৰিশেষত ...